--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূতৰ ওপৰত দানহ পৰাদি ক্ৰমান্বয়ে ডুব গৈ থকা যোশীমঠ চহৰত এতিয়া আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত আৰু বৰষুণ৷ গাড়োৱাল হিমালয়ৰ এখন পাদদেশত অৱস্থিত  যোশীমঠ কিদৰে তললৈ বহি গৈ আছে সেইসম্পৰ্কীয় উপগ্ৰহীয় তথ্য প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই৷

ইছৰোৰ ছবিত  চহৰখন কেনেকৈ মাটিৰ তলত সোমাই গৈ আছে  সেয়া ভয়ংকৰ ৰূপত ধৰা পৰিছে৷। যোশীমঠৰ বাসিন্দাসকলে তেওঁলোকৰ ঘৰ আৰু জীৱিকা হেৰুওৱাৰ পিছত চৰম অনিশ্চয়তাত ভুগি আছে। ইফালে, বৰষুণ আৰু বৰফে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। শুকুৰবাৰে চহৰখনৰ পৰা প্ৰায় ১০  কিলোমিটাৰ দূৰৈৰ  আউলিত তুষাৰপাত আৰম্ভ হয়। তাপমাত্ৰাও বহু কমি যায়৷ । ঘৰ হেৰুৱাই  যোশীমঠৰ বাসিন্দাসকলে চহৰ খনৰ ৰাস্তাতে দিনে-নিশাই কটাই আছে৷ 

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ  তথ্য অনুসৰি যোশীমঠত ১.২  মিমি বৰষুণ হৈছে। বৰষুণ আৰু তুষাৰপাতৰ ফলত যোশীমঠকে ধৰি চামোলি জিলাৰ বিভিন্ন স্থানত পাৰাস্তম্ভ  প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ হ্ৰাস পায়।

উল্লেখ্য ২ জানুৱাৰীৰ পৰা এতিয়ালৈকে  যোশীমঠৰ ৭৬০ টাতকৈও অধিক ঘৰত ফাট মেলিছে। চহৰখনৰ ৰাস্তা, মন্দিৰ আৰুপথাৰ আদিতো  ভয়ংকৰ ফাট মেলা দেখা গৈছে। সেই চহৰখনৰ বহু মানুহ চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰত আছে। এতিয়ালৈকে, প্ৰায় ১৬৯ টা পৰিয়ালক সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰাখণ্ড চৰকাৰে যোশীমঠৰ অস্তিত্ব আৰু নাথাকে বুলি ঘোষণা কৰিছে৷   বৰষুণ আৰু বৰফে তেওঁলোকৰ দুখ-কষ্ট বৃদ্ধি কৰিছে। তেওঁলোকে ৰাতিটো ৰাস্তাত কঁপি কটাইছিল। অৱশ্যে, প্ৰশাসনে দাবী কৰে যে তেওঁলোককো শীঘ্ৰেই আশ্ৰয় শিবিৰলৈ লৈ যোৱা হ'ব।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ  সঞ্চালক বিক্ৰম সিঙে কয়, "যোশীমঠ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নিম্নতম তাপমাত্ৰা আৰু হ্ৰাস পাব। নিশা পাৰাস্তম্ভ  ২.৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে। দিনটোত, তাপমাত্ৰা ১০ ৰ পৰা ১১ ডিগ্ৰী চেলচিয়াছ হ'ব। উত্তৰাখণ্ডত অহা কেইদিনমানৰ বাবে  বৰষুণ আৰু বৰফ পৰিব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে