--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতত গ্ৰেপ্তাৰ হ’ল পাকিস্তানী চোৰাংচোৱা৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে ভাৰতীয় সেনাৰ ওপৰত চোৰাংচোৱাগিৰি কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। লক্ষ্ণৌৰ পৰা ইউ পি এ টি এছে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। এই ব্যক্তিজন ৰাজেন্দ্ৰ সিঙৰ পুত্ৰ শৈলেশ কুমাৰ ওৰফে শৈলেন্দ্ৰ সিং চৌহান বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰৰ পাছত অভিযুক্তক জেৰা কৰা হয় য’ত তেওঁ কয় যে ব্যক্তিজনে সেনা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থাক হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিছিল। শৈলেশে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাবাহিনীত প্ৰায় ৮ৰ পৰা ৯ মাহ অস্থায়ী শ্ৰমিক/পৰ্টাৰ হিচাপে কাম কৰিছিল। যাৰ বাবে তেওঁৰ হাতত ভাৰতীয় সেনাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আছিল।

বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ কোনো পদত কাৰ্যনিৰ্বাহ কৰি থকা নাই শৈলেশে৷ ছ’চিয়েল মিডিয়া প্ৰফাইলত অভিযুক্তই নিজকে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত বুলি অভিহিত কৰিছে। শৈলেশে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শৈলেশ চৌহান নামেৰে প্ৰফাইল তৈয়াৰ কৰিছিল। যাৰ প্ৰফাইল ফটোত তেওঁ ভাৰতীয় সেনাৰ ইউনিফৰ্মত নিজৰ ফটোখন ৰাখিছিল।

শৈলেশ ফেচবুকৰ জৰিয়তে হৰলিন কৌৰ নামৰ এটা আইডিৰ সংস্পৰ্শলৈ আহিছিল। যাৰ সৈতে শৈলেশে কথা পাতিবলৈ আৰম্ভ কৰে। শৈলেশে হোৱাটছএপত অডিঅ’ কলৰ জৰিয়তেও আন এগৰাকী আই এছ আই হেণ্ডলাৰ প্ৰীতিৰ সৈতে কথা পাতে। শৈলেশেও প্ৰীতিৰ লগত নিজকে সেনা জোৱান বুলি পৰিচয় প্ৰদান কৰিছিল।

প্ৰথম অৱস্থাত শৈলেশ আৰু প্ৰীতিৰ মাজত অন্তৰংগ আলোচনা হৈছিল। পিছত প্ৰীতিয়ে শৈলেশক কয় যে তেওঁ আই এছ আইত কাম কৰে আৰু যদি শৈলেশে সহযোগ কৰে তেন্তে বিনিময়ত তেওঁক ভাল পৰিমাণৰ ধন দিয়া হ’ব। টকাৰ লোভত শৈলেশে সেনাৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ স্থান আৰু সেনাৰ বাহন চলাচলৰ ফটো প্ৰীতি নামৰ এজন হেণ্ডলাৰলৈ প্ৰেৰণ কৰে। 

ইয়াৰ বিনিময়ত ২০২৩ চনৰ এপ্ৰিল মাহত শৈলেশৰ ফোন পেত দুহাজাৰ টকা লাভ কৰিছিল। ইয়াৰ পাছত সেনাবাহিনীৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰীতিলৈ কেইবাবাৰো প্ৰেৰণ কৰা হৈছিল, তাৰ বিনিময়ত প্ৰীতিয়ে প্ৰতিবাৰেই ধন প্ৰদান কৰিছিল। হাৰলিন কৌৰ আৰু প্ৰীতি আই এছ আইৰ হেণ্ডলাৰ যিয়ে ভুৱা নাম ব্যৱহাৰ কৰি সীমান্তৰ সিপাৰৰ পৰা সেনা সম্পৰ্কীয় তথ্য লাভ কৰি আই এছ আইক প্ৰদান কৰে। ভাৰতৰ বিৰুদ্ধে এই তথ্য ব্যৱহাৰ কৰি দেশক অস্থিৰ কৰি তুলিছে আই এছ আইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু