--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ জ্যেষ্ঠ সাংবাদিক বিনোদ ডুৱাৰ আজি আবেলি ৬৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ ক’ভিডোত্তৰ জটিলতাত সাংবাদিকগৰাকীৰ বিয়োগ ঘটা বুলি তেওঁৰ কন্যা মল্লিকা ডুৱাই ছ'চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰিছে৷ ভাৰতৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া বিনোদ ডুৱাই দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল৷

পৰৱৰ্তী সময়ত NDTV INDIA বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানটোৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিল বিনোদ ডুৱাই৷ ক’ভিডত আক্ৰান্ত হৈ গুড়গাঁৱৰ এপোলো হাস্পতালত চিকিৎসাধীন সাংবাদিকগৰাকীক সোমবাৰে আইচিইউত ভৰ্তি কৰোৱা হৈছিল৷ নিৰ্ভীক সাংবাদিকগৰাকীৰ বিয়োগৰ লগে লগে প্ৰগতিশীল সাংবাদিকতাৰ এটি যুগৰ অৱসান ঘটিল৷ চৰকাৰৰ ভুল-ক্ৰটীক সংবাদসেৱাৰ জৰিয়তে উদঙাই ৰাইজক প্ৰকৃত তথ্যবোৰ জনাই গৈছিল বিনোদ ডুৱাই৷ চৰকাৰবিৰোধী শক্তিশালী স্থিতিৰে আপোচহীন কণ্ঠ হৈ পৰিছিল বিনোদ ডুৱা৷

আদৰ্শ আৰু স্থিতিৰ সৈতে আপোচ নকৰাকৈ দেশৰ লাঞ্ছিত জনতাৰ কণ্ঠ হৈ পৰিছিল সাংবাদিকগৰাকী৷ চৰকাৰবিৰোধী স্থিতি গ্ৰহণ কৰা বাবে আনকি সাংবাদিকগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ৷ সাংবাদিকগৰাকীৰ এটা ইউটিউব শ্ব'ৰ পাছতেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল সাংবাদিকগৰাকীৰ বিৰুদ্ধে৷ সাংবাদিকতাৰ চৰিত্ৰত হস্তক্ষেপ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া গুচৰীয়া পক্ষক প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে৷ আজি বিয়োগ ঘটা সাংবাদিকগৰাকী নিজৰ বৃত্তিৰ প্ৰতি ইমানেই শ্ৰদ্ধাশীল আৰু সংবেদনশীল আছিল যে শেষ সময়ত তেওঁ এনডিটিভিৰ পৰা পদত্যাগ কৰি একক প্ৰচেষ্টাৰে ডিজিটেল মাধ্যমযোগে চৰকাৰৰ ভুলবোৰ উদঙাই দিছিল৷ শাসকৰ চকুত চকু থৈ কথা কোৱাৰ সাহস ৰখা সাংবাদিকগৰাকীৰ মৃত্যুত মৰ্মাহত তেওঁৰ শুভাকাংক্ষী, গুণমুগ্ধসকল৷ কাইলৈ দিল্লীৰ লোধি শ্মশানত সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন