--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ১৪ হাজাৰ কৃষকে উত্তাল কৰি ৰাখিছে দিল্লীৰ সীমান্ত।  কৃষকৰ  'দিল্লী চলো' কাৰ্যসূচীৰ বাবে যোৱা কেইদিনমান ধৰি পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ কেইবাটাও অঞ্চল উত্তেজনাপূৰ্ণ হৈ আছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায়ে সংঘৰ্ষ লাগি আছে।  শেহতীয়াকৈ একাধিক লোকৰ এই সংঘৰ্ষত মৃত্যু ঘটিছে। এনে উত্তেজনাৰ বাবেই কৃষক সংগঠনসমূহে 'দিল্লী চলো' কাৰ্যসূচী কেইদিনমানৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।  তেওঁলোকে এই কেইটা দিনত  সীমান্ত পাৰ হৈ দিল্লীলৈ যাবলৈ চেষ্টা নকৰিলেও সীমান্ত অঞ্চলতে অৱস্থান গ্ৰহণ কৰি থাকিব। 

শুকুৰবাৰে নিশা খানুৰী সীমান্তত সংযুক্ত কিষাণ মৰ্চাৰ নেতা সৰ্বন সিং পান্ধেৰে এখন সংবাদমেল অনুষ্ঠিত কৰে। আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে 'দিল্লী চলো' কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখা  হৈছে। তেওঁ কয় "এই কাৰ্যসূচী ২৯ ফেব্ৰুৱাৰীলৈকে স্থগিত থাকিব। কিন্তু আমি সীমান্ত এৰি নাযাওঁ । আমি সীমান্ততে অপেক্ষা কৰিম। ''

 কৃষকসকলে দেওবাৰে মম লৈ  পদযাত্ৰা অনুষ্ঠিত কৰিব। সোমবাৰে কৃষকৰ সমস্যাৰ বিষয়ত এখন আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে। কৃষক সংঘৰ নেতাসকলে ২৭ ফেব্ৰুৱাৰীত পুনৰ মিলিত হ'ব। আন্দোলনৰ পৰৱৰ্তী কাৰ্যপন্থা সেই সভাতে নিৰ্ধাৰণ কৰা হ'ব।

উল্লেখ্য খানুৰী আৰু শম্ভু সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়ত প্ৰায় ১৪,০০০ কৃষকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত  হৈছিল । প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল।সীমান্তত বৃহৎ মাত্ৰাত  অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। 

সংঘৰ্ষত শুভকৰণ সিং নামৰ এজন ২১ বছৰীয়া যুৱক নিহত হৈছিল।  পঞ্জাৱ চৰকাৰে মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে। অৱশ্যে, মৃত কৃষকজনৰ পৰিয়ালে ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। পৰিয়ালৰ লোকে কৈছে "আমি আমাৰ সন্তানৰ বাবে ন্যায় বিচাৰিছো। এয়া  ধন বা চাকৰিৰ সমতুল্য হ'ব নোৱাৰে’’। 
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ