--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ বিৰাট কোহলীৰ গৃহত এতিয়া আনন্দৰ বন্যা৷কালি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ষ্ট’ৰী পোষ্ট কৰি পুত্ৰসন্তান জন্মৰ বতৰা প্ৰদান কৰে৷কোহলীৰ পোষ্টটোৰ পৰা জানিব পৰা মতে পুত্ৰসন্তানটিৰ নাম হ’ব-'অকায়'৷অনুস্কা আৰু কোহলীয়ে সন্তান জন্ম দিবলৈ ইংলেণ্ডক সুৰক্ষিত স্থান হিচাপে নিৰ্বাচিত কৰে৷


শেহতীয়াকৈ বিৰাট কোহলীৰ এখন ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত কোহলীক লণ্ডনত দেখা পোৱা গৈছে৷কিছুদিন পূৰ্বে অনুষ্কা শৰ্মা গৰ্ভৱতী হোৱাৰ খবৰ আহিছিল। অৱশ্যে বিৰাট বা অনুষ্কাই কোনোৱেই গৰ্ভধাৰণ নিশ্চিত কৰা নাছিল। মঙলবাৰে ছ’চিয়েল মিডিয়াত দম্পতীহালে ১৫ ফেব্ৰুৱাৰীত এটি পুত্ৰ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰে। এই ভাল খবৰৰ পাছত অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটীলৈকে সকলোৱে অভিনন্দন জনাইছে দম্পতীহালক। একে সময়তে পুত্ৰৰ জন্মৰ পাছত অনুষ্কাই পুত্ৰ সন্তানক ক’ত জন্ম দিছে সেই কথা জানিবলৈয়ো অনুৰাগীসকলৰ কৌতুহল বৃদ্ধি পাইছে৷

অনুষ্কাৰ দ্বিতীয় গৰ্ভধাৰণৰ পৰা পুত্ৰ জন্মলৈকে বিৰাট-অনুষ্কাই গোপনীয়তাৰ সম্পূৰ্ণ যত্ন লৈছিল। কিন্তু অনুৰাগীৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰিল। আজি লণ্ডনৰ পৰা ওলাইছে বিৰাটৰ এখন ফটো। এই ফটোখন বিৰাট কোহলী ফেন ক্লাবে শ্বেয়াৰ কৰিছে। 

বিৰাট-অনুষ্কাই কিয় ভাৰতত নহয় বিদেশতহে ডেলিভাৰী কৰালে সেয়া লৈ অনুৰাগীৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে। ডিএনএনৰ বাতৰি অনুসৰি দম্পতীহালে গোপনীয়তা বিচাৰিছিল। বাৰে বাৰে পাপাৰাজীক নাকচ কৰাৰ পাছতো প্ৰথম সন্তান বামিকাৰ ফটোখন কেইবাবাৰো ক্লিক কৰা হৈছিল, যিখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। বিৰাট-অনুষ্কাই দ্বিতীয় সন্তানটোৰ সন্দৰ্ভত গোপনীয়তা বজাই ৰাখিব বিচাৰিছিল, ইয়াৰ বাবে দম্পতীহালে মুম্বাইৰ পৰা আঁতৰত থকা লণ্ডনক বাছি লৈছিল।

একাংশ লোকৰ দ্বাৰা কোৱা হৈছে আন এটা কাৰণ হ’ল এই দম্পতীহালে ব্ৰিটেইনলৈ স্থানান্তৰিত হ’ব বিচাৰে।লণ্ডনক তেওঁলোকে দ্বিতীয় ঘৰ কৰি ল’ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী