--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে অজ্ঞাত লোকে৷  মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰা হ'ব যদিহে কংগ্ৰেছ শাসনলৈ আহে। কৰ্ণাটকৰ এজন লোকে এটা ভিডিঅ' বাৰ্তাত এনে ধৰণৰ ভাবুকি দিছে। অভিযুক্তজনৰ বিৰুদ্ধে ইতিমধ্যে  এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

 অভিযুক্তজনক মহম্মদ ৰছুল কাদেৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান  আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি কৰ্ণাটকৰ বাসিন্দা ৰাছুলে অলপতে তেওঁৰ ম'বাইল ফোনৰ  চেলফি মোড ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ’টোত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কংগ্ৰেছ শাসনলৈ আহিলেই হত্যা কৰা হ’ব বুলি ভাবুকি দিছে৷ 

  ভিডিঅ'টোত লোকজনে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পিছত যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে মোদী আৰু যোগীক হত্যা কৰা হ'ব। স্বাভাৱিকতে, তেওঁৰ ভিডিঅ'টোৱে  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷  সুৰপুৰ আৰক্ষী থানাত ঘটনাটোকলৈ এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। সুৰপুৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৫০৫ (১) (খ), ২৫ (১) (খ) আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ  পঞ্জীয়ন কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত ৰাছুল কৰ্ণাটকৰ য়াদগিৰ জিলাৰ ৰনগাপেট অঞ্চলৰ বাসিন্দা। কৰ্মসূত্ৰে  লোকজনে হায়দৰাবাদত থাকে৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত কৰ্ণাটকৰ লগতে হায়দৰাবাদৰ কেইবাঠাইতো তালাচী  আৰম্ভ কৰিছে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত্যুৰ ভাবুকি পোৱাৰ ঘটনা এয়াই  প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁলোকে হত্যাৰ ভাবুকি পাইছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু