--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইন্দোৰৰ নিজৰ ঘৰত ১৫ অক্টোবৰত আত্মহত্যা কৰিছিল বৈশালীয়ে। সেই স্থানৰ পৰা উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীৰ ছুইচাইড নোট, য’ত প্ৰাক্তন প্ৰেমীক ৰাহুল নৱলানী আৰু তেওঁৰ অত্যাচাৰৰ কাহিনী লিখা হৈছিল। বৰ্তমান এই  আত্মহত্যাৰ গোচৰত ইন্দোৰ আৰক্ষীয়ে প্ৰাক্তন প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰি এক বৃহৎ সাফল্য অৰ্জন কৰিছে। ৰাহুল নৱলানীক আৰক্ষীৰ জেৰা চলি থকাৰ লগতে তেওঁৰ ইলেক্ট্ৰনিক গেজেটসমূহো জব্দ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁ ইন্দোৰ আৰু দেৱাসৰ মাজৰ ধাবাত লুকাই আছিল। অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পাছত পলাতক হিচাপে আছিল প্ৰাক্তন প্ৰেমিক ৰাহুল নৱলানী আৰু তেওঁৰ পত্নী। 

কিন্তু যেতিয়া আৰক্ষীয়ে অভিযুক্ত ৰাহুল নৱলানীৰ সন্ধানত তেওঁৰ ঘৰত উপস্থিত হয়, আৰক্ষী অহাৰ আগতেই তেওঁ পলায়ন কৰিছিল। বৈশালী ঠক্কৰৰ আত্মহত্যাৰ ৪-৫ দিনৰ ভিতৰতে আৰক্ষীয়ে ৰাহুল নৱলানীক নিজৰ কৌশলেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইন্দোৰ আৰক্ষীয়ে ৰাহুল নৱলানীক ধৰিবলৈ এক শক্তিশালী পৰিকল্পনা কৰিছিল।

বৈশালী ঠক্কৰক আত্মহত্যাৰ পাছত আৰক্ষীয়ে তিনিটা পৃথক দল গঠন কৰি পলাতক অভিযুক্ত ৰাহুল আৰু তেওঁৰ পত্নীক বিচাৰি উলিয়ায়। সেই দলসমূহক স্পষ্ট নিৰ্দেশনা দিয়াৰ পিছত তেওঁলোকক বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। ই তিনিটা আৰক্ষী দলক মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰি আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে চক্ৰান্তমূলক জাননী জাৰি কৰাৰ লগতে ঘোষণা কৰিছিল যে যিয়েই দুয়োজন অভিযুক্তৰ বিষয়ে তথ্য দিব, তেওঁ ৫০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব আৰু তেওঁলোকৰ পৰিচয় গোপন কৰি ৰখা হ’ব।

ৰাহুলক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে জনোৱা মতে, বৈশালী ঠক্কৰৰ আত্মহত্যাৰ পাছত তেওঁ অনবৰতে নিজৰ স্থান সলনি কৰিছিল। আৰক্ষীৰ মতে, ৰাহুলে ইন্দোৰ আৰু দেৱাসৰ মাজৰ কোনোবা ঠাইত ধাবাত আত্মগোপন কৰি আছিল।আৰক্ষীয়ে ৰাহুলক আটক কৰিবলৈ কাৰিকৰী চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছিল। বুধবাৰে সন্ধিয়া আৰক্ষীয়ে খবৰ পাইছিল যে ৰাহুল দেৱাসৰ পৰা ইন্দোৰ অভিমুখে গৈ আছে। লগে লগে আৰক্ষীয়ে বাটত চেকিং পইণ্ট লগাই ৰাহুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

একে সময়তে ডিচিপি জ’ন অমিত টোলানীয়ে জনোৱা মতে, অভিযুক্ত ৰাহুল নৱলানী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বৈশালী ঠক্কৰৰ পাঁচ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাটোৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। ৰাহুলে বৈশালীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনকি মিতেশৰ লগত বৈশালীৰ বিয়াও ভংগ কৰা বুলিও কোৱা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু