--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিলৈ আহি পৰিছে এটা বৃহৎ চৰ্চাৰ বিষয়৷এই চৰ্চাৰ বিষয়টো হ’ল সদ্যপ্ৰকাশিত এবিপি-চি ভোটাৰৰ নিৰ্বাচনী সমীক্ষা৷শেহতীয়াকৈ নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছে ৪৮ৰ পৰা ৫৪খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ অহিব বুলি  প্ৰকাশ পাইছে, আনহাতে এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৩৫ৰ পৰা ৪১খন আসন লাভ কৰিব।৷উল্লেখ্য যে এই বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

এই সমীক্ষাত কংগ্ৰেছৰ ভোটৰ ভাগ ২০১৮ চনত ৪৩.১ শতাংশৰ তুলনাত ২.৫ শতাংশ বৃদ্ধি পাই  ৪৫.৬ শতাংশ হ’ব বুলি উল্লেখ কৰা হৈছে।ইফালে, বিজেপিৰ ভোটৰ ভাগ পূৰ্বৰ তুলনাত ৩৩ শতাংশৰ পৰা ৪১.১ শতাংশ বৃদ্ধি পাই ৮.১ শতাংশ হ’ব বুলি আশা কৰা হৈছে৷

উল্লেখযোগ্য যে ২০১৮ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৮খন আসন লাভ কৰি ৰাজ্যখনত ১৫ বছৰীয়া বিজেপি শাসনৰ অন্ত পৰিছিল। ইতিমধ্যে নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বে শাসনভাৰ লাভ কৰিবলৈ ২০১৮ চনৰ নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা লৈ বিজেপিয়ে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

দুয়োটা দলে ৰাজ্যখন জয়ৰ বাবে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰাৰ সময়তে মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে আটাইতকৈ পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পাছতে বিজেপিৰ ৰমন সিং। ইফালে কংগ্ৰেছৰ টি এছ সিংদেৱ আৰু বিজেপিৰ ৰমেশ বায়ছে এই তালিকাত তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক