--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আক্ৰমণকাৰীৰ কৱলৰ পৰা সাৰি নগ'ল বিদ্যালয়৷ সোমবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ এখন কেথলিক স্কুলত আক্ৰমণ চলাই বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে৷ কৰ্মীসকলে বিদ্যালয়খনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আচবাব ভাঙি চূৰমাৰ কৰে৷ আক্ৰমণকাৰীসকলে অভিযোগ জনোৱা মতে বিদ্যালয় কৰ্তৃপক্ষই ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল ছাত্ৰ-ছাত্ৰীসকলক৷ উল্লেখ্য যে সেই আক্ৰমণৰ সময়ত বিদ্যালয়খনত দ্বাদশ শ্ৰেণীৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিল৷

আৰক্ষীয়ে জনোৱা মতে এক ভিডিঅ'যোগে এই ঘটনা সন্দৰ্ভত বহুলোক জড়িত থকাৰ দৃশ্য দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত চাৰিজনক আটক কৰা হৈছে ৷ চিচিটিভি ফুটেজৰ সহায়ত এই ঘটনাত জড়িত লোকৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছে বুলি জানিবলৈ দিয়ে৷ আক্ৰমণকাৰীসকলে অভিযোগ উত্থাপিত কৰিছে যে যোৱা ৩১ অক্টোবৰত বিদ্যালয়খনত অধ্যয়নৰত ৮গৰাকী হিন্দু শিক্ষাৰ্থীক খ্ৰীষ্টান ধৰ্মৰে দিক্ষিত কৰা হৈছে৷ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱাক লৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, " ঘটনাৰ সময়ত আমাৰ মনোযোগ পৰীক্ষাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গৈছিল, এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছো৷"

ইয়াৰ উপৰি বিদ্যালয়ৰ মেনেজাৰ ব্ৰাডাৰ এন্টনিয়ে এই ঘটনা সন্দৰ্ভত জনাই যে এদিন পূৰ্বে স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে এনে ঘটনা সংঘটিত কৰাৰ ভাবুকী লাভ কৰিছিল৷ তাৰ লগো লগো স্থানীয় আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে যাৱতীয় নিৰাপত্তা প্ৰদান নকৰিলে৷ লগতে ধৰ্মান্তিত কৰাৰ যি অভিযোগ বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত কৰিছে সেয়া ভিত্তিহীন বুলি উল্লেখ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পাছতে বিদ্যালয়খনত নিৰাপত্তা ব্যৱস্থা কৰে প্ৰশাসনে৷ বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে আক্ৰমণৰ সময়ত আক্ৰমণকাৰীসকলে বিদ্যালয়ৰ চৌহদত 'জয় শ্ৰী ৰাম' ধ্বনীৰে উত্তাল কৰি তুলে চৌহদ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি