--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ১৪ হাজাৰ কৃষকে উত্তাল কৰি ৰাখিছে দিল্লীৰ সীমান্ত।  কৃষকৰ  'দিল্লী চলো' কাৰ্যসূচীৰ বাবে যোৱা কেইদিনমান ধৰি পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ কেইবাটাও অঞ্চল উত্তেজনাপূৰ্ণ হৈ আছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায়ে সংঘৰ্ষ লাগি আছে।  শেহতীয়াকৈ একাধিক লোকৰ এই সংঘৰ্ষত মৃত্যু ঘটিছে। এনে উত্তেজনাৰ বাবেই কৃষক সংগঠনসমূহে 'দিল্লী চলো' কাৰ্যসূচী কেইদিনমানৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।  তেওঁলোকে এই কেইটা দিনত  সীমান্ত পাৰ হৈ দিল্লীলৈ যাবলৈ চেষ্টা নকৰিলেও সীমান্ত অঞ্চলতে অৱস্থান গ্ৰহণ কৰি থাকিব। 

শুকুৰবাৰে নিশা খানুৰী সীমান্তত সংযুক্ত কিষাণ মৰ্চাৰ নেতা সৰ্বন সিং পান্ধেৰে এখন সংবাদমেল অনুষ্ঠিত কৰে। আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে 'দিল্লী চলো' কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখা  হৈছে। তেওঁ কয় "এই কাৰ্যসূচী ২৯ ফেব্ৰুৱাৰীলৈকে স্থগিত থাকিব। কিন্তু আমি সীমান্ত এৰি নাযাওঁ । আমি সীমান্ততে অপেক্ষা কৰিম। ''

 কৃষকসকলে দেওবাৰে মম লৈ  পদযাত্ৰা অনুষ্ঠিত কৰিব। সোমবাৰে কৃষকৰ সমস্যাৰ বিষয়ত এখন আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে। কৃষক সংঘৰ নেতাসকলে ২৭ ফেব্ৰুৱাৰীত পুনৰ মিলিত হ'ব। আন্দোলনৰ পৰৱৰ্তী কাৰ্যপন্থা সেই সভাতে নিৰ্ধাৰণ কৰা হ'ব।

উল্লেখ্য খানুৰী আৰু শম্ভু সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়ত প্ৰায় ১৪,০০০ কৃষকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত  হৈছিল । প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল।সীমান্তত বৃহৎ মাত্ৰাত  অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। 

সংঘৰ্ষত শুভকৰণ সিং নামৰ এজন ২১ বছৰীয়া যুৱক নিহত হৈছিল।  পঞ্জাৱ চৰকাৰে মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে। অৱশ্যে, মৃত কৃষকজনৰ পৰিয়ালে ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। পৰিয়ালৰ লোকে কৈছে "আমি আমাৰ সন্তানৰ বাবে ন্যায় বিচাৰিছো। এয়া  ধন বা চাকৰিৰ সমতুল্য হ'ব নোৱাৰে’’। 
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু