--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিখন ঘৰত অধিক পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে, তাত লক্ষ্মী দেৱীৰ এক বিশেষ কৃপা থাকে বুলি বিশ্বাস কৰা হয়। যদি আপুনিও বিচাৰে যে মা লক্ষ্মীৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকক, তেন্তে দীপাৱলীৰ আগেই এইসমূহ কথাত বিশেষ গুৰুত্ব দিয়ক।

 দীপাৱলী উৎসৱলৈ এতিয়া মাত্ৰ কেইদিনমান বাকী। ইয়াৰ বাবে বহু প্ৰস্তুতি আৰম্ভ হৈছে। চাফ-চিকুনৰ পৰা আদি কৰি বজাৰ কৰালৈকে মানুহে সকলো কাম কৰিবলৈ আৰম্ভ কৰিছে। এই উৎসৱত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক বিশেষ তাৎপৰ্য্য আছে। কোৱা হয়  যিসকল লোকৰ ঘৰ চাফা কৰা হয় তেওঁলোকৰ ওপৰত মা লক্ষ্মীয়ে কৃপা কৰে। জানো আহক দীপাৱলীৰ চাফ-চিকুণত আপুনি কোনবোৰ সামগ্ৰী ঘৰৰ পৰা উলিয়াই দিব লাগে । 

এইসমূহ সামগ্ৰী ঘৰৰ পৰা আঁতৰত ৰাখক

১/ ঘৰৰ ভঙা আইনা দুৰ্ভাগ্যৰ প্ৰতীক। ই ঘৰত ঋণাত্মক শক্তি বিয়পাই দিয়ে। যদি আপুনি দীপাৱলীৰ দিনা ঘৰ চাফা কৰি আছে তেন্তে কোনো ভঙা কাঁচ ঘৰত থাকিব নিদিব। এই আৰ্থিক দোষৰ বাবে ঘৰত আহে আৰু পৰিয়ালৰ অগ্ৰগতি বন্ধ হৈ যায়।

২/ আজিকালি পাকঘৰত বহু ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। যদি আপোনাৰ ঘৰত এনে কোনো ইলেক্ট্ৰনিক বস্তু আছে যিটো কাম কৰা নাই, তেন্তে দীপাৱলীৰ আগতে মেৰামতি কৰি লওক। যদি সামগ্ৰীবোৰ এনে অৱস্থাত নাই যে মেৰামতি কৰিব পৰা যায়, তেন্তে দীপাৱলীৰ আগতে ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে।

৩/ ভগ্ন মূৰ্তিবোৰ ঘৰত অহা ভয়াৱহ অৱস্থাৰ প্ৰতীক। যদি আপোনাৰ পূজা গৃহত কোনো ভগ্ন মূৰ্তি আছে তেন্তে দীপাৱলীৰ আগতে আন স্থানলৈ স্থানান্তৰ কৰক। ভগ্ন মূৰ্তি পূজা কৰাটো শাস্ত্ৰত ভুল বুলি কোৱা হৈছে।

৪/ ইয়াৰ লগে লগে যদি আপোনাৰ ঘৰত কিবা ভঙা আচবাব আছে, তেন্তে দীপাৱলীৰ আগতে ঠিক কৰি লওক। ঘৰত যদি কোনো পুৰণি নচলা ঘড়ী আছে, তেন্তে সেইটোও ঠিক কৰি লওক। অন্যথা ঘৰত বন্ধ ঘড়ী ৰখাটো বেয়া লক্ষণ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement