--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডসমূহ অসাংবিধানিক বুলি বাতিল কৰাৰ তিনিদিন আগতে বিত্ত মন্ত্ৰালয়ে এছপিএমচিআইএল (ভাৰতীয় সুৰক্ষা মুদ্ৰণ আৰু মিণ্টিং নিগম)ৰ দ্বাৰা ১০,০০০ নিৰ্বাচনী বণ্ড মুদ্ৰণৰ বাবে চূড়ান্ত অনুমোদন প্ৰদান কৰিছিল। এ নিৰ্বাচনী বণ্ডৰ প্ৰতিটোৰ মূল্য আছিল ১ কোটি টকাকৈ।  কিন্তু  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বণ্ডসমূহ অৰ্থহীন  হৈ পৰিছিল। তথ্যৰ অধিকাৰ আইনৰ অধীনত প্ৰাপ্ত বিত্ত মন্ত্ৰালয় আৰু এছ বি আইৰ মাজত বিনিময় কৰা চিঠিপত্ৰ আৰু ইমেইলৰ পৰা এইকথা পোবৰলৈ আহিছে। 

এই তথ্যসমূহে  এয়াও প্ৰকাশ কৰে যে এছ.পি.এম.চি.আই.এল.-য়ে ইতিমধ্যে ৮৩৫০ টা মুদ্ৰণ কৰিছিল - আৰু এছ.বি.আই.-লৈ প্ৰেৰণো কৰিছিল। নিৰ্বাচনী বণ্ড আঁচনিখনৰ আৰম্ভণিৰ পৰা সৰ্বাধিক ২২,২১৭  টা নিৰ্বাচনী বণ্ড মুকলি কৰা হৈছিল।   এছ.বি.আই.-ৰ লেনদেন বেঙ্কিং বিভাগৰ সহকাৰী মহাপ্ৰৱন্ধকে লিখিছিল: "আমি স্বীকাৰ কৰিছো  মুঠ ৮৩৫০ টা  বণ্ড মুদ্ৰণ কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পৰিপ্ৰেক্ষিতত আমি বাকী ১,৬৫০  টা নিৰ্বাচনী বণ্ড মুদ্ৰণৰ ওপৰত স্থগিতাদেশ দিবলৈ অনুৰোধ জনাইছো" । 


 উল্লেখ্য  দেশৰ সাতটা বিৰোধী দলে একেলগে মুঠ ৬,১৮৬ কোটি টকাৰ  নিৰ্বাচনী বণ্ড সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে  কেৱল বিজেপিয়ে  ৬,৯৮৬.৫ কোটি টকা নিৰ্বাচনী বণ্ডৰ নামত সংগ্ৰহ কৰিছিল।  নিৰ্বাচন আয়োগে দেওবাৰে নিৰ্বাচনী বণ্ডৰ পৰা কোনো এটা  দলে কিমান টকা উপাৰ্জন কৰিছিল তাৰ তথ্য প্ৰকাশ কৰিছে।নিৰ্বাচন আয়োগে  এক বিবৃতিত কৈছিল   যে ৰাজনৈতিক দলসমূহে উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰি নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰিছে। এই তথ্য    আয়োগৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হয়। ৱেবচাইটত  ৰাজনৈতিক দলৰ দ্বাৰা জাৰি কৰা নিৰ্বাচনী বণ্ডৰ তথ্য, তাৰিখ আৰু বণ্ডৰ পৰিমাণৰ কথা উল্লেখ আছে । 

 ভাৰতীয় ষ্টেট বেঙ্কৰ (এছ.বি.আই.) কোনটো শাখাত বণ্ডবোৰ আছিল, ক্ৰয়ৰ তাৰিখ আৰু সেইবোৰ ৰাজনৈতিক দলবোৰে লাভ  কৰাৰ তাৰিখ আদিও উল্লেখ কৰা হৈছে। এই বণ্ডবোৰৰ জৰিয়তে কোনটো দলে কিমান টকা লাভ কৰিছে? বিজেপিয়ে বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে। ৬,৯৮৬.৫ কোটি টকা গেৰুৱা শিবিৰৰ ভাণ্ডাৰলৈ গৈছে। তালিকাখনত তৃণমূল কংগ্ৰেছ (১,৩৯৭ কোটি টকা), কংগ্ৰেছ (১,৩৩৪ কোটি টকা) , ওড়িশাৰ  শাসনাধিষ্ঠ বিজেডি (৯৪৪.৫ কোটি টকা), তামিলনাডুৰ ডিএমকে (৬৫৬.৫ কোটি টকা) আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ (৪৪২.৮ টকা) উপাৰ্জন কৰাৰ তথ্য  অন্তৰ্ভুক্ত হৈ  আছে। জেডিএছে লাভ কৰা ৮৯.৭৫  কোটি টকাৰ ভিতৰত, মেঘা ইঞ্জিনিয়াৰিঙে  ৫০  কোটি টকা পৰিশোধ কৰিছিল। প্ৰতিষ্ঠানটো নিৰ্বাচনী বণ্ড ক্ৰয় কৰাত দ্বিতীয় স্থানত আছে।  ডিএমকেৰ ৩৭ শতাংশ নিৰ্বাচনী বণ্ডৰ  অনুদান ফিউচাৰ গেমিঙৰ পৰা আহিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ