--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে, সিমানে আকৰ্ষণীয় হৈ উঠিছে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল৷ পিছ পৰি ৰোৱা নাই ‘আম আদমী পাৰ্টী’ও৷ নতুন দিল্লীত বিকাশৰ নতুন অধ্যায়ৰ সূচনা কৰা ‘আম আদমী পাৰ্টী’য়ে উঠি-পৰি লাগিছে পঞ্জাব বিধানসভা নিৰ্বাচন জয় কৰিবলৈ৷

পঞ্জাবৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা, পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰি কংগ্ৰেছ এৰিছিল৷ অমৰিন্দৰ সিঙে নতুন আঞ্চলিক দল গঠন কৰি পঞ্জাবৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি খবৰ ওলাইছে৷ আকৌ, অমৰিন্দৰ সিঙে সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ অমিত শ্বাহে অমৰিন্দৰ সিঙৰ আঞ্চলিক দল আৰু শিৰোমণি আকালি দলৰ সৈতে বিজেপিয়ে মিত্ৰতা স্থাপন কৰিব বুলি মন্তব্য কৰিছে৷ সঘনাই সলনি হৈ থকা দৃশ্যপটৰ মাজতে ‘আম আদমী পাৰ্টী’ৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাদাই পৰৱৰ্তী পঞ্জাব নিৰ্বাচনত আম আদমী পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷

তেওঁ কয়, পঞ্জাববাসীয়ে অৰবিন্দ কেজৰিৱালৰ দিল্লী মডেলৰ প্ৰতি আকৃষ্ট হৈছে৷ পঞ্জাববাসীয়ে কংগ্ৰেছ আৰু আকালি দলৰ বহু বছৰজোৰা একঘেয়ামী ৰাজনীতিত বিতুষ্ট হৈ এইবাৰ আম আদমী পাৰ্টীৰ পক্ষত মতদান কৰিব৷ ইতিমধ্যে, আম আদমী পাৰ্টীয়ে পঞ্জাবত খোপনি পুতিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত ঘোষণা কৰা হ’ব বুলি ৰাঘৱ চাদাই মন্তব্য কৰিছে৷

তেওঁ লগতে অৰবিন্দ কেজৰিৱালক পঞ্জাববাসীয়ে প্ৰথম পচন্দৰ নেতা হিচাপে গণ্য কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ যদিহে, ৰাঘৱ চাদা আৰু আম আদমী পাৰ্টীয়ে দাবী কৰা অনুযায়ী পঞ্জাবত আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হয়, তেনেহ'লে অৰবিন্দ কেজৰিৱালে দিল্লীৰ ৰাজনীতি এৰি পঞ্জাবত খোপনি পুতিব পাৰে বুলিও ৰাজনৈতিক বিশ্লেষকসকলে চৰ্চা কৰিছে৷ কিয়নো, পঞ্জাবৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই পৰৱৰ্তী সময়ত আন্দোলনকাৰী নেতৃত্বৰ সৈতে বৈঠকতো মিলিত হৈছিল কেজৰিৱাল৷ যদি কেজৰিৱালে দিল্লী এৰি পঞ্জাবলৈ গতি কৰে, সেয়া কেজৰিৱালৰ ২০২৪ৰ লোকসভাৰ প্ৰতি লক্ষ্য ৰাখি কৰা এক ৰাজনৈতিক অনুশীলন হ’ব পাৰে বুলি অনুমান কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা