--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাক লৈ সংসদত ধাৰাবাহিকভাৱে হুলস্থুল অব্যাহত আছে৷বিৰোধীয়ে এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ পৰা উত্তৰ বিচাৰিছে। একে সময়তে মোদী চৰকাৰৰ মন্ত্ৰী আৰু বিজেপিৰ সাংসদসকলেও বিৰোধীক প্ৰত্যুত্তৰ দিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংসদত ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ চলাইছে, য’ত তেওঁ ৰাহুলক এই হিংসাৰ বাবে জগৰীয়া কৰিছিল। ইৰাণীৰ পাছত এতিয়া বিজেপিৰ আন এজন সাংসদে ৰাহুল গান্ধীক মণিপুৰৰ হিংসাৰ সৈতে জড়িত কৰি বিবৃতি দিছে। সাংসদজনে মণিপুৰৰ হিংসাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দোষাৰোপ কৰে।

বিজেপিৰ সাংসদ জগন্নাথ সৰকাৰে সংবাদ প্ৰতিষ্ঠান এএনআইক কয় যে “ৰাহুল গান্ধীয়ে ৰাজনৈতিক ইতিহাসৰ বিষয়ে কিমান জানে মই নাজানো।সংসদত যদি এই আলোচনা হয় তেন্তে কংগ্ৰেছৰ বিৰুদ্ধে জনমত সৃষ্টি হ’ব। জৱাহৰলাল নেহৰুৱে ১৯৬০ চনত মণিপুৰৰ বাবে আইন আনিছিল, যাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।”

সৰকাৰে কয় যে কংগ্ৰেছে সংসদত বিতৰ্ক নিবিচাৰে। তেওঁলোকে কেৱল প্ৰধানমন্ত্ৰী মোদীক লৈ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে। তেওঁলোকে প্ৰথমে বিতৰ্ক কৰিব লাগে, তাৰ পাছত মোদীয়ে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব।

মণিপুৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ মৌনতাক লৈ অহৰহ প্ৰশ্ন উত্থাপন হৈ আছিল যদিও মহিলাকেইগৰাকীৰ ভিডিঅ’ ওলোৱাৰ পাছত তেওঁ টুইট কৰিছিল, কিন্তু তাৰ পাছতো বিৰোধীয়ে তেওঁক অহৰহ প্ৰশ্ন কৰি আছিল। ইফালে স্মৃতি ইৰাণীয়ে সংসদত দিয়া ভাষণত ৰাহুল গান্ধীক পোনপটীয়াকৈ আক্ৰমণ কৰি মণিপুৰত কেনেদৰে জুই লগাইছে সেই কথা ক’ব লাগে বুলি কয়। ইয়াৰ সময়ত তেওঁ কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ কথাও উল্লেখ কৰে। ৰাজস্থান, ছত্তীশগড় আৰু বিহাৰত সংঘটিত অপৰাধ সন্দৰ্ভত মহিলা নেত্ৰীসকলেও কথা ক’ব লাগে বুলি মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু