--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসা জৰ্জৰিত মণিপুৰলৈ শান্তি -সম্প্ৰীতি ঘূৰাই অনাৰ দাবীত আৰু ৰাজ্যখনত নাৰীৰ ওপৰত চলা নিৰ্যাতনকাৰীক উপযুক্ত শাস্তিৰ দাবীত মহানগৰীৰ দীঘলীপুখুৰী পাৰত অসম তৃণমূল মহিলা কংগ্ৰেছৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত শতাধিক দলীয় নেতা-কৰ্মীয়ে অংশ লৈ হাতে হাতে প্লেকাৰ্ড লৈ মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰে।

'মণিপুৰলৈ শান্তি-সম্প্ৰীতি ওভোটাই আনক', 'মণিপুৰৰ মাতৃ-ভগ্নীৰ নিৰ্যাতনকাৰীক শাস্তি দিয়ক,' 'মণিপুৰে উদঙালে বিজেপি চৰকাৰৰ ব্যৰ্থতা', 'নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, মণিপুৰক লৈ আপুনি কিয় উদাসীন?', 'মণিপুৰবাসীক কেন্দ্ৰই এলাগী কৰা নচলিব', 'আমি আছো মণিপুৰৰ লগত' আদি শ্ল'গানেৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱাত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে। বিৰোধীৰ ধাৰাবাহিক দাবীৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত মণিপুৰৰ ঘটনা সন্দৰ্ভত বিবৃতি দিবলৈ সন্মত নোহোৱাটোৱে মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰৰ মনোভাৱক উদঙাই দিয়া বুলি অভিযোগ কৰে। উত্তৰ পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়াই আচল স্বৰূপ নেকি বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই। যি সময়ত মণিপুৰ জ্বলি আছিল, সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণত বা কৰ্ণাটকৰ নিৰ্বাচনত ব্যস্ত থকাৰ প্ৰসংগ উত্থাপন কৰি বৰাই মণিপুৰৰ প্ৰতি তেওঁৰ এলাগী মনোভাৱক কঠোৰ সমালোচনা কৰে। তেওঁ লগতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মণিপুৰৰ ক্ষেত্ৰত কিয় একো কৰিব পৰা নাই বুলি প্ৰশ্ন কৰি কয়,'সাধাৰণ কথাতে অসমত ৰাইজক কাৰাগাৰত নিক্ষেপ কৰা অসমৰ মুখ্যমন্ত্ৰগৰাকীয়ে, আজি মণিপুৰৰ ক্ষেত্ৰত কিয় একো কৰিব পৰা নাই? ক'ত গ'ল তেওঁৰ দম্ভালি?'

তিনি মাহ ধৰি জ্বলি থকা মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণভাৱে ব্যৰ্থ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক শীঘ্ৰে বৰ্খাস্ত কৰিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইয়ে 'বেটী বচাও বেটী পঢ়াও' শ্ল'গান বিজেপি চৰকাৰে মণিপুৰৰ ক্ষেত্ৰত এলাগী মনোভাৱ লোৱা বুলি সমালোচনা কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই মণিপুৰৰ মহিলাৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনাত নীৰৱতা অৱলম্বন কৰাৰ বাবে ধিক্বাৰ দিয়ে। আনহাতে বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্হাই উত্তৰ পূবৰ মহিলাই নিজৰ শৰীৰটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে বুলি কৰা মন্তব্যৰো তেওঁ গৰিহণা দিয়ে। অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই মণিপুৰে বিজেপিৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুৱা বিশ্বগুৰুৰ স্বৰূপ উদঙাই দিয়া বুলি কটাক্ষ কৰে। অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা, দলৰ নেত্ৰী জিলম সত্য নাৰায়ণেও বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ