--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ বিৰাট কোহলীৰ গৃহত এতিয়া আনন্দৰ বন্যা৷কালি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ষ্ট’ৰী পোষ্ট কৰি পুত্ৰসন্তান জন্মৰ বতৰা প্ৰদান কৰে৷কোহলীৰ পোষ্টটোৰ পৰা জানিব পৰা মতে পুত্ৰসন্তানটিৰ নাম হ’ব-'অকায়'৷অনুস্কা আৰু কোহলীয়ে সন্তান জন্ম দিবলৈ ইংলেণ্ডক সুৰক্ষিত স্থান হিচাপে নিৰ্বাচিত কৰে৷


শেহতীয়াকৈ বিৰাট কোহলীৰ এখন ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত কোহলীক লণ্ডনত দেখা পোৱা গৈছে৷কিছুদিন পূৰ্বে অনুষ্কা শৰ্মা গৰ্ভৱতী হোৱাৰ খবৰ আহিছিল। অৱশ্যে বিৰাট বা অনুষ্কাই কোনোৱেই গৰ্ভধাৰণ নিশ্চিত কৰা নাছিল। মঙলবাৰে ছ’চিয়েল মিডিয়াত দম্পতীহালে ১৫ ফেব্ৰুৱাৰীত এটি পুত্ৰ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰে। এই ভাল খবৰৰ পাছত অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটীলৈকে সকলোৱে অভিনন্দন জনাইছে দম্পতীহালক। একে সময়তে পুত্ৰৰ জন্মৰ পাছত অনুষ্কাই পুত্ৰ সন্তানক ক’ত জন্ম দিছে সেই কথা জানিবলৈয়ো অনুৰাগীসকলৰ কৌতুহল বৃদ্ধি পাইছে৷

অনুষ্কাৰ দ্বিতীয় গৰ্ভধাৰণৰ পৰা পুত্ৰ জন্মলৈকে বিৰাট-অনুষ্কাই গোপনীয়তাৰ সম্পূৰ্ণ যত্ন লৈছিল। কিন্তু অনুৰাগীৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰিল। আজি লণ্ডনৰ পৰা ওলাইছে বিৰাটৰ এখন ফটো। এই ফটোখন বিৰাট কোহলী ফেন ক্লাবে শ্বেয়াৰ কৰিছে। 

বিৰাট-অনুষ্কাই কিয় ভাৰতত নহয় বিদেশতহে ডেলিভাৰী কৰালে সেয়া লৈ অনুৰাগীৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে। ডিএনএনৰ বাতৰি অনুসৰি দম্পতীহালে গোপনীয়তা বিচাৰিছিল। বাৰে বাৰে পাপাৰাজীক নাকচ কৰাৰ পাছতো প্ৰথম সন্তান বামিকাৰ ফটোখন কেইবাবাৰো ক্লিক কৰা হৈছিল, যিখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। বিৰাট-অনুষ্কাই দ্বিতীয় সন্তানটোৰ সন্দৰ্ভত গোপনীয়তা বজাই ৰাখিব বিচাৰিছিল, ইয়াৰ বাবে দম্পতীহালে মুম্বাইৰ পৰা আঁতৰত থকা লণ্ডনক বাছি লৈছিল।

একাংশ লোকৰ দ্বাৰা কোৱা হৈছে আন এটা কাৰণ হ’ল এই দম্পতীহালে ব্ৰিটেইনলৈ স্থানান্তৰিত হ’ব বিচাৰে।লণ্ডনক তেওঁলোকে দ্বিতীয় ঘৰ কৰি ল’ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু