--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে অজ্ঞাত লোকে৷  মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰা হ'ব যদিহে কংগ্ৰেছ শাসনলৈ আহে। কৰ্ণাটকৰ এজন লোকে এটা ভিডিঅ' বাৰ্তাত এনে ধৰণৰ ভাবুকি দিছে। অভিযুক্তজনৰ বিৰুদ্ধে ইতিমধ্যে  এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

 অভিযুক্তজনক মহম্মদ ৰছুল কাদেৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান  আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি কৰ্ণাটকৰ বাসিন্দা ৰাছুলে অলপতে তেওঁৰ ম'বাইল ফোনৰ  চেলফি মোড ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ’টোত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কংগ্ৰেছ শাসনলৈ আহিলেই হত্যা কৰা হ’ব বুলি ভাবুকি দিছে৷ 

  ভিডিঅ'টোত লোকজনে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পিছত যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে মোদী আৰু যোগীক হত্যা কৰা হ'ব। স্বাভাৱিকতে, তেওঁৰ ভিডিঅ'টোৱে  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷  সুৰপুৰ আৰক্ষী থানাত ঘটনাটোকলৈ এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। সুৰপুৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৫০৫ (১) (খ), ২৫ (১) (খ) আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ  পঞ্জীয়ন কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত ৰাছুল কৰ্ণাটকৰ য়াদগিৰ জিলাৰ ৰনগাপেট অঞ্চলৰ বাসিন্দা। কৰ্মসূত্ৰে  লোকজনে হায়দৰাবাদত থাকে৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত কৰ্ণাটকৰ লগতে হায়দৰাবাদৰ কেইবাঠাইতো তালাচী  আৰম্ভ কৰিছে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত্যুৰ ভাবুকি পোৱাৰ ঘটনা এয়াই  প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁলোকে হত্যাৰ ভাবুকি পাইছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক