--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি প্ৰতিভাৱান অভিনেতা অভিনেতা ঋতুৰাজ সিঙে ৫৯ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। বিভিন্নজনে কৈছে যে হাৰ্ট এটেকৰ ফলত অভিনেতাজনৰ মৃত্যু হৈছে। এতিয়া আন এটা খবৰ ওলাইছে যে  দীৰ্ঘদিন ধৰি এটা ৰোগৰ সৈতে যুঁজি আছিল। ঋতুৰাজৰ অসুস্থতাৰ বিষয়ে সংবাদ মাধ্যমক জনাইছে অভিনেতাজনৰ বন্ধুৱে।


বহুলোকে নিশ্চয় ঋতুৰাজক বলীউডৰ বহু ছবিত দেখিছে, এসময়ত তেওঁ টেলিভিছনত কাম কৰি আছিল। বৰ্তমান ঋতুৰাজ টিভিৰ জনপ্ৰিয় চাবোন ‘অনুপমা’ত কৰ্মৰত আছিল।ইটাইমছৰ তথ্য অনুসৰি ঋতুৰাজৰ বন্ধু তথা অভিনেতা অমিত বাহলে কয় যে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে  মৃত্যু হৈছিল যদিও কিছুদিনৰ পূৰ্বে তেওঁ অগ্নাশয়ৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ গৈছিল। হস্পিতালৰ পৰা উভতি অহাৰ পাছত ঘৰতে জিৰণি লৈ আছিল। ইয়াৰ পাছত তেওঁৰো হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হৈছিল আৰু আজি অভিনেতাজনৰ মৃত্যু হয়।

ঋতুৰাজৰ মৃত্যুৰ খবৰৰ বাবেই মনোৰঞ্জন জগতত বিষাদৰ জোৱাৰ উঠিছে। মেৰী আৱাজ হি পেহচান হায়, তাদাপ, ব্ৰাদীনাথ কি দুলহনীয়া, সত্যমেৱ জয়তে আদি চিনেমাটো অভিনেতাজনে অভিনয় কৰিছে। বহু কষ্টৰ অন্তত অভিনেতাজনে এই স্থান তেওঁ অৰ্জন কৰিছিল। ঋতুৰাজ সিঙে থিয়েটাৰ একচন গ্ৰুপ (টিএজি)ত যোগদান কৰি প্ৰায় ১১ বছৰ ইয়াৰ লগত জড়িত হৈ থাকে। ১৯৯৩ চনত টিভি ধাৰাবাহিক ‘বানেগী আপনি বাত’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পিছত ঋতুৰাজে ইউলে লাভ ষ্ট’ৰী, মিষ্টাৰ শ্ৰীমতী, তহকীকাত, কহানী ঘৰ ঘৰ কি, কুটুম্ব আদি ধাৰাবাহিকত কাম কৰিছিল। বদ্ৰীনাথ কি দুলহনীয়া, সত্যমেৱ জয়তে ২, হম তুম ঔৰ ভূত, তুম মাইল, জাৰ্চি, ব’ছ আদি ছবিত কাম কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী