--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাল কৰ’নাই সকলোকে বিধ্বস্ত কৰাৰ পাছতো শেষ হোৱা নাই ক’ভিডকেন্দ্ৰিক খেলিমেলিৰ৷ ক’ভিডৰ পাছতে অ’মিক্ৰনেও ইতিমধ্যে সংক্ৰমণৰ দিশত অগ্ৰহৰ হৈছে৷ যাৰবাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰতিষেধকৰ প্ৰক্ৰিয়াও তীব্ৰতৰ কৰি তুলিছে৷ কিন্তু বিহাৰত প্ৰতিষেধক প্ৰদানত ক্ষেত্ৰত সৃষ্টি হোৱা কাণ্ডৰ পাছতে চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগা হ’ল দুজনকৈ কৰ্মচাৰী৷ ৰাজ্যখনৰ আৰৱাল জিলাৰ কাৰ্পি স্বাস্থ্যকেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰিয়ংকা চোপ্ৰা, ছোনীয়া গান্ধীকে ধৰি বহুকেইগৰাকী খ্যাতনামা ব্যক্তি ক’ভিড পৰীক্ষাৰ তালিকাত নাম সোমোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

এই কাৰ্যৰ পাছতে ৰাজ্যখনৰ প্ৰতিষেধক প্ৰদান তথা ক’ভিডক লৈ কৰা অমনোযোগিতাক প্ৰতিফলিত কৰিছে৷ টিকাকৰণ প’ৰ্টেলত আপলোড কৰা ব্যক্তিৰ তালিকাৰ পৰিদৰ্শনৰ পাছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এনে কাৰ্য-কলাপ সংঘটিত কৰা স্বাস্থ্য কেন্দ্ৰটোৰ দুজনকৈ কম্পিউটাৰ অপাৰেটৰক বৰ্খাস্ত কৰিছে৷ এই তালিকাত বলীউড অভিনেতা অক্ষয় কুমাৰৰ নামো দেখা গৈছিল৷ তালিকাৰ ভিডিঅ’ ভাইৰেল হোৱাৰা পাছতে স্বাস্থ্য বিভাগৰ অকমৰ্ণতাৰ প্ৰতিফলন হয় আৰু লগে লগে স্থানীয় প্ৰশাসনক এই কাৰ্যৰ তদন্তৰ নিৰ্দেশ দিয়ে৷

বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মংগল পাণ্ডেই জনায় যে, এই ঘটনা সন্দৰ্ভত জড়িত থকা দুজন কম্পিউটাৰ অপাৰেটৰক ইতিমধ্যে বৰ্খাস্ত কৰিছে৷ লগতে জিলা শাসক তথা মেডিকেল অফিচাৰক স্বাস্থ্যকেন্দ্ৰত ক’ভিড তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে চোৱাৰ নিৰ্দেশ দিয়ে, যাতে কেনোধৰণৰ ত্ৰুটি ৰৈ নাযায়৷ বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰৱৰ্তী সময়ত যাতে এনে বিসংগতি দেখা নিদিয়ে, তাৰ প্ৰতি সচেতন হোৱাৰ কথা ব্যক্ত কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক