--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷   উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এই  গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি  কয় যে ভৱিষ্যতে দেশৰ সকলো চিকিৎসালয়ত চিকিৎসাৰ ব্যয় সমান কৰিব লাগিব। 

উচ্চতম ন্যায়ালয়ে  চৰকাৰক অহা ছসপ্তাহৰ ভিতৰত অৰ্থাৎ ডেৰ মাহৰ ভিতৰত এই নিৰ্দেশনাৰ বিষয়ে  সিদ্ধান্ত ল'বলৈ কৈছে। বৰ্তমান, দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ ব্যয় বেলেগ বেলেগ হৈ আহিছে। এই কথাই নগদবিহীন স্বাস্থ্য বীমা সেৱা প্ৰৱৰ্তন কৰাটো কঠিন কৰি তুলিছে। এটা স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ত  উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজজড়িত  এখন আবেদন কৰিছিল৷  

সেই আবেদনৰ  শুনানিৰ সময়ত দুগৰাকী  ন্যায়াধীশৰ বিচাৰপীঠে কয়, "আমি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবক নিৰ্দেশ দিছো যে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এটা নিৰ্দিষ্ট প্ৰস্তাৱ আনিব লাগে।প্ৰস্তাৱটো পৰৱৰ্তী ছসপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব।" 

 যোৱা সপ্তাহত ন্যায়াধীশ বি আৰ গাভাই আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কৈছিল, "যদি কেন্দ্ৰই পৰৱৰ্তী শুনানিৰ তাৰিখৰ ভিতৰত কোনো নিৰ্দিষ্ট প্ৰস্তাৱ আনিব নোৱাৰে, তেন্তে আমি এই সন্দৰ্ভত উপযুক্ত নিৰ্দেশনা জাৰি কৰিম।" সেই অনুসৰি, বিচাৰকসকলে ছসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক