--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আক্ৰমণকাৰীৰ কৱলৰ পৰা সাৰি নগ'ল বিদ্যালয়৷ সোমবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ এখন কেথলিক স্কুলত আক্ৰমণ চলাই বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে৷ কৰ্মীসকলে বিদ্যালয়খনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আচবাব ভাঙি চূৰমাৰ কৰে৷ আক্ৰমণকাৰীসকলে অভিযোগ জনোৱা মতে বিদ্যালয় কৰ্তৃপক্ষই ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল ছাত্ৰ-ছাত্ৰীসকলক৷ উল্লেখ্য যে সেই আক্ৰমণৰ সময়ত বিদ্যালয়খনত দ্বাদশ শ্ৰেণীৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিল৷

আৰক্ষীয়ে জনোৱা মতে এক ভিডিঅ'যোগে এই ঘটনা সন্দৰ্ভত বহুলোক জড়িত থকাৰ দৃশ্য দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত চাৰিজনক আটক কৰা হৈছে ৷ চিচিটিভি ফুটেজৰ সহায়ত এই ঘটনাত জড়িত লোকৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছে বুলি জানিবলৈ দিয়ে৷ আক্ৰমণকাৰীসকলে অভিযোগ উত্থাপিত কৰিছে যে যোৱা ৩১ অক্টোবৰত বিদ্যালয়খনত অধ্যয়নৰত ৮গৰাকী হিন্দু শিক্ষাৰ্থীক খ্ৰীষ্টান ধৰ্মৰে দিক্ষিত কৰা হৈছে৷ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱাক লৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, " ঘটনাৰ সময়ত আমাৰ মনোযোগ পৰীক্ষাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গৈছিল, এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছো৷"

ইয়াৰ উপৰি বিদ্যালয়ৰ মেনেজাৰ ব্ৰাডাৰ এন্টনিয়ে এই ঘটনা সন্দৰ্ভত জনাই যে এদিন পূৰ্বে স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে এনে ঘটনা সংঘটিত কৰাৰ ভাবুকী লাভ কৰিছিল৷ তাৰ লগো লগো স্থানীয় আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে যাৱতীয় নিৰাপত্তা প্ৰদান নকৰিলে৷ লগতে ধৰ্মান্তিত কৰাৰ যি অভিযোগ বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত কৰিছে সেয়া ভিত্তিহীন বুলি উল্লেখ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পাছতে বিদ্যালয়খনত নিৰাপত্তা ব্যৱস্থা কৰে প্ৰশাসনে৷ বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে আক্ৰমণৰ সময়ত আক্ৰমণকাৰীসকলে বিদ্যালয়ৰ চৌহদত 'জয় শ্ৰী ৰাম' ধ্বনীৰে উত্তাল কৰি তুলে চৌহদ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক