--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিব নেকি মায়া নগৰী মুম্বাই? আপাততঃ তেনে আশংকাই গা কৰি উঠিছে।২৬/১১ কাণ্ডৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে ভাবুকি ভৰা  ফোন পাইছিল। আৰক্ষীলৈ অহা ফোনত কোৱা হৈছিল  যে চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব। এইবাৰ একে ভাবুকিয়েই আহিছে। ফলত বাণিজ্যিক চহৰখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে যে চহৰখনৰ তিনিটা গুৰুত্বপূৰ্ণ স্থানত বোমা বিস্ফোৰণ  ঘটোৱা হ'ব। এই কথা কৈয়েই  তেওঁ ফোনটো সংযোগ বিচ্ছিন্ন কৰে আৰক্ষীয়ে সেই ঠাইবোৰত বোমা উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে। গোটেই অঞ্চলটো সুৰক্ষা আৱৰণৰ অধীনত ৰখা হৈছে। অৱশ্যে এতিয়ালৈকে একো বিপজ্জনক সামগ্ৰী  পোৱা হোৱা নাই।

উল্লেখ্য এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ ১১২  'হেল্পলাইন নম্বৰ'ত ফোন কৰিছিল আৰু কৈছিল যে চহৰখনৰ কেইবাঠাইতো বোমা বিস্ফোৰণ হ'ব। লোকজনৰ মতে, বোমাবোৰ ক্ৰমান্বয়ে আন্ধেৰীৰ ইনফিনিটি মল, জুহুৰ পিভিআৰ মল আৰু চাহাৰা হোটেলত ৰখা হৈছে।  আৰক্ষীয়ে লগে লগে আন্ধেৰী আৰু জুহুৰ কিছু অঞ্চল ঘেৰাও কৰি লয় বোমা উদ্ধাৰ কৰিবলৈ বোমা বিশেষজ্ঞৰ দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যেয এতিয়ালৈকে একো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। 

যোৱা কেইটামান দশকত মুম্বাই চহৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ আৰু বোমা বিস্ফোৰণ ঘটনা সংঘটিত হৈছে। এনে ঘটনাত বহু লোক নিহত আৰু আহত হৈছিল। ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত মুম্বাই কঁপি উঠিছিল। ১০ জন লস্কৰ সন্ত্ৰাসবাদীয়ে কৰাচীৰ পৰা সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল।সন্ত্ৰাসবাদীয়ে তাজ হোটেল, চিকিৎসালয়, ৰেষ্টুৰেণ্ট আৰু ৰেল ষ্টেচনত আক্ৰমণ কৰিছিল। পিছতসন্ত্ৰাসবাদীসকলক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল আৰু  আজমল কাচাব নামৰ এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল।

 কেইবছৰমানৰ পিছত দোষী সাব্যস্ত হোৱা কাচাবক ফাঁচী দিয়া হৈছিল। ১৯৯৩ চনতো কেইবাটাও বিস্ফোৰণৰ ফলত বাণিজ্যিক চহৰখন ৰক্তক্ষয়ী হৈ পৰিছিল। সেই ঘটনাতো প্ৰায় ২৫৭ জন নিৰীহ লোকে হেৰুৱাইছিল আৰু ৭১৩ জন লোক আহত হৈছিল। কুখ্যাত ডন  আবু চালেম, ফিৰোজ খান, কৰিমুল্লা খান, তাহেৰ মাৰ্চেণ্ট, মুস্তাফা দোছা আৰু ৰিয়াজ চিদ্দিকীক এই আক্ৰমণত দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাটোৰ পিছৰে পৰা অভিযুক্ত মাষ্টাৰমাইণ্ডসকলৰ মাজৰে এজন টাইগাৰ মেমন পলাতক হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক