--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ জ্যেষ্ঠ সাংবাদিক বিনোদ ডুৱাৰ আজি আবেলি ৬৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ ক’ভিডোত্তৰ জটিলতাত সাংবাদিকগৰাকীৰ বিয়োগ ঘটা বুলি তেওঁৰ কন্যা মল্লিকা ডুৱাই ছ'চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰিছে৷ ভাৰতৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া বিনোদ ডুৱাই দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল৷

পৰৱৰ্তী সময়ত NDTV INDIA বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানটোৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিল বিনোদ ডুৱাই৷ ক’ভিডত আক্ৰান্ত হৈ গুড়গাঁৱৰ এপোলো হাস্পতালত চিকিৎসাধীন সাংবাদিকগৰাকীক সোমবাৰে আইচিইউত ভৰ্তি কৰোৱা হৈছিল৷ নিৰ্ভীক সাংবাদিকগৰাকীৰ বিয়োগৰ লগে লগে প্ৰগতিশীল সাংবাদিকতাৰ এটি যুগৰ অৱসান ঘটিল৷ চৰকাৰৰ ভুল-ক্ৰটীক সংবাদসেৱাৰ জৰিয়তে উদঙাই ৰাইজক প্ৰকৃত তথ্যবোৰ জনাই গৈছিল বিনোদ ডুৱাই৷ চৰকাৰবিৰোধী শক্তিশালী স্থিতিৰে আপোচহীন কণ্ঠ হৈ পৰিছিল বিনোদ ডুৱা৷

আদৰ্শ আৰু স্থিতিৰ সৈতে আপোচ নকৰাকৈ দেশৰ লাঞ্ছিত জনতাৰ কণ্ঠ হৈ পৰিছিল সাংবাদিকগৰাকী৷ চৰকাৰবিৰোধী স্থিতি গ্ৰহণ কৰা বাবে আনকি সাংবাদিকগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ৷ সাংবাদিকগৰাকীৰ এটা ইউটিউব শ্ব'ৰ পাছতেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল সাংবাদিকগৰাকীৰ বিৰুদ্ধে৷ সাংবাদিকতাৰ চৰিত্ৰত হস্তক্ষেপ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া গুচৰীয়া পক্ষক প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে৷ আজি বিয়োগ ঘটা সাংবাদিকগৰাকী নিজৰ বৃত্তিৰ প্ৰতি ইমানেই শ্ৰদ্ধাশীল আৰু সংবেদনশীল আছিল যে শেষ সময়ত তেওঁ এনডিটিভিৰ পৰা পদত্যাগ কৰি একক প্ৰচেষ্টাৰে ডিজিটেল মাধ্যমযোগে চৰকাৰৰ ভুলবোৰ উদঙাই দিছিল৷ শাসকৰ চকুত চকু থৈ কথা কোৱাৰ সাহস ৰখা সাংবাদিকগৰাকীৰ মৃত্যুত মৰ্মাহত তেওঁৰ শুভাকাংক্ষী, গুণমুগ্ধসকল৷ কাইলৈ দিল্লীৰ লোধি শ্মশানত সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী