--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিব নেকি মায়া নগৰী মুম্বাই? আপাততঃ তেনে আশংকাই গা কৰি উঠিছে।২৬/১১ কাণ্ডৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে ভাবুকি ভৰা  ফোন পাইছিল। আৰক্ষীলৈ অহা ফোনত কোৱা হৈছিল  যে চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব। এইবাৰ একে ভাবুকিয়েই আহিছে। ফলত বাণিজ্যিক চহৰখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে যে চহৰখনৰ তিনিটা গুৰুত্বপূৰ্ণ স্থানত বোমা বিস্ফোৰণ  ঘটোৱা হ'ব। এই কথা কৈয়েই  তেওঁ ফোনটো সংযোগ বিচ্ছিন্ন কৰে আৰক্ষীয়ে সেই ঠাইবোৰত বোমা উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে। গোটেই অঞ্চলটো সুৰক্ষা আৱৰণৰ অধীনত ৰখা হৈছে। অৱশ্যে এতিয়ালৈকে একো বিপজ্জনক সামগ্ৰী  পোৱা হোৱা নাই।

উল্লেখ্য এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ ১১২  'হেল্পলাইন নম্বৰ'ত ফোন কৰিছিল আৰু কৈছিল যে চহৰখনৰ কেইবাঠাইতো বোমা বিস্ফোৰণ হ'ব। লোকজনৰ মতে, বোমাবোৰ ক্ৰমান্বয়ে আন্ধেৰীৰ ইনফিনিটি মল, জুহুৰ পিভিআৰ মল আৰু চাহাৰা হোটেলত ৰখা হৈছে।  আৰক্ষীয়ে লগে লগে আন্ধেৰী আৰু জুহুৰ কিছু অঞ্চল ঘেৰাও কৰি লয় বোমা উদ্ধাৰ কৰিবলৈ বোমা বিশেষজ্ঞৰ দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যেয এতিয়ালৈকে একো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। 

যোৱা কেইটামান দশকত মুম্বাই চহৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ আৰু বোমা বিস্ফোৰণ ঘটনা সংঘটিত হৈছে। এনে ঘটনাত বহু লোক নিহত আৰু আহত হৈছিল। ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত মুম্বাই কঁপি উঠিছিল। ১০ জন লস্কৰ সন্ত্ৰাসবাদীয়ে কৰাচীৰ পৰা সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল।সন্ত্ৰাসবাদীয়ে তাজ হোটেল, চিকিৎসালয়, ৰেষ্টুৰেণ্ট আৰু ৰেল ষ্টেচনত আক্ৰমণ কৰিছিল। পিছতসন্ত্ৰাসবাদীসকলক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল আৰু  আজমল কাচাব নামৰ এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল।

 কেইবছৰমানৰ পিছত দোষী সাব্যস্ত হোৱা কাচাবক ফাঁচী দিয়া হৈছিল। ১৯৯৩ চনতো কেইবাটাও বিস্ফোৰণৰ ফলত বাণিজ্যিক চহৰখন ৰক্তক্ষয়ী হৈ পৰিছিল। সেই ঘটনাতো প্ৰায় ২৫৭ জন নিৰীহ লোকে হেৰুৱাইছিল আৰু ৭১৩ জন লোক আহত হৈছিল। কুখ্যাত ডন  আবু চালেম, ফিৰোজ খান, কৰিমুল্লা খান, তাহেৰ মাৰ্চেণ্ট, মুস্তাফা দোছা আৰু ৰিয়াজ চিদ্দিকীক এই আক্ৰমণত দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাটোৰ পিছৰে পৰা অভিযুক্ত মাষ্টাৰমাইণ্ডসকলৰ মাজৰে এজন টাইগাৰ মেমন পলাতক হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু