--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে অ'মিক্ৰনৰ সংক্ৰমণ। কৰ'না ভাইৰাছৰ নতুন প্ৰজাতি অ'মিক্ৰনে বৰ্তমান মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ২ ডিচেম্বৰত ভাৰতত প্ৰথমটো অ'মিক্ৰনৰ ঘটনা পোহৰলৈ আহিছিল। বৰ্তমান দেশত ২৩ টা অ'মিক্ৰনৰ ঘটনা আছে। অৰ্থাৎ ৫ দিনত সংক্ৰমণ বৃদ্ধিৰ হাৰ ১০ গুণতকৈ অধিক। মাত্ৰ ৫ দিনৰ ভিতৰত অ'মিক্ৰনে ৫ খন ৰাজ্য আক্ৰমণ কৰিছে। মহাৰাষ্ট্ৰত ১০ জন, ৰাজস্থানত ৯ জন, কৰ্ণাটকত ২ জন, দিল্লী আৰু গুজৰাটত ১ জনকৈ অ'মিক্ৰনৰ ৰোগী পোৱা গৈছে।

দেশত কৰ্ণাটকত প্ৰথমে অ'মিক্ৰনৰ দুটা ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ পিছত এই ঘটনা গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী আৰু ৰাজস্থানত পোৱা যায়। ৰাজস্থানৰ জয়পুৰত ৯ টা ঘটনা হৈছে। তেওঁলোক সকলো একেটা পৰিয়ালৰ। চিন্তাৰ বিষয়টো হ'ল যে পৰিয়ালটোৱে ২৮ নৱেম্বৰত জয়পুৰৰ এখন বিবাহ অনুষ্ঠানত উপস্থিত আছিল। এতিয়া প্ৰশাসনে সম্পৰ্কটো বিষয় তদন্ত কৰিবলৈ বাকী লোকসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। অতিকৈ উদ্বেগৰ বিষয়টো হ'ল যোৱা কেইদিনমানত বিদেশৰ পৰা মহাৰাষ্ট্ৰত উপস্থিত হোৱা ২৯৫ জন যাত্ৰীৰ ভিতৰত ১০৯ জন যাত্ৰীৰ সন্ধান পোৱা হোৱা নাই। প্ৰশাসনে এতিয়া এই লোকসকলৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে। ইয়াৰে কিছুমানৰ মোবাইল ফোন বন্ধ হৈ আছে। কিছুমান যাত্ৰীয়ে দিয়া ঠিকনাৰ ঘৰবোৰ তলাবন্ধ হৈ আছে।

মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে বিপদাপন্ন দেশৰ পৰা ভ্ৰমণ কৰা লোকসকলে ৭ দিনৰ বাবে ঘৰত কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। তেওঁলোকক কোভিড-19 পৰীক্ষা কৰা হ'ব। আনকি ৰিপ'ৰ্ট নিগেটিভ আহিলেও তেওঁলোকে ৭ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব। এই ক'ৰোনা সম্পৰ্কীয় নিয়মবোৰ কাকো উলংঘা নকৰিবলৈ আহ্বান। উল্লেখ্য যে অ'মিক্ৰনৰ উৎপত্তিস্থল হ'ল দক্ষিণ আফ্ৰিকা।কৰ’নাই সৃষ্টি কৰা দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। বৰ্তমানলৈকে বিশ্বৰ ৩৮খন দেশত অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। অৱশ্যে স্বস্তিৰ বিষয় যে এতিয়ালৈকে অ’মিক্ৰনত আক্ৰান্ত হোৱা কোনো লোকৰে মৃত্যু হোৱা নাই। অৱশ্যে ইয়াক লৈ অধিক স্বস্তিত থাকিবলৈ মানা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি