--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰিবলৈ বিভিন্ন পক্ষই দাবী উত্থাপন কৰি অহাৰ সময়তে কেন্দ্ৰত শানাধিষ্ঠিত বিজেপি দলৰ এগৰাকী সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে এক বিশেষ মন্তব্য কৰিছে। দেশ বিভাজনৰ পিছৰে পৰাই ভাৰত এখন 'হিন্দু ৰাষ্ট্ৰ' হৈ পৰিছে । 

দেশ বিভাজনৰ সময়তে  দেশখন ধৰ্মৰ আধাৰত বিভক্ত হৈ পৰা বুলি তেওঁ মন্তব্য কৰে। বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে  মধ্য প্ৰদেশত এখন সংবাদমেলত এই মন্তব্য কৰে। নেতাগৰাকীয়ে কয় যে বিভাজনৰ বিষয়টো তেতিয়া আহিছিল  যেতিয়া মানুহৰ এটা অংশই ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছিল। বিজয়বৰ্গীয়ে কয় "যেতিয়া ভাৰত বিভাজন হৈছিল, ই ধৰ্মৰ আধাৰত হৈছিল। বিভাজনৰ পিছত পাকিস্তান নামৰ এখন নতুন ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিল। দেশৰ বাকী অংশ হিন্দু ৰাষ্ট্ৰত পৰিণত হৈছিল। ''

তেওঁ কয়  যে ভূপালত তেওঁৰ এজন মুছলমান বন্ধু আছে। তেওঁ প্ৰতিদিনে হনুমান চালিচা পাঠ কৰে। তেওঁ নিয়মীয়াকৈ শিৱ মন্দিৰো দৰ্শন কৰে। কাৰণ তেওঁ বিশ্বাস কৰে যে তেওঁৰ পূৰ্বপুৰুষসকল এসময়ত হিন্দু আছিল। তেওঁ কয় "মই মোৰ মুছলমান বন্ধুজনক  সুধিছিলো যে তেওঁ হনুমান আৰু শিৱক কিয় উপাসনা কৰে। তেওঁ উত্তৰ দিছিল যে তেওঁৰ পাৰিবাৰিক ইতিহাসৰ জৰিয়তে তেওঁ জানিব পাৰিছে  যে তেওঁৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ ৰাজপুত আছিল। তেওঁৰ কিছুমান ৰাজপুত আত্মীয়ই এতিয়াও উত্তৰ প্ৰদেশত বাস কৰে। ''

কৈলাশে লগতে কয়  যে হনুমান চালিছাই দেশৰ যুৱক-যুৱতীসকলক পথভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে তেওঁ  'হনুমান চালিচা ক্লাব' গঠন কৰাৰ কথা ভাবি আছে। এই সংগঠনটোৱে ড্ৰাগছৰ প্ৰতি আসক্ত যুৱকসকলক আসক্তিৰ পৰা আঁতৰাই স্বাস্থ্যৱান জীৱনলৈ অনাৰ চেষ্টা কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু