--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰিবলৈ বিভিন্ন পক্ষই দাবী উত্থাপন কৰি অহাৰ সময়তে কেন্দ্ৰত শানাধিষ্ঠিত বিজেপি দলৰ এগৰাকী সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে এক বিশেষ মন্তব্য কৰিছে। দেশ বিভাজনৰ পিছৰে পৰাই ভাৰত এখন 'হিন্দু ৰাষ্ট্ৰ' হৈ পৰিছে । 

দেশ বিভাজনৰ সময়তে  দেশখন ধৰ্মৰ আধাৰত বিভক্ত হৈ পৰা বুলি তেওঁ মন্তব্য কৰে। বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে  মধ্য প্ৰদেশত এখন সংবাদমেলত এই মন্তব্য কৰে। নেতাগৰাকীয়ে কয় যে বিভাজনৰ বিষয়টো তেতিয়া আহিছিল  যেতিয়া মানুহৰ এটা অংশই ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছিল। বিজয়বৰ্গীয়ে কয় "যেতিয়া ভাৰত বিভাজন হৈছিল, ই ধৰ্মৰ আধাৰত হৈছিল। বিভাজনৰ পিছত পাকিস্তান নামৰ এখন নতুন ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিল। দেশৰ বাকী অংশ হিন্দু ৰাষ্ট্ৰত পৰিণত হৈছিল। ''

তেওঁ কয়  যে ভূপালত তেওঁৰ এজন মুছলমান বন্ধু আছে। তেওঁ প্ৰতিদিনে হনুমান চালিচা পাঠ কৰে। তেওঁ নিয়মীয়াকৈ শিৱ মন্দিৰো দৰ্শন কৰে। কাৰণ তেওঁ বিশ্বাস কৰে যে তেওঁৰ পূৰ্বপুৰুষসকল এসময়ত হিন্দু আছিল। তেওঁ কয় "মই মোৰ মুছলমান বন্ধুজনক  সুধিছিলো যে তেওঁ হনুমান আৰু শিৱক কিয় উপাসনা কৰে। তেওঁ উত্তৰ দিছিল যে তেওঁৰ পাৰিবাৰিক ইতিহাসৰ জৰিয়তে তেওঁ জানিব পাৰিছে  যে তেওঁৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ ৰাজপুত আছিল। তেওঁৰ কিছুমান ৰাজপুত আত্মীয়ই এতিয়াও উত্তৰ প্ৰদেশত বাস কৰে। ''

কৈলাশে লগতে কয়  যে হনুমান চালিছাই দেশৰ যুৱক-যুৱতীসকলক পথভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে তেওঁ  'হনুমান চালিচা ক্লাব' গঠন কৰাৰ কথা ভাবি আছে। এই সংগঠনটোৱে ড্ৰাগছৰ প্ৰতি আসক্ত যুৱকসকলক আসক্তিৰ পৰা আঁতৰাই স্বাস্থ্যৱান জীৱনলৈ অনাৰ চেষ্টা কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ