--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰায় ৬৭ শতাংশ শিশু আৰু ৫৭ শতাংশ মহিলাই ভুগিছে ৰক্তহীনতাত।ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ভাৰতৰ প্ৰায় ৬৭ শতাংশ  শিশু আৰু ৫৭ শতাংশ  মহিলা ৰক্তহীনতাত ভুগি আছে। 

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২১ ৰ তথ্যই দেশত ৰক্তহীনতাৰ বিষয়ে উদ্বেগজনক পৰিসংখ্যা প্ৰকাশ কৰিছে । প্ৰতিবেদনত  কোৱা হৈছে যে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৫৭ শতাংশ ছোৱালী তথা মহিলা ৰক্তহীনতাত আক্ৰান্ত।  তথ্যই প্ৰমাণ  কৰিছে  যে গ্ৰাম্য অঞ্চলত ৰক্তহীনতা অধিক ভয়াৱহ হৈ উঠিছে।  য'ত ১৫ ৰ পৰা ৪৯  বছৰ বয়সৰ ৫৮.৫ % মহিলা আৰু ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ৬০.২ % ছোৱালী ৰক্তহীনতাৰ চিকাৰ হৈছে।  

আনহাতে  চহৰাঞ্চলৰ ৫৩.৮%  মহিলা আৰু ৫৬.৫% ছোৱালী ৰক্তহীনতাত আক্ৰান্ত। জৰীপৰ তথ্যই এই কথাও  প্ৰকাশ কৰিছে যে ভাৰতত ৬ ৰ পৰা ৫৯ মাহ বয়সৰ প্ৰায় ৬৭.১% শিশু ৰক্তহীনতাত ভুগিছে। উল্লেখ্য  ৯ ফেব্ৰুৱাৰীত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংসদত দিয়া উত্তৰত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ ২০১৯-২১ বৰ্ষৰ জৰীপৰ তথ্য অন্তৰ্ভুক্ত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ