--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিলৈ আহি পৰিছে এটা বৃহৎ চৰ্চাৰ বিষয়৷এই চৰ্চাৰ বিষয়টো হ’ল সদ্যপ্ৰকাশিত এবিপি-চি ভোটাৰৰ নিৰ্বাচনী সমীক্ষা৷শেহতীয়াকৈ নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছে ৪৮ৰ পৰা ৫৪খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ অহিব বুলি  প্ৰকাশ পাইছে, আনহাতে এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৩৫ৰ পৰা ৪১খন আসন লাভ কৰিব।৷উল্লেখ্য যে এই বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

এই সমীক্ষাত কংগ্ৰেছৰ ভোটৰ ভাগ ২০১৮ চনত ৪৩.১ শতাংশৰ তুলনাত ২.৫ শতাংশ বৃদ্ধি পাই  ৪৫.৬ শতাংশ হ’ব বুলি উল্লেখ কৰা হৈছে।ইফালে, বিজেপিৰ ভোটৰ ভাগ পূৰ্বৰ তুলনাত ৩৩ শতাংশৰ পৰা ৪১.১ শতাংশ বৃদ্ধি পাই ৮.১ শতাংশ হ’ব বুলি আশা কৰা হৈছে৷

উল্লেখযোগ্য যে ২০১৮ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৮খন আসন লাভ কৰি ৰাজ্যখনত ১৫ বছৰীয়া বিজেপি শাসনৰ অন্ত পৰিছিল। ইতিমধ্যে নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বে শাসনভাৰ লাভ কৰিবলৈ ২০১৮ চনৰ নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা লৈ বিজেপিয়ে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

দুয়োটা দলে ৰাজ্যখন জয়ৰ বাবে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰাৰ সময়তে মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে আটাইতকৈ পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পাছতে বিজেপিৰ ৰমন সিং। ইফালে কংগ্ৰেছৰ টি এছ সিংদেৱ আৰু বিজেপিৰ ৰমেশ বায়ছে এই তালিকাত তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু