--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাল কৰ’নাই সকলোকে বিধ্বস্ত কৰাৰ পাছতো শেষ হোৱা নাই ক’ভিডকেন্দ্ৰিক খেলিমেলিৰ৷ ক’ভিডৰ পাছতে অ’মিক্ৰনেও ইতিমধ্যে সংক্ৰমণৰ দিশত অগ্ৰহৰ হৈছে৷ যাৰবাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰতিষেধকৰ প্ৰক্ৰিয়াও তীব্ৰতৰ কৰি তুলিছে৷ কিন্তু বিহাৰত প্ৰতিষেধক প্ৰদানত ক্ষেত্ৰত সৃষ্টি হোৱা কাণ্ডৰ পাছতে চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগা হ’ল দুজনকৈ কৰ্মচাৰী৷ ৰাজ্যখনৰ আৰৱাল জিলাৰ কাৰ্পি স্বাস্থ্যকেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰিয়ংকা চোপ্ৰা, ছোনীয়া গান্ধীকে ধৰি বহুকেইগৰাকী খ্যাতনামা ব্যক্তি ক’ভিড পৰীক্ষাৰ তালিকাত নাম সোমোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

এই কাৰ্যৰ পাছতে ৰাজ্যখনৰ প্ৰতিষেধক প্ৰদান তথা ক’ভিডক লৈ কৰা অমনোযোগিতাক প্ৰতিফলিত কৰিছে৷ টিকাকৰণ প’ৰ্টেলত আপলোড কৰা ব্যক্তিৰ তালিকাৰ পৰিদৰ্শনৰ পাছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এনে কাৰ্য-কলাপ সংঘটিত কৰা স্বাস্থ্য কেন্দ্ৰটোৰ দুজনকৈ কম্পিউটাৰ অপাৰেটৰক বৰ্খাস্ত কৰিছে৷ এই তালিকাত বলীউড অভিনেতা অক্ষয় কুমাৰৰ নামো দেখা গৈছিল৷ তালিকাৰ ভিডিঅ’ ভাইৰেল হোৱাৰা পাছতে স্বাস্থ্য বিভাগৰ অকমৰ্ণতাৰ প্ৰতিফলন হয় আৰু লগে লগে স্থানীয় প্ৰশাসনক এই কাৰ্যৰ তদন্তৰ নিৰ্দেশ দিয়ে৷

বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মংগল পাণ্ডেই জনায় যে, এই ঘটনা সন্দৰ্ভত জড়িত থকা দুজন কম্পিউটাৰ অপাৰেটৰক ইতিমধ্যে বৰ্খাস্ত কৰিছে৷ লগতে জিলা শাসক তথা মেডিকেল অফিচাৰক স্বাস্থ্যকেন্দ্ৰত ক’ভিড তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে চোৱাৰ নিৰ্দেশ দিয়ে, যাতে কেনোধৰণৰ ত্ৰুটি ৰৈ নাযায়৷ বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰৱৰ্তী সময়ত যাতে এনে বিসংগতি দেখা নিদিয়ে, তাৰ প্ৰতি সচেতন হোৱাৰ কথা ব্যক্ত কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি