--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ জুয়ে দহিছে খাটিখোৱা জনতাক। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় দামবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক আমাৰ দৈনন্দিন খাদ্য তালিকাৰ এক অপৰিহাৰ্য উপাদান পিঁয়াজ। মহানগৰীত এতিয়াও ৪০-৫০ টকাত গ্ৰাহকে ক্ৰয় কৰি আছে পিঁয়াজ। পিছে সেই পিঁয়াজৰ কিমান মূল্য পাইছে কৃষকে?

খাদ্যবস্তুৰ অভাৱনীয় দামবৃদ্ধিৰ আঁৰত আছে এচাম মধ্যভোগী। কৃষকক নগণ্য মূল্য দি বজাৰত আকাশলংঘী দৰত পাচলি মেলি দিছে মধ্যভোগীয়ে। কৃষকলৈ দৰদ দেখুওৱা চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই অসাধু চক্ৰক। ভাষণৰ ফুলজাৰিৰে মন জয় কৰা ৰজাঘৰীয়াই দিব নোৱাৰে কৃষকৰ কষ্টৰ উচিত মূল্য। এগৰাকী কৃষকে প্ৰায় ১১০০ কেজি পিঁয়াজ বিক্ৰী কৰি উপাৰ্জন কৰিছে মাত্ৰ ১৩ টকা। আশ্চৰ্যকৰ হ'লেও বাস্তৱিক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ এজন খেতিয়কে ১১২৩ কেজি পিঁয়াজ বিক্ৰী কৰি লাভ কৰিছে মাত্ৰ ১৬৬৫.৫০ টকা। ছোলাপুৰৰ কমিচন এজেণ্টৰ জৰিয়তে বিক্ৰী কৰা ৰচিদত পোহৰলৈ আহিছে এই কথা। খেতিয়কজনে লাভ কৰা উক্ত ধনৰাশিত সংলগ্ন হৈ আছে খেতিপথাৰৰ পৰা কমিছন এজেণ্টৰ দোকানলৈ সামগ্ৰী কঢ়িওৱা শ্ৰম মূল্য, সামগ্ৰী ওজন কৰা খৰচ আৰু পৰিবহণ খৰচ। এই সকলোবোৰ মিলাই সৰ্বমুঠ খৰচৰ পৰিমাণ ১৬৫১.৯৮ টকা হোৱাত কৃষকগৰাকীৰ হাতত থাকে মাত্ৰ ১৩ টকা।

কৃষি আইন বাতিলৰ চমকেৰে খেতিয়কৰ মন জয় কৰিব বিচৰা নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকক দিব পাৰিবনে উৎপাদনৰ উচিত মূল্য?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন