--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি প্ৰতিভাৱান অভিনেতা অভিনেতা ঋতুৰাজ সিঙে ৫৯ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। বিভিন্নজনে কৈছে যে হাৰ্ট এটেকৰ ফলত অভিনেতাজনৰ মৃত্যু হৈছে। এতিয়া আন এটা খবৰ ওলাইছে যে  দীৰ্ঘদিন ধৰি এটা ৰোগৰ সৈতে যুঁজি আছিল। ঋতুৰাজৰ অসুস্থতাৰ বিষয়ে সংবাদ মাধ্যমক জনাইছে অভিনেতাজনৰ বন্ধুৱে।


বহুলোকে নিশ্চয় ঋতুৰাজক বলীউডৰ বহু ছবিত দেখিছে, এসময়ত তেওঁ টেলিভিছনত কাম কৰি আছিল। বৰ্তমান ঋতুৰাজ টিভিৰ জনপ্ৰিয় চাবোন ‘অনুপমা’ত কৰ্মৰত আছিল।ইটাইমছৰ তথ্য অনুসৰি ঋতুৰাজৰ বন্ধু তথা অভিনেতা অমিত বাহলে কয় যে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে  মৃত্যু হৈছিল যদিও কিছুদিনৰ পূৰ্বে তেওঁ অগ্নাশয়ৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ গৈছিল। হস্পিতালৰ পৰা উভতি অহাৰ পাছত ঘৰতে জিৰণি লৈ আছিল। ইয়াৰ পাছত তেওঁৰো হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হৈছিল আৰু আজি অভিনেতাজনৰ মৃত্যু হয়।

ঋতুৰাজৰ মৃত্যুৰ খবৰৰ বাবেই মনোৰঞ্জন জগতত বিষাদৰ জোৱাৰ উঠিছে। মেৰী আৱাজ হি পেহচান হায়, তাদাপ, ব্ৰাদীনাথ কি দুলহনীয়া, সত্যমেৱ জয়তে আদি চিনেমাটো অভিনেতাজনে অভিনয় কৰিছে। বহু কষ্টৰ অন্তত অভিনেতাজনে এই স্থান তেওঁ অৰ্জন কৰিছিল। ঋতুৰাজ সিঙে থিয়েটাৰ একচন গ্ৰুপ (টিএজি)ত যোগদান কৰি প্ৰায় ১১ বছৰ ইয়াৰ লগত জড়িত হৈ থাকে। ১৯৯৩ চনত টিভি ধাৰাবাহিক ‘বানেগী আপনি বাত’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পিছত ঋতুৰাজে ইউলে লাভ ষ্ট’ৰী, মিষ্টাৰ শ্ৰীমতী, তহকীকাত, কহানী ঘৰ ঘৰ কি, কুটুম্ব আদি ধাৰাবাহিকত কাম কৰিছিল। বদ্ৰীনাথ কি দুলহনীয়া, সত্যমেৱ জয়তে ২, হম তুম ঔৰ ভূত, তুম মাইল, জাৰ্চি, ব’ছ আদি ছবিত কাম কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু