--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৬ চনৰ ভিতৰত দেশৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰৰে এখন হিচাবে অসমক গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও সেই ঘোষণা প্ৰকৃতাৰ্থত সাৰ্থক হ’বনে? আপাততঃ তেনে কোনো আশাই দেখা নাই বহুতে৷ ২০২৬ চনলৈ মাজত মাত্ৰ তিনিটা বছৰহে বাকী ৷ কিন্তু এনে সময়তো দেশৰ মুঠ ঘৰুৱা উৎপাদনত (জিডিপি) অৱদানৰ ক্ষেত্ৰত অসম এতিয়াও ১৭ সংখ্যক  স্থানতে আছে। 

সেয়েহে এনে পৰিস্থিতিত ২০২৬ চনৰ ভিতৰত ৰাজ্যখনক দেশৰ শীৰ্ষ পাঁচখন সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ কল্পনা বাস্তৱ হ’ব নে নহয় সেয়া সন্দেহৰ বিষয় হৈয়েই ৰৈছে।পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজৰে এখন হিচাবে গঢ় দিবলৈ বিভিন্ন স্তৰত এক নিৰ্দিষ্ট বাস্তৱবাদ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ  প্ৰয়োজন আছে ৷ যিবোৰ পদক্ষেপে ৰাজ্যখনত অৰ্থনৈতিক আৰু সামাজিক বিকাশ দ্ৰুত গতিত আগুৱাই নিব পাৰিব৷২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত সাক্ষৰতাৰ  হাৰ হৈছে ৭৩.১৮ শতাংশ।

 কিন্তু ৯৩.৯১ শতাংশ সাক্ষৰতাৰ হাৰেৰে  কেৰালাই সাক্ষৰতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।সাক্ষৰতাৰ দিশত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত থকা ৰাজ্য খন হৈছে অন্ধ্ৰপ্ৰদেশ।অন্ধ্ৰপ্ৰদেশত  সাক্ষৰতাৰ হাৰ ৬৬.৪ শতাংশ।মানৱ সম্পদ উন্নয়নৰ ক্ষেত্তৰত কেৰালাতকৈ অসম বহু পিছপৰা হৈয়েই আছে৷ কেৰালাৰ উন্নয়নক দেশৰ বহু ৰাজ্যই এতিয়া আৰ্হি হিচাবে গ্ৰহণ কৰিছে৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেৰালাক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাবে মন্তব্য কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নীতি আয়োগে  সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ 

তেওঁলোকে ২০১৯-২০ বৰ্ষৰ ভিত্তিত এই ৰেংকিং প্ৰকাশ কৰিছিল৷ ২০১৯-২০ বৰ্ষত যৌগিক সূচকৰ নম্বৰৰ আধাৰত প্ৰকাশিত সামগ্ৰিক ৰেংকিঙত দেশৰ ভিতৰতে কেৰালাই পুনৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, স্বাস্থ্য সূচকাংকত উত্তৰ প্ৰদেশে লাভ কৰিছে অন্তিম স্থান।প্ৰতিবেদনখনে আঙুলিয়াই দিছে যে, একেৰাহে চতুৰ্থ ৰাউণ্ডৰ বাবে কেৰালা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে।  

প্ৰকাশিত এই প্ৰতিবেদনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু আৰু তেলেংগানাই৷ একেদৰে চতুৰ্থ স্থানত অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই পঞ্চম স্থান লাভ কৰে৷নীতি আয়োগৰ প্ৰতিবেদনত উত্তৰ প্ৰদেশে সৰ্বনিম্ন ১৯সংখ্যক স্থান কৰাৰ লগতে অসমে লাভ কৰিছে ১২সংখ্যক স্থান৷এনে পৰিস্থিতিত নিৱনুৱা সমস্যা, বান-গৰাখহনীয়াৰ সমস্যাই সৰ্বস্বান্ত কৰা অসমে শ্ৰেষ্ঠতাৰ ধ্বজা কেতিয়া  উৰুৱাব পাৰিব এতিয়া সেয়া এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে৷ 

ইয়াৰ মাজতে আন এটা ভাল খবৰ এয়াই যে দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু পিনাৰাই বিজয়ন অন্যতম হিচাবে পৰিগণিত হৈছে৷ আইএএনএছ চি-ভোটাৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছিল৷ সেই দিশৰ পৰা হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ সপোন পূৰাব পাৰিব বুলি বহুতে আশা কৰিছে৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু