--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজৱ পৃথিৱীৰ গজৱ কাহিনী। নেজৰ সৈতে জন্মলাভ কৰা এটি শিশুক লৈ এতিয়া জন্ম হৈছে অন্তহীন কৌতূহলৰ। সাক্ষাৎ যেন পৱন পুত্ৰ হনুমানৰ আবিৰ্ভাৱ! ২০নিযুত বছৰ পূৰ্বে হনুমানৰ নেজ হেৰুৱাই পেলাইছিল জীৱ শ্ৰেষ্ঠই। সুদীৰ্ঘ সময়ৰ অন্তৰালত নেজেৰে জন্ম লাভ কৰিছে এটি শিশুই। স্বাভাৱিকতে এই ঘটনাক সাধাৰণভাৱে ল’ব পৰা নাই চিকিত্সমক তথা অভিভাৱকে। সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে এই ঘটনাই। লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলত ১২ চেণ্টিমিটাৰ দীঘল নেজৰ সৈতে এটা কেঁচুৱাৰ জন্ম ঘটনাই সম্প্ৰতি চৰ্চা লাভ কৰা দেখা গৈছে। শিশুটোৰ নেজৰ শেষ অংশটো ক্ৰিকেট বলৰ দৰে ঘূৰণীয়া আছিল। কেঁচুৱাটো জন্মৰ সময়ত উপস্থিত চিকিৎসকসকলে ইয়াক এক বিৰল ঘটনা বুলি অভিহিত কৰিছে। কোটিজন শিশুৰ মাজৰ এটা শিশুৰ ক্ষেত্ৰতহে এনে ঘটনা ঘটে বুলিও সদৰী কৰিছে চিকিৎসকে। শিশুটোৰ জন্মসম্পৰ্কীয় তথ্য আৰু আলোকচিত্ৰ এখন মেডিকেল জাৰ্নেলতো শেহতীয়াকৈ প্ৰকাশ পাইছে।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, কেঁচুৱাটো ব্ৰাজিলৰ উত্তৰ-পূবৰ উপকূলীয় চহৰ ফৰ্টালেজাৰ এলবাৰ্ট চাবিন চিল্ড্ৰেনছ হস্পিটেলত জন্ম হৈছিল। ঘটনাটো ২০২১ চনৰ জানুৱাৰীত সংঘটিত হোৱা বুলি কোৱা হৈছে। গৰ্ভধাৰণৰ প্ৰায় ৩৫ সপ্তাহৰ পাছত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই জন্ম হৈছিল কেঁচুৱাটিৰ। আল্ট্ৰাচাউণ্ড স্কেনৰ পাছত শিশুটিৰ দেহত নেজ থকাৰ কোনো প্ৰমাণ লাভ কৰা নাছিল চিকিৎসকে। অস্ত্ৰোপচাৰৰ সময়ত শিশুটোৱে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল বুলিও সদৰী কৰিছে জাৰ্নেল অব পেডিয়াট্ৰিক চাৰ্জাৰীৰ কেছ ৰিপ'ৰ্টছে।

উল্লেখ্য যে, চিকিৎসকৰ এটা দলে কেঁচুৱাটোৰ জন্মৰ পাছত অস্ত্ৰোপচাৰ কৰিছিল আৰু সফলতাৰে নেজডাল আঁতৰাই দিছিল। গৰ্ভধাৰণৰ চাৰিৰ পৰা ৮ সপ্তাহৰ ভিতৰত সকলো কেঁচুৱাৰ ভ্ৰূণত নেজ বিকশিত হয়। আৰু ই সাধাৰণতে নাইকিয়া হৈ যায়। কিন্তু ভ্ৰূণত ভিতৰত নেজ বিকশিত নোহোৱা আৰু নেজৰ দৈৰ্ঘ্য বৃদ্ধি হোৱা এনে ঘটনা বিৰল বুলি প্ৰকাশ কৰিছে চিকিৎসক মহলে। কেঁচুৱাটোৰ জন্মৰ সময়ত নেজৰ দৈৰ্ঘ্য আছিল ১২ চেণ্টিমিটাৰ। নেজৰ শেষ অংশটোত ৪ চেণ্টিমিটাৰ ব্যাসৰ এটা বলো আছিল। পৰীক্ষাৰ সময়ত নেজত কাৰ্টিলেজ আৰু হাড়ৰ কোনো অংশ পোৱা নাছিল বুলিও জানিবলৈ পোৱা গৈছে। প্ৰণিধানযোগ্য যে, চিকিৎসা বিজ্ঞানৰ ইতিহাসত এতিয়ালৈকে হাড় অবিহনে নেজৰ শিশুৰ জন্মৰ মুঠ ৪০ টা ঘটনা পঞ্জীয়ন কৰা হৈছে। কিন্তু নেজ আঁতৰোৱাৰ কাৰণ কি আছিল বা শিশুটোৱে এই বৰ্ধিত নেজৰ বাবে বিষ আৰু অস্বস্তিত ভুগিছিল নে তেওঁৰ পৰিয়ালে অস্ত্ৰোপচাৰৰ বাবে অনুৰোধ কৰিছিল? সেয়া এতিয়াও স্পষ্ট হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক