--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ জুয়ে দহিছে খাটিখোৱা জনতাক। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় দামবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক আমাৰ দৈনন্দিন খাদ্য তালিকাৰ এক অপৰিহাৰ্য উপাদান পিঁয়াজ। মহানগৰীত এতিয়াও ৪০-৫০ টকাত গ্ৰাহকে ক্ৰয় কৰি আছে পিঁয়াজ। পিছে সেই পিঁয়াজৰ কিমান মূল্য পাইছে কৃষকে?

খাদ্যবস্তুৰ অভাৱনীয় দামবৃদ্ধিৰ আঁৰত আছে এচাম মধ্যভোগী। কৃষকক নগণ্য মূল্য দি বজাৰত আকাশলংঘী দৰত পাচলি মেলি দিছে মধ্যভোগীয়ে। কৃষকলৈ দৰদ দেখুওৱা চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই অসাধু চক্ৰক। ভাষণৰ ফুলজাৰিৰে মন জয় কৰা ৰজাঘৰীয়াই দিব নোৱাৰে কৃষকৰ কষ্টৰ উচিত মূল্য। এগৰাকী কৃষকে প্ৰায় ১১০০ কেজি পিঁয়াজ বিক্ৰী কৰি উপাৰ্জন কৰিছে মাত্ৰ ১৩ টকা। আশ্চৰ্যকৰ হ'লেও বাস্তৱিক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ এজন খেতিয়কে ১১২৩ কেজি পিঁয়াজ বিক্ৰী কৰি লাভ কৰিছে মাত্ৰ ১৬৬৫.৫০ টকা। ছোলাপুৰৰ কমিচন এজেণ্টৰ জৰিয়তে বিক্ৰী কৰা ৰচিদত পোহৰলৈ আহিছে এই কথা। খেতিয়কজনে লাভ কৰা উক্ত ধনৰাশিত সংলগ্ন হৈ আছে খেতিপথাৰৰ পৰা কমিছন এজেণ্টৰ দোকানলৈ সামগ্ৰী কঢ়িওৱা শ্ৰম মূল্য, সামগ্ৰী ওজন কৰা খৰচ আৰু পৰিবহণ খৰচ। এই সকলোবোৰ মিলাই সৰ্বমুঠ খৰচৰ পৰিমাণ ১৬৫১.৯৮ টকা হোৱাত কৃষকগৰাকীৰ হাতত থাকে মাত্ৰ ১৩ টকা।

কৃষি আইন বাতিলৰ চমকেৰে খেতিয়কৰ মন জয় কৰিব বিচৰা নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকক দিব পাৰিবনে উৎপাদনৰ উচিত মূল্য?

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে