--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ পাছত এইবাৰ পাকিস্তানেও এইবাৰ ‘বাজবল ক্ৰিকেট’ খেলিব! পাকিস্তানৰ প্ৰশিক্ষক গ্ৰাণ্ট ব্ৰেডবাৰ্নে এই ইংগিত দিছে। তেওঁ বিচাৰে পাকিস্তানে টেষ্ট, এদিনীয়া বা টি-২০ত আগ্ৰাসী ক্ৰিকেট খেলিব লাগে। তেওঁ দাবী কৰে যে এদিনীয়া বিশ্বকাপতো পাকিস্তানক নতুন মুডত দেখা যাব।

উল্লেখ্য যে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককালাম ইংলেণ্ড টেষ্ট দলৰ প্ৰশিক্ষক হোৱাৰ পিছত ৰেডবল ক্ৰিকেটৰ ধাৰণা সলনি কৰে। তেওঁ বেন ষ্ট’কছক বাজবল ক্ৰিকেট খেলিবলৈ নিৰ্দেশ দিছিল। ইংলেণ্ডৰ প্ৰশিক্ষক ব্ৰেণ্ডন মেককালাম আক্ৰমণাত্মক ক্ৰিকেটৰ বাবে বিখ্যাত। তেওঁৰ ডাকনাম ‘বাজ’ৰ বাবে ইংলেণ্ডৰ ক্ৰিকেটক বাজবল বুলি কোৱা হয়।

ক্ৰিকেট মহলত ইংলেণ্ডৰ বাজবল ক্ৰিকেটৰ বিষয়ে আলোচনা চলিছে। বহু প্ৰশিক্ষক মেককালামৰ ক্ৰিকেট দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ ব্যতিক্ৰম নহয় পাকিস্তানৰ প্ৰশিক্ষক ব্ৰেডবাৰ্নো। তেওঁও মেককেলামৰ দৰে নিউজিলেণ্ডৰ খেলুৱৈ। তেওঁ অনুভৱ কৰে যে আধুনিক ক্ৰিকেট যিদৰে আগবাঢ়িছে, আক্ৰমণাত্মক হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। তেওঁ বাবৰক এদিনীয়া বিশ্বকাপতো আগ্ৰাসী ক্ৰিকেট খেলিবলৈ নিৰ্দেশ দিছে৷

বাজবল খেলিবলৈ সাজুনে পাকিস্তানী ক্ৰিকেটাৰসকল? ব্ৰেডবাৰ্নে কয়- ‘‘আমি কেইটামান ক্ষেত্ৰত উন্নতি কৰিব লাগিব। কিছুমান দক্ষতা আয়ত্ত কৰিব লাগিব। ইনজামাম-উল-হক মুখ্য নিৰ্বাচক হোৱাটো সুবিধা হ’ব। ক্ৰিকেট সম্পৰ্কে ইনজামামৰ চিন্তা বহুত স্পষ্ট। আমি তেওঁৰ ধাৰণা ব্যৱহাৰ কৰিব বিচাৰো।'' আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাৰ পৰা নতুন ক্ৰিকেট আৰম্ভ কৰিব বিচাৰিছে ব্ৰেডবাৰ্নে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক