--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক হ'বলৈ ওলাইছে অভিনেত্ৰী  দীপিকা পাডুকন। সেয়ে দীপিকাই কেইদিনমানৰ বাবে  কামৰ পৰা বিৰতি লৈছে। কাৰণ, দীপিকাই এতিয়া তেওঁৰ সমষ্ট চিন্তা নতুনকৈ আহিবলগীয়া সন্তানতে আবদ্ধ ৰাখিছে।   এক কথাত  দীপিকাই এতিয়া সকলো পাহৰি মাতৃত্বৰ অনুভৱ  উপভোগ কৰি আছে। কিন্তু ইয়াৰ মাজতে দীপিকাৰ পিঠিত পোৰা দাগে  বহুতকে আচৰিত কৰি তুলিছে।  হঠাতে দীপিকাৰ আকৌ কি হ'ল?

দীপিকাই অলপতে ছচিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰিছিল। য'ত তেওঁৰ পিঠি পুৰি  যোৱা দেখা গৈছে । আচলতে দীপিকাৰ  পিঠি ৰ'দত সম্পূৰ্ণৰূপে ক'লা হৈ পৰিছে। দীপিকা বৰ্তমান ৰণবীৰৰ সৈতে বেবীমুনত ব্যস্ত হৈ আছে। ৰণবীৰ আৰু দীপিকাই সাগৰৰ পাৰত কিছু সময় অতিবাহিত কৰি আহিছে । দীপিকাৰ শেহতীয়া পোষ্টটোত সেই কথা স্পষ্ট হৈ পৰিছে।

বিয়াৰ প্ৰায় পাঁচ বছৰৰ পিছত দীপিকা মাতৃ হ'বলৈ ওলাইছে । ফেব্ৰুৱাৰীৰ আৰম্ভণিতে তেওঁ গৰ্ভৱতী  হোৱা বুলি খবৰ  ওলাইছিল। ফেব্ৰুৱাৰীৰ  ২৯  তাৰিখে, ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ ভাল খবৰটো সকলোকে দিছিল । তেওঁলোকৰ সন্তান  ছেপ্টেম্বৰ-অকেটোবৰত আহিব। দীপিকা পাডুকনে গৰ্ভৱতী অৱস্থাতে আম্বানী পৰিয়ালৰ জামনগৰৰ  অনুষ্ঠানত উপস্থিত আছিল। কিন্তু এতিয়া নায়িকাগৰাকীয়ে বিশ্ৰাম লৈছে। অভিনেত্ৰীগৰাকীয়ে কল্কি ২৯৮৯ এডিৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। 

খবৰ অনুসৰি দীপিকা পাডুকনে মুম্বাইৰ পৰা বাংগালুৰুলৈ ৰাওনা হৈছে। তেওঁ এই সময়ত মাক দেউতাকৰ সৈতে তাতেই  থাকিব। দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ প্ৰথম সন্তানৰ জন্ম বাংগালুৰুত হ'ব বুলিও জানিব পৰা গৈছে।দীপিকা পাডুক ন আৰু ৰণবীৰ সিঙৰ সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা – ৰাম লীলাৰ ছেটত প্ৰেম হৈছিল। তেওঁলোকে  ১৪ আৰু ১৫ নৱেম্বৰ, ২০১৮ ত আয়োজিত অনুষ্ঠানত   ইটালীৰ লেক কোমোত বিবাহপাশত আৱদ্ধ হৈছিল। দীপিকা আৰু ৰণবীৰে কোঙ্কণী আৰু সিন্ধি দুয়োটা পদ্ধতিৰে বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া তেওঁলোকৰ সংসাৰলৈ এটি সন্তান আহিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ