--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজলৰ সৈতে ছবি ‘বেখুদী’ৰ জৰিয়তে বলীউডত অভিষেক ঘটাইছিল অভিনেতা কমল সদনাই। একে সময়তে কাজলৰো এইখন  প্ৰথম ছবি আছিল। দৰ্শকে তেওঁলোকৰ কেমেষ্ট্ৰী বহুত ভাল পাইছিল। কেৰিয়াৰৰ আৰম্ভণিতে কমল নিজৰ ছবিৰে জিলিকি উঠিছিল যদিও এটা ঘটনাই তেওঁৰ সমগ্ৰ জীৱন সলনি কৰি পেলাইছিল, তাৰ পিছত তেওঁ সকলোবোৰৰ পৰা আঁতৰি গৈছিল। 
I saw my whole family dead': Actor Kamal Sadanah opens up on his father  shooting mother, sister; he was hit too | Bollywood News - The Indian  Express
২০ বছৰীয়া জন্মদিনত তেওঁ হেৰুৱালে পৰিয়ালটো। দেউতাকে মাক আৰু ভনীয়েকক গুলীয়াই হত্যা কৰিছিল। কমল সদানাই শেহতীয়াকৈ সিদ্ধাৰ্থ কাননক দিয়া এক সাক্ষাৎকাৰত নিজৰ অতীত বৰ্ণিত কৰিছে।
Kamal Sadanah's Father Tried To Kill Him On His 20th B'Day, Shot Dead His  Family In Tragic Incident
তেওঁ কয় যে তেওঁৰ পিতৃ প্ৰযোজক ব্রিজ সদানাই গোটেই পৰিয়ালটোক গুলীয়াই হত্যা কৰিছিল৷ কেৱল এয়াই নহয়, পিতৃয়ে কমলকো গুলীয়াইছিল। গুলীটো  তেওঁৰ ডিঙিত লাগিছিল, কিন্তু তেওঁ এই ঘটনাৰ পৰা ৰক্ষা পৰে। কমলে কয় যে ইয়াৰ বাবে তেওঁ বহু মানসিক আঘাতৰ সন্মুখীন হৈছে।  তেওঁ নিজৰ সমগ্ৰ পৰিয়ালৰ মৃত্যু হোৱা চকুৰ আগত দেখিছিল।
Rang Movie Divya Bharti Hero Kamal Sadanah Daughter Leia Is Next Superstar  Of Bollywood Fails Nysa Rasha In Beauty Photos Viral - रंग फिल्म के हीरो की  बेटी के आगे नीसा-राशा जैसे
কমল সদানাই কয় যে এই ঘটনাৰ সময়ত তেওঁৰ বন্ধু হৰিও তেওঁৰ লগত আছিল আৰু তেওঁৰ হাততো গুলী লাগিছিল। মাক আৰু ভনীয়েকক গুলীয়াই হত্যা কৰাৰ সময়ত অভিনেতাজনে দৌৰি গৈ ওচৰ-চুবুৰীয়াক মাতি আনি চিকিৎসালয়লৈ লৈ গ’ল, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ কাকো বচাব নোৱাৰিলে। সেই সময়লৈকে কমলে নিজেও গম পোৱা নাছিল যে তেওঁৰ দেহতো গুলী লাগিছে। যেতিয়া ডাক্তৰে তেওঁক সুধিলে যে ইমান তেজ কিয়? তেতিয়া অভিনেতাজনে কৈছিল যে হয়তো মা বা ভণ্টীৰ পৰা গাত তেজ লাগিছে।

এই কথা শুনি ডাক্তৰে তেওঁক ক’লে যে তেওঁকো গুলীচালনা কৰা হৈছে। চিকিৎসালয়ত ঠাই নথকাৰ বাবে ডাক্তৰে তেওঁক আন এখন চিকিৎসালয়লৈ যাবলৈ ক’লে।

কমল সদানাই কয় যে তেওঁ নিজৰ প্ৰতি সচেতন নাছিল। পৰিয়ালটোক লৈ তেওঁ চিন্তিত হৈ পৰিছিল।  পিতৃয়ে পাছত নিজকো গুলীয়াই আত্মহত্যা কৰে।
 
কমলে কয় যে দেউতাই মোলৈ মৰা গুলীটো ডিঙিৰ মাজেৰে পাৰ হৈ গৈছিল। তথাপিও মোৰ জীৱন ৰক্ষা পৰিল।
Kajol Debut Film Bekhudi Actor Kamal Sadanah Reunites After 30 Years In  Revathi's Movie Salaam Venky - YouTube
তেতিয়া কমলে বিশ্বাস কৰিছিল যে হয়তো কিছুমান ডাঙৰ কাম কৰিবলৈ আছে, যাৰবাবে তেওঁক ঈশ্বৰে ৰক্ষা কৰিলে। ইমানখিনি ডাঙৰ ঘটনা হৈ যোৱাৰ পাছতো পিতৃৰ প্ৰতি বেয়া ভাৱ নাই কমলৰ। কমলে কয় যে পিতৃয়ে তেওঁক বহুতো ভাল কথা শিকাইছে আৰু সেই শিক্ষাসমূহ অনুসৰণ কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ।
Kamal Sadanah Age, Wife, Family, Biography & More » StarsUnfolded
উল্লেখ্য যে কমল সদানাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা যদি কওঁ, তেন্তে ২০২২ চনত তেওঁক ‘ছালাম ভেংকি’ ছবিত দেখা গৈছিল। ইফালে তেওঁ বহু হিট এণ্ড ফ্লপ ছবিতো কাম কৰিছে। টিভি ধাৰাবাহিকৰো অংশ কমল সদানা। কেৱল এয়াই নহয়, তেওঁ ছবি পৰিচালনা আৰু প্ৰযোজনাও কৰিছে। নায়ক হিচাপে তেওঁৰ কেৰিয়াৰ অতি কম।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?