--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূতৰ ওপৰত দানহ পৰাদি ক্ৰমান্বয়ে ডুব গৈ থকা যোশীমঠ চহৰত এতিয়া আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত আৰু বৰষুণ৷ গাড়োৱাল হিমালয়ৰ এখন পাদদেশত অৱস্থিত  যোশীমঠ কিদৰে তললৈ বহি গৈ আছে সেইসম্পৰ্কীয় উপগ্ৰহীয় তথ্য প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই৷

ইছৰোৰ ছবিত  চহৰখন কেনেকৈ মাটিৰ তলত সোমাই গৈ আছে  সেয়া ভয়ংকৰ ৰূপত ধৰা পৰিছে৷। যোশীমঠৰ বাসিন্দাসকলে তেওঁলোকৰ ঘৰ আৰু জীৱিকা হেৰুওৱাৰ পিছত চৰম অনিশ্চয়তাত ভুগি আছে। ইফালে, বৰষুণ আৰু বৰফে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। শুকুৰবাৰে চহৰখনৰ পৰা প্ৰায় ১০  কিলোমিটাৰ দূৰৈৰ  আউলিত তুষাৰপাত আৰম্ভ হয়। তাপমাত্ৰাও বহু কমি যায়৷ । ঘৰ হেৰুৱাই  যোশীমঠৰ বাসিন্দাসকলে চহৰ খনৰ ৰাস্তাতে দিনে-নিশাই কটাই আছে৷ 

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ  তথ্য অনুসৰি যোশীমঠত ১.২  মিমি বৰষুণ হৈছে। বৰষুণ আৰু তুষাৰপাতৰ ফলত যোশীমঠকে ধৰি চামোলি জিলাৰ বিভিন্ন স্থানত পাৰাস্তম্ভ  প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ হ্ৰাস পায়।

উল্লেখ্য ২ জানুৱাৰীৰ পৰা এতিয়ালৈকে  যোশীমঠৰ ৭৬০ টাতকৈও অধিক ঘৰত ফাট মেলিছে। চহৰখনৰ ৰাস্তা, মন্দিৰ আৰুপথাৰ আদিতো  ভয়ংকৰ ফাট মেলা দেখা গৈছে। সেই চহৰখনৰ বহু মানুহ চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰত আছে। এতিয়ালৈকে, প্ৰায় ১৬৯ টা পৰিয়ালক সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰাখণ্ড চৰকাৰে যোশীমঠৰ অস্তিত্ব আৰু নাথাকে বুলি ঘোষণা কৰিছে৷   বৰষুণ আৰু বৰফে তেওঁলোকৰ দুখ-কষ্ট বৃদ্ধি কৰিছে। তেওঁলোকে ৰাতিটো ৰাস্তাত কঁপি কটাইছিল। অৱশ্যে, প্ৰশাসনে দাবী কৰে যে তেওঁলোককো শীঘ্ৰেই আশ্ৰয় শিবিৰলৈ লৈ যোৱা হ'ব।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ  সঞ্চালক বিক্ৰম সিঙে কয়, "যোশীমঠ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নিম্নতম তাপমাত্ৰা আৰু হ্ৰাস পাব। নিশা পাৰাস্তম্ভ  ২.৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে। দিনটোত, তাপমাত্ৰা ১০ ৰ পৰা ১১ ডিগ্ৰী চেলচিয়াছ হ'ব। উত্তৰাখণ্ডত অহা কেইদিনমানৰ বাবে  বৰষুণ আৰু বৰফ পৰিব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক