--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ যুৱ বিজ্ঞানী বৰ্ণালী দাসে সমগ্ৰ ভাৰতলৈ কঢ়িয়াই আনিলে সাফল্যৰ জোৱাৰ। পাটাছাৰকুছিৰ জীয়ৰী তীক্ষ্ণ মেধাসম্পন্ন বৰ্ণালী দাসে এক গৱেষণাৰ জৰিয়তে মহাকাশত সূৰ্যতকৈও উত্তপ্ত তৰাৰ স্থিতি নিশ্চিত কৰিছে৷ বৰ্ণালীয়ে পুনেৰ Tata Institute of Fundamental Researchৰ National centre for Radio Astrophysicsত ডঃ পুনম চন্দ্ৰাৰ তত্বাৱধানত গৱেষণা কৰি ৮টাকৈ কিছু বিশেষ চৰিত্ৰৰ তৰাৰ সন্ধান পাইছে।এই তৰাবোৰ সূৰ্য্যতকৈ ভালেখিনি ডাঙৰ আৰু তপত, লগতে বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী এই তৰাকেইটা আমাৰ হাতীপটি তাৰকাৰাজ্যৰ বাসিন্দা। পৃথিৱীৰ পৰা অতি কমেও ১৬০আলোকবৰ্ষ দূৰত অৱস্থিত এই তৰাবোৰ।

২০১৯চনৰ মাজভাগৰ পৰাই বিজ্ঞানী দলটোৱে ইয়াৰ পৰ্য্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। অৱশেষত তেওঁলোকে মহাকাশৰ বিৰাট ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'ল। মহাকাশ বিজ্ঞান জগতত আলোড়ন সৃষ্টিকাৰী এই খবৰৰ আঁৰত থকা বৰ্ণালী দাসৰ বিষয়ে এতিয়াও বহু লোক অজ্ঞাত। আমি নিশ্চয়কৈ এই অসম কন্যাৰ বিষয়ে জনা প্ৰয়োজন। জানোচোন আহক তেওঁৰ জীৱন পৰিক্ৰমাৰ বিষয়ে। পাটাছাৰকুছিৰ মুনীন্দ্ৰ নাথ দাস দাদা আৰু হিৰণ কলিতাৰ নুমলীয়া জী বৰ্ণালী। ১৯৯৩ চনৰ ২৯ নবেম্বৰত জন্মলাভ কৰা বৰ্ণালীয়ে ১৯৯৭ চনত পাটাছাৰকুছী শংকৰদেৱ শিশু নিকেতনত নিজৰ শিক্ষাজীৱন আৰম্ভ কৰে । বৰ্ণালী দাসে হাইস্কুলীয়া শিক্ষাও পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনত গ্ৰহণ কৰে। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰে পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত। সৰুৰে পৰা অত্যন্ত মেধাৱী বৰ্ণালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে চতুৰ্থ স্থান লভিবলৈ সক্ষম হৈছিল।

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাত পঞ্চম স্থান পাই উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হংসৰাজ কলেজৰ পৰা সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰত সোণৰ পদকসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে।বৰ্ণালীয়ে ২০১৬চনত কানপুৰ আই আই টিৰ পৰা সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতেই তেওঁ ‘National Centre for Radio Astrophysics’-ত গৱেষণা কৰে৷ এই কেন্দ্ৰটো শীৰ্ষ পৰ্যায়ৰ ‘Tata Institute of Fundamental Research’-ৰ অধীনৰ৷ ২০২২চনৰ প্ৰথম ভাগতে যুৱ বিজ্ঞানী বৰ্ণালীয়ে পোষ্ট ডক্টৰেটৰ বাবে উৰা মাৰিব আমেৰিকালৈ। বৰ্ণালী দাস এনেদৰে এনেদৰে আগুৱাই গৈ থাকক আৰু মহাকাশৰ ভিন্ন ৰহস্য উদ্ঘাটনেৰে মানৱ জাতিক সমৃদ্ধ কৰক। অসম জীয়ৰী তথা পশ্চিমবংগ নন্দীগ্ৰামৰ বোৱাৰী বৰ্ণালী দাস বিজ্ঞানৰ বিৰল সৃষ্টিত জড়িত হৈ পূৰ্ণ সফলতা লাভ কৰক এয়াই Prag Newsৰ ফালৰ পৰা শুভকামনা।

আৰু পঢ়কঃ ‘দেউতা তুমি শুদ্ধ আছিলা,তেওঁ ভাল মানুহ নহয়’! বিয়াৰ ৭ মাহৰ পাছত আত্মহত্যা যুৱতীৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ