--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতত গ্ৰেপ্তাৰ হ’ল পাকিস্তানী চোৰাংচোৱা৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে ভাৰতীয় সেনাৰ ওপৰত চোৰাংচোৱাগিৰি কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। লক্ষ্ণৌৰ পৰা ইউ পি এ টি এছে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। এই ব্যক্তিজন ৰাজেন্দ্ৰ সিঙৰ পুত্ৰ শৈলেশ কুমাৰ ওৰফে শৈলেন্দ্ৰ সিং চৌহান বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰৰ পাছত অভিযুক্তক জেৰা কৰা হয় য’ত তেওঁ কয় যে ব্যক্তিজনে সেনা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থাক হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিছিল। শৈলেশে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাবাহিনীত প্ৰায় ৮ৰ পৰা ৯ মাহ অস্থায়ী শ্ৰমিক/পৰ্টাৰ হিচাপে কাম কৰিছিল। যাৰ বাবে তেওঁৰ হাতত ভাৰতীয় সেনাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আছিল।

বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ কোনো পদত কাৰ্যনিৰ্বাহ কৰি থকা নাই শৈলেশে৷ ছ’চিয়েল মিডিয়া প্ৰফাইলত অভিযুক্তই নিজকে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত বুলি অভিহিত কৰিছে। শৈলেশে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শৈলেশ চৌহান নামেৰে প্ৰফাইল তৈয়াৰ কৰিছিল। যাৰ প্ৰফাইল ফটোত তেওঁ ভাৰতীয় সেনাৰ ইউনিফৰ্মত নিজৰ ফটোখন ৰাখিছিল।

শৈলেশ ফেচবুকৰ জৰিয়তে হৰলিন কৌৰ নামৰ এটা আইডিৰ সংস্পৰ্শলৈ আহিছিল। যাৰ সৈতে শৈলেশে কথা পাতিবলৈ আৰম্ভ কৰে। শৈলেশে হোৱাটছএপত অডিঅ’ কলৰ জৰিয়তেও আন এগৰাকী আই এছ আই হেণ্ডলাৰ প্ৰীতিৰ সৈতে কথা পাতে। শৈলেশেও প্ৰীতিৰ লগত নিজকে সেনা জোৱান বুলি পৰিচয় প্ৰদান কৰিছিল।

প্ৰথম অৱস্থাত শৈলেশ আৰু প্ৰীতিৰ মাজত অন্তৰংগ আলোচনা হৈছিল। পিছত প্ৰীতিয়ে শৈলেশক কয় যে তেওঁ আই এছ আইত কাম কৰে আৰু যদি শৈলেশে সহযোগ কৰে তেন্তে বিনিময়ত তেওঁক ভাল পৰিমাণৰ ধন দিয়া হ’ব। টকাৰ লোভত শৈলেশে সেনাৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ স্থান আৰু সেনাৰ বাহন চলাচলৰ ফটো প্ৰীতি নামৰ এজন হেণ্ডলাৰলৈ প্ৰেৰণ কৰে। 

ইয়াৰ বিনিময়ত ২০২৩ চনৰ এপ্ৰিল মাহত শৈলেশৰ ফোন পেত দুহাজাৰ টকা লাভ কৰিছিল। ইয়াৰ পাছত সেনাবাহিনীৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰীতিলৈ কেইবাবাৰো প্ৰেৰণ কৰা হৈছিল, তাৰ বিনিময়ত প্ৰীতিয়ে প্ৰতিবাৰেই ধন প্ৰদান কৰিছিল। হাৰলিন কৌৰ আৰু প্ৰীতি আই এছ আইৰ হেণ্ডলাৰ যিয়ে ভুৱা নাম ব্যৱহাৰ কৰি সীমান্তৰ সিপাৰৰ পৰা সেনা সম্পৰ্কীয় তথ্য লাভ কৰি আই এছ আইক প্ৰদান কৰে। ভাৰতৰ বিৰুদ্ধে এই তথ্য ব্যৱহাৰ কৰি দেশক অস্থিৰ কৰি তুলিছে আই এছ আইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক