--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশক সকলোৱে ভালপায়। কিন্তু দেশৰ বাবে জীৱন সমৰ্পণ কৰে কেইজনে। বুকুত অলেখ-অযুত সাহস থাকিলেহে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি সাহসী লোকসকল দেশৰক্ষাৰ নামত ওলাই আহে। শেহতীয়াকৈ এটা পৰিয়াল চৰ্চাত আছে। তেওঁলোকক কব পাৰি দেশভক্ত পৰিয়াল কিয়নো পৰিয়ালটোৰ পিতৃ, পুত্ৰ, কন্যা তিনিও সামৰিক বাহিনীত কৰ্মৰত।

ডুনৰ বাসিন্দা লেফটেনেণ্ট ঈশান ডেভিদ ৱাশ্বিংটনে পিতৃ কৰ্ণেল সঞ্জয় ৱাশ্বিংটনৰ পদাংক অনুসৰণ কৰি সেনা বাহিনীত যোগ দিয়ে। অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা পাছ আউট কৰিছে ঈশানে।

বিশেষ কথাটো হ’ল লেফটেনেণ্ট ঈশানক সেই শিখ ৰেজিমেণ্টত নিযুক্ত দিয়া হৈছে য’ত ৩২ বছৰ পূৰ্বে ঈশানৰ পিতৃ সঞ্জয় ৱাশ্বিংটনক নিযুক্তি দিয়া হৈছিল। কেৱল এয়াই নহয়, তেওঁৰ ভগ্নী ইছিকা ডেভিদ ৱাশ্বিংটনো এগৰাকী সেনা বিষয়া। ২০২২ চনত অ’টিএৰ পৰা তেওঁ উত্তীৰ্ণ হৈছিল। বৰ্তমান তেওঁ লেফটেনেণ্ট আৰু উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত।

লেফটেনেণ্ট ঈশানে নিজৰ ভগ্নীক নিজৰ প্ৰেৰণা বুলি কয়। ঈশানে কয় যে নিজৰ সন্তানক সামৰিক ইউনিফৰ্ম পিন্ধা দেখাবলৈ পোৱাটো যিকোনো অভিভাৱকৰ বাবে গৌৰৱৰ অনুভৱ। মোৰ বৰ গৌৰৱ অনুভৱ হয় যে মোৰ দেউতা আৰু বাইদেউৰ দৰে আজি ময়ো সেনাবাহিনীত অফিচাৰ হৈ পৰিছো।

আনহাতে তেওঁৰ পিতৃ কৰ্ণেল সঞ্জয় ৱাশ্বিংটনে কয় যে তেওঁৰ দুয়োটা সন্তানক সামৰিক পোছাক পিন্ধা দেখিবলৈ পোৱাটো মোৰ আৰু মোৰ পত্নীৰ বাবে এটা সপোন পূৰণৰ দৰেই। মই সুখী যে মোৰ সন্তানে দেশ ৰক্ষাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি উত্তৰাখণ্ডৰ সামৰিক পৰম্পৰাৰ অংগ হৈ পৰিছে। উত্তৰাখণ্ডে অগণন সাহসী সৈনিক জন্ম দিছে আৰু তেওঁলোকৰ বীৰত্বৰ বাবেই ৰাজ্যখনক বীৰৰ দেশ বুলি কোৱা হয়। মোৰ দুয়ো সন্তান উত্তৰাখণ্ডৰ এই চহকী ঐতিহ্যৰ অংশ হৈ পৰাটো ভাল কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু