--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে, সিমানে আকৰ্ষণীয় হৈ উঠিছে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল৷ পিছ পৰি ৰোৱা নাই ‘আম আদমী পাৰ্টী’ও৷ নতুন দিল্লীত বিকাশৰ নতুন অধ্যায়ৰ সূচনা কৰা ‘আম আদমী পাৰ্টী’য়ে উঠি-পৰি লাগিছে পঞ্জাব বিধানসভা নিৰ্বাচন জয় কৰিবলৈ৷

পঞ্জাবৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা, পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰি কংগ্ৰেছ এৰিছিল৷ অমৰিন্দৰ সিঙে নতুন আঞ্চলিক দল গঠন কৰি পঞ্জাবৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি খবৰ ওলাইছে৷ আকৌ, অমৰিন্দৰ সিঙে সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ অমিত শ্বাহে অমৰিন্দৰ সিঙৰ আঞ্চলিক দল আৰু শিৰোমণি আকালি দলৰ সৈতে বিজেপিয়ে মিত্ৰতা স্থাপন কৰিব বুলি মন্তব্য কৰিছে৷ সঘনাই সলনি হৈ থকা দৃশ্যপটৰ মাজতে ‘আম আদমী পাৰ্টী’ৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাদাই পৰৱৰ্তী পঞ্জাব নিৰ্বাচনত আম আদমী পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷

তেওঁ কয়, পঞ্জাববাসীয়ে অৰবিন্দ কেজৰিৱালৰ দিল্লী মডেলৰ প্ৰতি আকৃষ্ট হৈছে৷ পঞ্জাববাসীয়ে কংগ্ৰেছ আৰু আকালি দলৰ বহু বছৰজোৰা একঘেয়ামী ৰাজনীতিত বিতুষ্ট হৈ এইবাৰ আম আদমী পাৰ্টীৰ পক্ষত মতদান কৰিব৷ ইতিমধ্যে, আম আদমী পাৰ্টীয়ে পঞ্জাবত খোপনি পুতিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত ঘোষণা কৰা হ’ব বুলি ৰাঘৱ চাদাই মন্তব্য কৰিছে৷

তেওঁ লগতে অৰবিন্দ কেজৰিৱালক পঞ্জাববাসীয়ে প্ৰথম পচন্দৰ নেতা হিচাপে গণ্য কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ যদিহে, ৰাঘৱ চাদা আৰু আম আদমী পাৰ্টীয়ে দাবী কৰা অনুযায়ী পঞ্জাবত আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হয়, তেনেহ'লে অৰবিন্দ কেজৰিৱালে দিল্লীৰ ৰাজনীতি এৰি পঞ্জাবত খোপনি পুতিব পাৰে বুলিও ৰাজনৈতিক বিশ্লেষকসকলে চৰ্চা কৰিছে৷ কিয়নো, পঞ্জাবৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই পৰৱৰ্তী সময়ত আন্দোলনকাৰী নেতৃত্বৰ সৈতে বৈঠকতো মিলিত হৈছিল কেজৰিৱাল৷ যদি কেজৰিৱালে দিল্লী এৰি পঞ্জাবলৈ গতি কৰে, সেয়া কেজৰিৱালৰ ২০২৪ৰ লোকসভাৰ প্ৰতি লক্ষ্য ৰাখি কৰা এক ৰাজনৈতিক অনুশীলন হ’ব পাৰে বুলি অনুমান কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement