--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিখন ঘৰত অধিক পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে, তাত লক্ষ্মী দেৱীৰ এক বিশেষ কৃপা থাকে বুলি বিশ্বাস কৰা হয়। যদি আপুনিও বিচাৰে যে মা লক্ষ্মীৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকক, তেন্তে দীপাৱলীৰ আগেই এইসমূহ কথাত বিশেষ গুৰুত্ব দিয়ক।

 দীপাৱলী উৎসৱলৈ এতিয়া মাত্ৰ কেইদিনমান বাকী। ইয়াৰ বাবে বহু প্ৰস্তুতি আৰম্ভ হৈছে। চাফ-চিকুনৰ পৰা আদি কৰি বজাৰ কৰালৈকে মানুহে সকলো কাম কৰিবলৈ আৰম্ভ কৰিছে। এই উৎসৱত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক বিশেষ তাৎপৰ্য্য আছে। কোৱা হয়  যিসকল লোকৰ ঘৰ চাফা কৰা হয় তেওঁলোকৰ ওপৰত মা লক্ষ্মীয়ে কৃপা কৰে। জানো আহক দীপাৱলীৰ চাফ-চিকুণত আপুনি কোনবোৰ সামগ্ৰী ঘৰৰ পৰা উলিয়াই দিব লাগে । 

এইসমূহ সামগ্ৰী ঘৰৰ পৰা আঁতৰত ৰাখক

১/ ঘৰৰ ভঙা আইনা দুৰ্ভাগ্যৰ প্ৰতীক। ই ঘৰত ঋণাত্মক শক্তি বিয়পাই দিয়ে। যদি আপুনি দীপাৱলীৰ দিনা ঘৰ চাফা কৰি আছে তেন্তে কোনো ভঙা কাঁচ ঘৰত থাকিব নিদিব। এই আৰ্থিক দোষৰ বাবে ঘৰত আহে আৰু পৰিয়ালৰ অগ্ৰগতি বন্ধ হৈ যায়।

২/ আজিকালি পাকঘৰত বহু ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। যদি আপোনাৰ ঘৰত এনে কোনো ইলেক্ট্ৰনিক বস্তু আছে যিটো কাম কৰা নাই, তেন্তে দীপাৱলীৰ আগতে মেৰামতি কৰি লওক। যদি সামগ্ৰীবোৰ এনে অৱস্থাত নাই যে মেৰামতি কৰিব পৰা যায়, তেন্তে দীপাৱলীৰ আগতে ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে।

৩/ ভগ্ন মূৰ্তিবোৰ ঘৰত অহা ভয়াৱহ অৱস্থাৰ প্ৰতীক। যদি আপোনাৰ পূজা গৃহত কোনো ভগ্ন মূৰ্তি আছে তেন্তে দীপাৱলীৰ আগতে আন স্থানলৈ স্থানান্তৰ কৰক। ভগ্ন মূৰ্তি পূজা কৰাটো শাস্ত্ৰত ভুল বুলি কোৱা হৈছে।

৪/ ইয়াৰ লগে লগে যদি আপোনাৰ ঘৰত কিবা ভঙা আচবাব আছে, তেন্তে দীপাৱলীৰ আগতে ঠিক কৰি লওক। ঘৰত যদি কোনো পুৰণি নচলা ঘড়ী আছে, তেন্তে সেইটোও ঠিক কৰি লওক। অন্যথা ঘৰত বন্ধ ঘড়ী ৰখাটো বেয়া লক্ষণ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু