--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷   উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এই  গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি  কয় যে ভৱিষ্যতে দেশৰ সকলো চিকিৎসালয়ত চিকিৎসাৰ ব্যয় সমান কৰিব লাগিব। 

উচ্চতম ন্যায়ালয়ে  চৰকাৰক অহা ছসপ্তাহৰ ভিতৰত অৰ্থাৎ ডেৰ মাহৰ ভিতৰত এই নিৰ্দেশনাৰ বিষয়ে  সিদ্ধান্ত ল'বলৈ কৈছে। বৰ্তমান, দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ ব্যয় বেলেগ বেলেগ হৈ আহিছে। এই কথাই নগদবিহীন স্বাস্থ্য বীমা সেৱা প্ৰৱৰ্তন কৰাটো কঠিন কৰি তুলিছে। এটা স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ত  উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজজড়িত  এখন আবেদন কৰিছিল৷  

সেই আবেদনৰ  শুনানিৰ সময়ত দুগৰাকী  ন্যায়াধীশৰ বিচাৰপীঠে কয়, "আমি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবক নিৰ্দেশ দিছো যে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এটা নিৰ্দিষ্ট প্ৰস্তাৱ আনিব লাগে।প্ৰস্তাৱটো পৰৱৰ্তী ছসপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব।" 

 যোৱা সপ্তাহত ন্যায়াধীশ বি আৰ গাভাই আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কৈছিল, "যদি কেন্দ্ৰই পৰৱৰ্তী শুনানিৰ তাৰিখৰ ভিতৰত কোনো নিৰ্দিষ্ট প্ৰস্তাৱ আনিব নোৱাৰে, তেন্তে আমি এই সন্দৰ্ভত উপযুক্ত নিৰ্দেশনা জাৰি কৰিম।" সেই অনুসৰি, বিচাৰকসকলে ছসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক