--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৬ ছেপ্টেম্বৰ ।  দেশক মুক্ত বাণিজ্যৰ সোৱাদ দিয়া  ভাৰতৰ প্রাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ আজি জন্মদিন। ভাৰতৰ প্রাক্তন তথা ত্রয়োদশ প্রধানমন্ত্রী ডঃ মনমোহন সিং এগৰাকী  সুদক্ষ অর্থনীতিবিদ হিচাপে  বিখ্যাত।  বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ তথা দেশৰ প্ৰাক্তন প্রধানমন্ত্রী মনমোহন সিঙে  আজি ৯০টা বছৰ গৰকি ৯১ বছৰত ভৰি দিলে।  
মনমোহন সিঙৰ জন্ম হৈছিল জন্ম ১৯৩২ চনৰ ২৬ চেপ্তেম্বৰত গহত (বর্তমান পাকিস্তানৰ পঞ্জাৱত)। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁ ভাৰতৰ অমৃতসৰলৈ আহে  আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। 

অধ্যয়নৰ প্ৰতি থকা একান্ত ইচ্ছা আৰু অধ্যৱসায়ৰ বাবেই মনমোহন সিতে ইংলেণ্ডৰ অক্সফ'ৰ্ড ইউনিভাৰ্চিটীৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হয়। তাৰপাছত তেওঁ প্ৰফেচৰ, মুখ্য অর্থনৈতিক উপদেষ্টা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, পৰিকল্পনা আয়োগৰ অধ্যক্ষ, কেন্দ্রীয় মন্ত্রী, প্রধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ দেশক সেৱা কৰে। প্ৰধানমন্ত্রী হোৱাৰ  পাছত মনমোহন সিঙে ২০০৫ চনত ইণ্ডিয়া এছিয়ান সন্মিলনৰ বাবে মালেয়ছিয়ালৈ গৈছিল৷ তাত তেওঁৰ পৰিচয় দিয়া হৈছিল পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত প্রধানমন্ত্রী হিচাপে৷

সিঙে ১৯৯১ চনৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদনৰ (ৰাজ্যসভা) সদস্য আছিল।  তেওঁ ১৯৯৮ৰ পৰা ২০০৪ চনৰ ভিতৰত বিৰোধী দলৰ নেতা আছিল। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ২২ মে’ত  মনমোহন সিঙে  প্রধানমন্ত্রী হিচাপে শপতগ্ৰহণ কৰে আৰু ২০০৯ চনৰ ২২ মে’ত দ্বিতীয়টো কার্যকালৰ বাবে শপতগ্রহণ কৰে। তেওঁ একেৰাহে  দহ বছৰ ধৰি প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসন ভাৰ চম্ভালিছিল।


প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে  এনে ৫ টা সর্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁক দেশে চিৰদিন মনত ৰাখিব।  জানো আহক  কি সেই বিশেষ ৫ টা কাম 

১) ১৯৯১ৰ অর্থনৈতিক সংস্কাৰঃ  ৯০ৰ দশকৰ আৰম্ভণিতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত অচলাৱস্থাই দেখা দিছিল। দেশত চলিছিল পেট্ৰলিয়ামৰ সাংঘাতিক নাটনি৷ দেশখন পৰিচালনা কৰিবলৈ সেই সময়ত ভয়ংকৰ অৰ্থনৈতিক সমস্যাই দেখা দিছিল। তেনে সময়তে নবনির্বাচিত প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি ৰাজনীতিৰ সৈতে পূৰ্বে কোনো সম্পৰ্ক নথকা  ডঃ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ বিত্তমন্ত্ৰী হিচাবে দায়িত্ব দিছিল।  ডঃ সিঙে  ভাৰতৰ অর্থনীতিক মুক্ত অর্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অর্থনৈতিক কাৰ্সূচী গ্রহণ কৰিছিল। একমাত্ৰ মনমোহন সিঙৰ সবল নেতৃত্বতে ভাৰতৰ বিত্তীয় সংকট দূৰ হোৱাৰ বাট প্ৰশস্ত হৈছিল।  আর্থিক সংস্কার ব্যাপক নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত। সেই সময়ত দেশৰ ত্ৰাণকর্তা ৰূপে তেওঁ বিবেচিত হৈছিল। সিঙৰ মুক্ত অৰ্থনীতিৰ চিন্তাৰ বাবেই ১৯৯০ চনৰ পিছৰে পৰা ভাৰতত খাদ্য, কাপোৰকে ধৰি নানান বিদেশৰ সামগ্ৰীৰে দেশৰ বজাৰ ভৰি পৰিছিল। সেই বোৰ সস্তা আৰু সহজলভ্য হৈ পৰাত দেশবাসীৰ বহু অভাৱ দূৰ হৈছিল। 

(২) তথা জনাৰ অধিকাৰ আইন ২০০৫
ডঃ মনমোহন সিঙৰ উদ্যোগতে  দুখন বিশেষ আইন প্ৰণয়ন কৰা হৈছিল। এখন হৈছে  উপভোক্তা আইন আৰু আন খন  তথা জনাৰ অধিকাৰ আইন । সিং ক্ষমতালে অহাৰ পাছতেই এই বিধেয়ক দুখন গৃহীত হৈছিল৷ ইয়াৰ বাবে ভাৰতবাসীয়ে দীর্ঘদিন ধৰি অপেক্ষা কৰি  আছিল। এই আৰটিআই আইনৰ বাবেই পৰৱৰ্তী সময়ত বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছিল। আন কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল সেইয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।

৩) মনৰেগা ২০০৬ঃ সিঙৰ দিনতে গ্ৰহণ কৰা  মনৰেগা আইনত মহিলাসকলক বিশেষকৈ প্রাধান্য দিয়া হৈছিল৷ এই আইনৰ জৰিয়তে গাঁৱৰ সকলো মানুহে নিজৰ এলেকাৰ আশেপাশে যাতে কর্মসংস্থাপন পায় তাৰবাবে গুৰুত্ব প্ৰদান কৰা হৈছিল৷ 

   ভাৰতৰ প্ৰগতিৰ লগে লগে শক্তিখণ্ডৰো প্ৰয়োজনীয়তা বৃদ্ধি পাবলৈ লৈছিল। প্ৰতিখন গাঁৱলৈ বিজুলী যোগান ধৰিবৰ বাবে বিজুলী শক্তি উৎপাদনো দৰকাৰী  হৈ পৰিছিল। ইয়াৰ বাবে নিউক্লিয়েৰ প্লান্ট স্থাপন কৰাটোৱেই হৈছে আটাইতকৈ সহজ উপায়। কিন্তু ইয়াৰ ফলত দায়বদ্ধতা আৰু বিপদো বাঢ়ি যায়। লগতে সেই সময়ত এনে প্ৰচাৰ ব্যাপক হৈ পৰিছিল যে চৰকাৰে আমেৰিকাৰ ওচৰত এইবোৰ কৰি দেশখন বন্ধকত ৰাখিব  বিচাৰিছে। মনমোহন সিঙৰ  চৰকাৰৰ সহযোগী কমিউনিষ্ট দলে ঘোষণা কৰিছিল নিউক্লিয়ৰ চুক্তি সম্পন্ন হ'লে তেওঁলোকে চৰকাৰৰ পৰা সমর্থন উঠাই ল'ব। এইবোৰৰ মাজতে মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। এয়া আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কূটনৈতিক জয়।

৫) খাদ্য সুৰক্ষা বিষেয়ক ২০১৩: স্বাধীনতাৰ দিনদিয়েক পূর্বে পশ্চিম বংগত দুর্ভিক্ষই দেখা দিছিল। সেই দুৰ্তিক্ষত প্ৰায়  ৩০ লাখ লোকৰ মৃত্যু হৈছিল। চীনৰ সৈতে যুদ্ধ হোৱাৰ পিচত পুনৰ দুৰ্ভিক্ষৰ মাত্ৰা চৰিছিল। পৰৱৰ্তী সময়ত পাকিস্তানৰ সৈতেও যুদ্ধ লাগিছিল। সেউজ বিপ্লৱৰ পাছত স্থিতি কিছু সুস্থিৰ হৈ পৰিছিল। কিন্তু ইমানৰ পিছতো দেশৰ কোটি কোটি লোকে পেট পূৰাই খাবলৈ পোৱা নাছিল। এনে সময়তে মনমোহন সিঙৰ  চৰকাৰে খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে বিশ্বত এক আদর্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। খাদ্য সুৰক্ষা আইনখন কিছু পৰিমাণে সমালোচিত হলেও এটা পৰ্যায়লৈকে ই দেশৰ কোটি কোটি দৰিদ্ৰ লোকক খাদ্যৰ যোগান ধৰিবলৈ সমর্থ হৈছিল। সেয়ে খাদ্য সুৰক্ষা আইনখনক সমগ্ৰ বিশ্বতে মনমোহন সিং  চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ নমুনা হিচাপে আজিও পৰিগণিত হৈ আহিছে।  প্ৰাক্তন প্ৰধামন্ত্ৰী অর্থনীতিবিদ ডঃ মনমোহন সিং সুস্বাস্থ্য আৰু দীর্ঘায়ু জীৱনৰ অধিকাৰী  হওঁক। প্ৰাগ নিউজৰ তৰফৰ পৰাও তেখেতলৈ যাঁচিছো  জন্মদিনৰ অফুৰন্ত শুভকামনা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী