--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৬ চনৰ ভিতৰত দেশৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰৰে এখন হিচাবে অসমক গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও সেই ঘোষণা প্ৰকৃতাৰ্থত সাৰ্থক হ’বনে? আপাততঃ তেনে কোনো আশাই দেখা নাই বহুতে৷ ২০২৬ চনলৈ মাজত মাত্ৰ তিনিটা বছৰহে বাকী ৷ কিন্তু এনে সময়তো দেশৰ মুঠ ঘৰুৱা উৎপাদনত (জিডিপি) অৱদানৰ ক্ষেত্ৰত অসম এতিয়াও ১৭ সংখ্যক  স্থানতে আছে। 

সেয়েহে এনে পৰিস্থিতিত ২০২৬ চনৰ ভিতৰত ৰাজ্যখনক দেশৰ শীৰ্ষ পাঁচখন সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ কল্পনা বাস্তৱ হ’ব নে নহয় সেয়া সন্দেহৰ বিষয় হৈয়েই ৰৈছে।পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজৰে এখন হিচাবে গঢ় দিবলৈ বিভিন্ন স্তৰত এক নিৰ্দিষ্ট বাস্তৱবাদ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ  প্ৰয়োজন আছে ৷ যিবোৰ পদক্ষেপে ৰাজ্যখনত অৰ্থনৈতিক আৰু সামাজিক বিকাশ দ্ৰুত গতিত আগুৱাই নিব পাৰিব৷২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত সাক্ষৰতাৰ  হাৰ হৈছে ৭৩.১৮ শতাংশ।

 কিন্তু ৯৩.৯১ শতাংশ সাক্ষৰতাৰ হাৰেৰে  কেৰালাই সাক্ষৰতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।সাক্ষৰতাৰ দিশত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত থকা ৰাজ্য খন হৈছে অন্ধ্ৰপ্ৰদেশ।অন্ধ্ৰপ্ৰদেশত  সাক্ষৰতাৰ হাৰ ৬৬.৪ শতাংশ।মানৱ সম্পদ উন্নয়নৰ ক্ষেত্তৰত কেৰালাতকৈ অসম বহু পিছপৰা হৈয়েই আছে৷ কেৰালাৰ উন্নয়নক দেশৰ বহু ৰাজ্যই এতিয়া আৰ্হি হিচাবে গ্ৰহণ কৰিছে৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেৰালাক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাবে মন্তব্য কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নীতি আয়োগে  সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ 

তেওঁলোকে ২০১৯-২০ বৰ্ষৰ ভিত্তিত এই ৰেংকিং প্ৰকাশ কৰিছিল৷ ২০১৯-২০ বৰ্ষত যৌগিক সূচকৰ নম্বৰৰ আধাৰত প্ৰকাশিত সামগ্ৰিক ৰেংকিঙত দেশৰ ভিতৰতে কেৰালাই পুনৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, স্বাস্থ্য সূচকাংকত উত্তৰ প্ৰদেশে লাভ কৰিছে অন্তিম স্থান।প্ৰতিবেদনখনে আঙুলিয়াই দিছে যে, একেৰাহে চতুৰ্থ ৰাউণ্ডৰ বাবে কেৰালা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে।  

প্ৰকাশিত এই প্ৰতিবেদনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু আৰু তেলেংগানাই৷ একেদৰে চতুৰ্থ স্থানত অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই পঞ্চম স্থান লাভ কৰে৷নীতি আয়োগৰ প্ৰতিবেদনত উত্তৰ প্ৰদেশে সৰ্বনিম্ন ১৯সংখ্যক স্থান কৰাৰ লগতে অসমে লাভ কৰিছে ১২সংখ্যক স্থান৷এনে পৰিস্থিতিত নিৱনুৱা সমস্যা, বান-গৰাখহনীয়াৰ সমস্যাই সৰ্বস্বান্ত কৰা অসমে শ্ৰেষ্ঠতাৰ ধ্বজা কেতিয়া  উৰুৱাব পাৰিব এতিয়া সেয়া এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে৷ 

ইয়াৰ মাজতে আন এটা ভাল খবৰ এয়াই যে দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু পিনাৰাই বিজয়ন অন্যতম হিচাবে পৰিগণিত হৈছে৷ আইএএনএছ চি-ভোটাৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছিল৷ সেই দিশৰ পৰা হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ সপোন পূৰাব পাৰিব বুলি বহুতে আশা কৰিছে৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ