--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশক সকলোৱে ভালপায়। কিন্তু দেশৰ বাবে জীৱন সমৰ্পণ কৰে কেইজনে। বুকুত অলেখ-অযুত সাহস থাকিলেহে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি সাহসী লোকসকল দেশৰক্ষাৰ নামত ওলাই আহে। শেহতীয়াকৈ এটা পৰিয়াল চৰ্চাত আছে। তেওঁলোকক কব পাৰি দেশভক্ত পৰিয়াল কিয়নো পৰিয়ালটোৰ পিতৃ, পুত্ৰ, কন্যা তিনিও সামৰিক বাহিনীত কৰ্মৰত।

ডুনৰ বাসিন্দা লেফটেনেণ্ট ঈশান ডেভিদ ৱাশ্বিংটনে পিতৃ কৰ্ণেল সঞ্জয় ৱাশ্বিংটনৰ পদাংক অনুসৰণ কৰি সেনা বাহিনীত যোগ দিয়ে। অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা পাছ আউট কৰিছে ঈশানে।

বিশেষ কথাটো হ’ল লেফটেনেণ্ট ঈশানক সেই শিখ ৰেজিমেণ্টত নিযুক্ত দিয়া হৈছে য’ত ৩২ বছৰ পূৰ্বে ঈশানৰ পিতৃ সঞ্জয় ৱাশ্বিংটনক নিযুক্তি দিয়া হৈছিল। কেৱল এয়াই নহয়, তেওঁৰ ভগ্নী ইছিকা ডেভিদ ৱাশ্বিংটনো এগৰাকী সেনা বিষয়া। ২০২২ চনত অ’টিএৰ পৰা তেওঁ উত্তীৰ্ণ হৈছিল। বৰ্তমান তেওঁ লেফটেনেণ্ট আৰু উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত।

লেফটেনেণ্ট ঈশানে নিজৰ ভগ্নীক নিজৰ প্ৰেৰণা বুলি কয়। ঈশানে কয় যে নিজৰ সন্তানক সামৰিক ইউনিফৰ্ম পিন্ধা দেখাবলৈ পোৱাটো যিকোনো অভিভাৱকৰ বাবে গৌৰৱৰ অনুভৱ। মোৰ বৰ গৌৰৱ অনুভৱ হয় যে মোৰ দেউতা আৰু বাইদেউৰ দৰে আজি ময়ো সেনাবাহিনীত অফিচাৰ হৈ পৰিছো।

আনহাতে তেওঁৰ পিতৃ কৰ্ণেল সঞ্জয় ৱাশ্বিংটনে কয় যে তেওঁৰ দুয়োটা সন্তানক সামৰিক পোছাক পিন্ধা দেখিবলৈ পোৱাটো মোৰ আৰু মোৰ পত্নীৰ বাবে এটা সপোন পূৰণৰ দৰেই। মই সুখী যে মোৰ সন্তানে দেশ ৰক্ষাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি উত্তৰাখণ্ডৰ সামৰিক পৰম্পৰাৰ অংগ হৈ পৰিছে। উত্তৰাখণ্ডে অগণন সাহসী সৈনিক জন্ম দিছে আৰু তেওঁলোকৰ বীৰত্বৰ বাবেই ৰাজ্যখনক বীৰৰ দেশ বুলি কোৱা হয়। মোৰ দুয়ো সন্তান উত্তৰাখণ্ডৰ এই চহকী ঐতিহ্যৰ অংশ হৈ পৰাটো ভাল কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ