--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে অ'মিক্ৰনৰ সংক্ৰমণ। কৰ'না ভাইৰাছৰ নতুন প্ৰজাতি অ'মিক্ৰনে বৰ্তমান মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ২ ডিচেম্বৰত ভাৰতত প্ৰথমটো অ'মিক্ৰনৰ ঘটনা পোহৰলৈ আহিছিল। বৰ্তমান দেশত ২৩ টা অ'মিক্ৰনৰ ঘটনা আছে। অৰ্থাৎ ৫ দিনত সংক্ৰমণ বৃদ্ধিৰ হাৰ ১০ গুণতকৈ অধিক। মাত্ৰ ৫ দিনৰ ভিতৰত অ'মিক্ৰনে ৫ খন ৰাজ্য আক্ৰমণ কৰিছে। মহাৰাষ্ট্ৰত ১০ জন, ৰাজস্থানত ৯ জন, কৰ্ণাটকত ২ জন, দিল্লী আৰু গুজৰাটত ১ জনকৈ অ'মিক্ৰনৰ ৰোগী পোৱা গৈছে।

দেশত কৰ্ণাটকত প্ৰথমে অ'মিক্ৰনৰ দুটা ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ পিছত এই ঘটনা গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী আৰু ৰাজস্থানত পোৱা যায়। ৰাজস্থানৰ জয়পুৰত ৯ টা ঘটনা হৈছে। তেওঁলোক সকলো একেটা পৰিয়ালৰ। চিন্তাৰ বিষয়টো হ'ল যে পৰিয়ালটোৱে ২৮ নৱেম্বৰত জয়পুৰৰ এখন বিবাহ অনুষ্ঠানত উপস্থিত আছিল। এতিয়া প্ৰশাসনে সম্পৰ্কটো বিষয় তদন্ত কৰিবলৈ বাকী লোকসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। অতিকৈ উদ্বেগৰ বিষয়টো হ'ল যোৱা কেইদিনমানত বিদেশৰ পৰা মহাৰাষ্ট্ৰত উপস্থিত হোৱা ২৯৫ জন যাত্ৰীৰ ভিতৰত ১০৯ জন যাত্ৰীৰ সন্ধান পোৱা হোৱা নাই। প্ৰশাসনে এতিয়া এই লোকসকলৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে। ইয়াৰে কিছুমানৰ মোবাইল ফোন বন্ধ হৈ আছে। কিছুমান যাত্ৰীয়ে দিয়া ঠিকনাৰ ঘৰবোৰ তলাবন্ধ হৈ আছে।

মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে বিপদাপন্ন দেশৰ পৰা ভ্ৰমণ কৰা লোকসকলে ৭ দিনৰ বাবে ঘৰত কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। তেওঁলোকক কোভিড-19 পৰীক্ষা কৰা হ'ব। আনকি ৰিপ'ৰ্ট নিগেটিভ আহিলেও তেওঁলোকে ৭ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব। এই ক'ৰোনা সম্পৰ্কীয় নিয়মবোৰ কাকো উলংঘা নকৰিবলৈ আহ্বান। উল্লেখ্য যে অ'মিক্ৰনৰ উৎপত্তিস্থল হ'ল দক্ষিণ আফ্ৰিকা।কৰ’নাই সৃষ্টি কৰা দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। বৰ্তমানলৈকে বিশ্বৰ ৩৮খন দেশত অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। অৱশ্যে স্বস্তিৰ বিষয় যে এতিয়ালৈকে অ’মিক্ৰনত আক্ৰান্ত হোৱা কোনো লোকৰে মৃত্যু হোৱা নাই। অৱশ্যে ইয়াক লৈ অধিক স্বস্তিত থাকিবলৈ মানা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক