--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইন্দোৰৰ নিজৰ ঘৰত ১৫ অক্টোবৰত আত্মহত্যা কৰিছিল বৈশালীয়ে। সেই স্থানৰ পৰা উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীৰ ছুইচাইড নোট, য’ত প্ৰাক্তন প্ৰেমীক ৰাহুল নৱলানী আৰু তেওঁৰ অত্যাচাৰৰ কাহিনী লিখা হৈছিল। বৰ্তমান এই  আত্মহত্যাৰ গোচৰত ইন্দোৰ আৰক্ষীয়ে প্ৰাক্তন প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰি এক বৃহৎ সাফল্য অৰ্জন কৰিছে। ৰাহুল নৱলানীক আৰক্ষীৰ জেৰা চলি থকাৰ লগতে তেওঁৰ ইলেক্ট্ৰনিক গেজেটসমূহো জব্দ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁ ইন্দোৰ আৰু দেৱাসৰ মাজৰ ধাবাত লুকাই আছিল। অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পাছত পলাতক হিচাপে আছিল প্ৰাক্তন প্ৰেমিক ৰাহুল নৱলানী আৰু তেওঁৰ পত্নী। 

কিন্তু যেতিয়া আৰক্ষীয়ে অভিযুক্ত ৰাহুল নৱলানীৰ সন্ধানত তেওঁৰ ঘৰত উপস্থিত হয়, আৰক্ষী অহাৰ আগতেই তেওঁ পলায়ন কৰিছিল। বৈশালী ঠক্কৰৰ আত্মহত্যাৰ ৪-৫ দিনৰ ভিতৰতে আৰক্ষীয়ে ৰাহুল নৱলানীক নিজৰ কৌশলেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইন্দোৰ আৰক্ষীয়ে ৰাহুল নৱলানীক ধৰিবলৈ এক শক্তিশালী পৰিকল্পনা কৰিছিল।

বৈশালী ঠক্কৰক আত্মহত্যাৰ পাছত আৰক্ষীয়ে তিনিটা পৃথক দল গঠন কৰি পলাতক অভিযুক্ত ৰাহুল আৰু তেওঁৰ পত্নীক বিচাৰি উলিয়ায়। সেই দলসমূহক স্পষ্ট নিৰ্দেশনা দিয়াৰ পিছত তেওঁলোকক বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। ই তিনিটা আৰক্ষী দলক মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰি আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে চক্ৰান্তমূলক জাননী জাৰি কৰাৰ লগতে ঘোষণা কৰিছিল যে যিয়েই দুয়োজন অভিযুক্তৰ বিষয়ে তথ্য দিব, তেওঁ ৫০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব আৰু তেওঁলোকৰ পৰিচয় গোপন কৰি ৰখা হ’ব।

ৰাহুলক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে জনোৱা মতে, বৈশালী ঠক্কৰৰ আত্মহত্যাৰ পাছত তেওঁ অনবৰতে নিজৰ স্থান সলনি কৰিছিল। আৰক্ষীৰ মতে, ৰাহুলে ইন্দোৰ আৰু দেৱাসৰ মাজৰ কোনোবা ঠাইত ধাবাত আত্মগোপন কৰি আছিল।আৰক্ষীয়ে ৰাহুলক আটক কৰিবলৈ কাৰিকৰী চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছিল। বুধবাৰে সন্ধিয়া আৰক্ষীয়ে খবৰ পাইছিল যে ৰাহুল দেৱাসৰ পৰা ইন্দোৰ অভিমুখে গৈ আছে। লগে লগে আৰক্ষীয়ে বাটত চেকিং পইণ্ট লগাই ৰাহুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

একে সময়তে ডিচিপি জ’ন অমিত টোলানীয়ে জনোৱা মতে, অভিযুক্ত ৰাহুল নৱলানী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বৈশালী ঠক্কৰৰ পাঁচ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাটোৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। ৰাহুলে বৈশালীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনকি মিতেশৰ লগত বৈশালীৰ বিয়াও ভংগ কৰা বুলিও কোৱা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement