--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰায় ৬৭ শতাংশ শিশু আৰু ৫৭ শতাংশ মহিলাই ভুগিছে ৰক্তহীনতাত।ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ভাৰতৰ প্ৰায় ৬৭ শতাংশ  শিশু আৰু ৫৭ শতাংশ  মহিলা ৰক্তহীনতাত ভুগি আছে। 

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২১ ৰ তথ্যই দেশত ৰক্তহীনতাৰ বিষয়ে উদ্বেগজনক পৰিসংখ্যা প্ৰকাশ কৰিছে । প্ৰতিবেদনত  কোৱা হৈছে যে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৫৭ শতাংশ ছোৱালী তথা মহিলা ৰক্তহীনতাত আক্ৰান্ত।  তথ্যই প্ৰমাণ  কৰিছে  যে গ্ৰাম্য অঞ্চলত ৰক্তহীনতা অধিক ভয়াৱহ হৈ উঠিছে।  য'ত ১৫ ৰ পৰা ৪৯  বছৰ বয়সৰ ৫৮.৫ % মহিলা আৰু ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ৬০.২ % ছোৱালী ৰক্তহীনতাৰ চিকাৰ হৈছে।  

আনহাতে  চহৰাঞ্চলৰ ৫৩.৮%  মহিলা আৰু ৫৬.৫% ছোৱালী ৰক্তহীনতাত আক্ৰান্ত। জৰীপৰ তথ্যই এই কথাও  প্ৰকাশ কৰিছে যে ভাৰতত ৬ ৰ পৰা ৫৯ মাহ বয়সৰ প্ৰায় ৬৭.১% শিশু ৰক্তহীনতাত ভুগিছে। উল্লেখ্য  ৯ ফেব্ৰুৱাৰীত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংসদত দিয়া উত্তৰত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ ২০১৯-২১ বৰ্ষৰ জৰীপৰ তথ্য অন্তৰ্ভুক্ত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু