--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে অৰ্থাৎ ২১ আগষ্টত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ মছজিদৰ ইমাম আৰু মন্দিৰৰ পুৰোহিতৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ ইনড’ৰ ষ্টেডিয়ামত ইমাম আৰু মুয়াজিনৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ এই সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰে।

মমতা বেনাৰ্জীয়ে কয় যে, "ৱাকফ ব'ৰ্ডে ইমাম আৰু মুয়াজিনক ভাট্টা দিয়ে।এইক্ষেত্ৰত আমাৰ ক্ষমতা সীমিত।কিন্তু মই অনুৰোধ কৰিম যে তেওঁলোকৰ মাহিলী ভাট্টা ৫০০ টকা বৃদ্ধি কৰক। লগতে কয় যে আমি পুৰোহিতৰ মাহিলী দৰমহাও ৫০০ টকা বৃদ্ধি কৰিছোঁ।"

ইণ্ডিয়া এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি মমতা বেনাৰ্জীৰ ঘোষণাৰ পাছত এতিয়া ৰাজ্যৰ ইমামসকলে মাহিলী ৩০০০ টকা আৰু মুয়াজিনে ১৫০০ টকা লাভ কৰিব। হিন্দু ধৰ্মৰ পুৰোহিতসকলেও প্ৰতিমাহে ১৫০০ টকা লাভ কৰিব।উল্লেখ্য যে দীৰ্ঘদিন ধৰি পশ্চিম বংগৰ ইমামসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবী জনাই আহিছে। ২০১২ চনত ৰাজ্যখনৰ ইমামসকলৰ বাবে এই ধন নিৰ্ধাৰণ কৰা হৈছিল।


ইমাম আৰু পুৰোহিতৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত সন্দৰ্ভত বিত্ত বিভাগৰ এগৰাকী বিষয়াই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, পুঁজিৰ অভাৱত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উপযুক্ত ডিয়াৰনেছ এলাৱেন্স (ডি এ) দিবলৈ চৰকাৰ সাজু নহয়। এনে ক্ষেত্ৰত এই বোজা কেনেকৈ চম্ভালিব?ইপিনে ইমামৰ সন্মিলনত ভাষণ দি মমতা বেনাৰ্জীয়ে বিজেপি, চিপিএম আৰু কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী মমতাই কয় যে বিজেপিয়ে হিন্দু বিশ্বাসক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু পশ্চিম বংগ হৈছে সকলো ধৰ্মৰ লোক একেলগে বাস কৰা ৰাজ্য। আৰু সেয়াই বংগৰ সৌন্দৰ্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ