--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে অৰ্থাৎ ২১ আগষ্টত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ মছজিদৰ ইমাম আৰু মন্দিৰৰ পুৰোহিতৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ ইনড’ৰ ষ্টেডিয়ামত ইমাম আৰু মুয়াজিনৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ এই সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰে।

মমতা বেনাৰ্জীয়ে কয় যে, "ৱাকফ ব'ৰ্ডে ইমাম আৰু মুয়াজিনক ভাট্টা দিয়ে।এইক্ষেত্ৰত আমাৰ ক্ষমতা সীমিত।কিন্তু মই অনুৰোধ কৰিম যে তেওঁলোকৰ মাহিলী ভাট্টা ৫০০ টকা বৃদ্ধি কৰক। লগতে কয় যে আমি পুৰোহিতৰ মাহিলী দৰমহাও ৫০০ টকা বৃদ্ধি কৰিছোঁ।"

ইণ্ডিয়া এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি মমতা বেনাৰ্জীৰ ঘোষণাৰ পাছত এতিয়া ৰাজ্যৰ ইমামসকলে মাহিলী ৩০০০ টকা আৰু মুয়াজিনে ১৫০০ টকা লাভ কৰিব। হিন্দু ধৰ্মৰ পুৰোহিতসকলেও প্ৰতিমাহে ১৫০০ টকা লাভ কৰিব।উল্লেখ্য যে দীৰ্ঘদিন ধৰি পশ্চিম বংগৰ ইমামসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবী জনাই আহিছে। ২০১২ চনত ৰাজ্যখনৰ ইমামসকলৰ বাবে এই ধন নিৰ্ধাৰণ কৰা হৈছিল।


ইমাম আৰু পুৰোহিতৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত সন্দৰ্ভত বিত্ত বিভাগৰ এগৰাকী বিষয়াই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, পুঁজিৰ অভাৱত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উপযুক্ত ডিয়াৰনেছ এলাৱেন্স (ডি এ) দিবলৈ চৰকাৰ সাজু নহয়। এনে ক্ষেত্ৰত এই বোজা কেনেকৈ চম্ভালিব?ইপিনে ইমামৰ সন্মিলনত ভাষণ দি মমতা বেনাৰ্জীয়ে বিজেপি, চিপিএম আৰু কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী মমতাই কয় যে বিজেপিয়ে হিন্দু বিশ্বাসক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু পশ্চিম বংগ হৈছে সকলো ধৰ্মৰ লোক একেলগে বাস কৰা ৰাজ্য। আৰু সেয়াই বংগৰ সৌন্দৰ্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু