--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফাগুনৰ উন্মনা উতনুৱা সময়তে অসমৰ যুৱসমাজৰ মাজত ৰহস্য আৰু উৎকণ্ঠা৷ ফাগুনৰ ৰিঙা ৰিঙা অনুভৱৰ মাজতেই জনপ্ৰিয় সংগীতশিল্পী দীপলিনা ডেকাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন ফটোক লৈ আজি সন্ধিয়া সৃষ্টি হ’ল ৰহস্যৰ৷ 

প্ৰেমময় ফাগুনৰ সন্ধিয়া দীপলিনা ডেকাই পোষ্ট কৰিলে এখন বিশেষ ফটো৷ দুখন হাতৰ ছবি আপলোড কৰিলে সংগীতশিল্পীগৰাকীয়ে৷ এখন পুৰুষৰ আনখন এগৰাকী নাৰীৰ হাত৷ আৰু দীপলিনাই লিখিছে- ‘তোমাৰ হাতত হাত ধৰি আগুৱাম৷ #ভালপোৱাএটিনাম৷’ 

তাৰ পাছতেই সৃষ্টি হ’ল ৰহস্যৰ৷ একাংশ যুৱক-যুৱতীয়ে আৰম্ভ কৰিলে চৰ্চাৰ৷ উত্থাপন হ’ল প্ৰশ্ন৷ কাৰ হাত সেয়া? স্বাভাৱিকতে নাৰীৰ হাতখন দীপলিনা ডেকাৰ বুলিয়েই ধাৰণা কৰিয়েই বিপৰীত হাতখনৰ সম্ভাৱ্যগৰাকীক লৈ আৰম্ভ কৰিলে নিজাববীয়া অনুসন্ধান আৰু চৰ্চা৷

অৱশ্যে সেয়া দীপলিনা ডেকাই নিজৰ ব্যক্তিগত জীৱনৰ কথা নকৈ আহিবলগীয়া গান এটাৰহে প্ৰচাৰ কৰিলে৷ কিন্তু, আকস্মিকভাৱে দিয়া ফটোখনক লৈ চলি থাকিল চৰ্চা৷ আৰু যুৱসমাজৰ মাজত অধিক ঘনীভূত হৈ গৈ থাকিল ৰহস্যৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক