--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ পাছত এইবাৰ পাকিস্তানেও এইবাৰ ‘বাজবল ক্ৰিকেট’ খেলিব! পাকিস্তানৰ প্ৰশিক্ষক গ্ৰাণ্ট ব্ৰেডবাৰ্নে এই ইংগিত দিছে। তেওঁ বিচাৰে পাকিস্তানে টেষ্ট, এদিনীয়া বা টি-২০ত আগ্ৰাসী ক্ৰিকেট খেলিব লাগে। তেওঁ দাবী কৰে যে এদিনীয়া বিশ্বকাপতো পাকিস্তানক নতুন মুডত দেখা যাব।

উল্লেখ্য যে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককালাম ইংলেণ্ড টেষ্ট দলৰ প্ৰশিক্ষক হোৱাৰ পিছত ৰেডবল ক্ৰিকেটৰ ধাৰণা সলনি কৰে। তেওঁ বেন ষ্ট’কছক বাজবল ক্ৰিকেট খেলিবলৈ নিৰ্দেশ দিছিল। ইংলেণ্ডৰ প্ৰশিক্ষক ব্ৰেণ্ডন মেককালাম আক্ৰমণাত্মক ক্ৰিকেটৰ বাবে বিখ্যাত। তেওঁৰ ডাকনাম ‘বাজ’ৰ বাবে ইংলেণ্ডৰ ক্ৰিকেটক বাজবল বুলি কোৱা হয়।

ক্ৰিকেট মহলত ইংলেণ্ডৰ বাজবল ক্ৰিকেটৰ বিষয়ে আলোচনা চলিছে। বহু প্ৰশিক্ষক মেককালামৰ ক্ৰিকেট দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ ব্যতিক্ৰম নহয় পাকিস্তানৰ প্ৰশিক্ষক ব্ৰেডবাৰ্নো। তেওঁও মেককেলামৰ দৰে নিউজিলেণ্ডৰ খেলুৱৈ। তেওঁ অনুভৱ কৰে যে আধুনিক ক্ৰিকেট যিদৰে আগবাঢ়িছে, আক্ৰমণাত্মক হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। তেওঁ বাবৰক এদিনীয়া বিশ্বকাপতো আগ্ৰাসী ক্ৰিকেট খেলিবলৈ নিৰ্দেশ দিছে৷

বাজবল খেলিবলৈ সাজুনে পাকিস্তানী ক্ৰিকেটাৰসকল? ব্ৰেডবাৰ্নে কয়- ‘‘আমি কেইটামান ক্ষেত্ৰত উন্নতি কৰিব লাগিব। কিছুমান দক্ষতা আয়ত্ত কৰিব লাগিব। ইনজামাম-উল-হক মুখ্য নিৰ্বাচক হোৱাটো সুবিধা হ’ব। ক্ৰিকেট সম্পৰ্কে ইনজামামৰ চিন্তা বহুত স্পষ্ট। আমি তেওঁৰ ধাৰণা ব্যৱহাৰ কৰিব বিচাৰো।'' আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাৰ পৰা নতুন ক্ৰিকেট আৰম্ভ কৰিব বিচাৰিছে ব্ৰেডবাৰ্নে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক