--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা দেশত আৰম্ভ হ’ল ৫জি সেৱা৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তিৰ এই নতুন দুৱাৰ মুকলি কৰে৷ নতুন দিল্লীৰ প্ৰগতি ময়দানত ৫জি দূৰসংযোগ সেৱা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নতুন 5G সেৱাই ভাৰতীয় অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

অন্ততঃ বিশেষজ্ঞসকলে সেয়াই ভাবে। তেওঁলোকৰ মতে, ২০২৩ৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতে ৫জি সেৱাৰ সহায়ত ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৬.৪ ট্ৰিলিয়ন টকা বা ৩৬.৪ লাখ কোটি টকা লাভ কৰিবলৈ গৈ আছে। গোলকীয় উদ্যোগ সংস্থাৰ শেহতীয়া জৰীপে এই তথ্য প্ৰকাশ কৰিছে।

৫জি প্ৰযুক্তিৰ বাবে, ভাৰতে অনাগত দিনবোৰত দ্ৰুত তথ্য যোগান ধৰিবলৈ সক্ষম হ’ব। টেলিকম কোম্পানীবোৰেও বাধা-মুক্ত ভিডিঅ’ৰ বাবে সাজু হৈ আছে। এই সেৱাবোৰ সুলভ হৈ পৰাৰ পাছত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে স্মাৰ্ট এম্বুলেন্সৰ পৰা ক্লাউড গেমিংলৈকে সকলো পাব। আনকি গ্ৰাহকসকলেও অনলাইন বজাৰ কৰোঁতে সম্পূৰ্ণ নতুন অভিজ্ঞতা লাভ কৰিব। সামগ্ৰিকভাৱে বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ’ব।

চৰকাৰে এক বিবৃতিত কয়, ৫জি সেৱাই ভাৰতলৈ নতুন বিত্তীয় সুযোগ আনিব আৰু সমাজক লাভান্বিত কৰিব। ৫জি ভাৰতত এক পৰিৱৰ্তনশীল শক্তি হোৱাৰ সম্ভাৱনা আছে। এই সেৱাই দেশখনক উন্নয়নৰ পৰম্পৰাগত বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰিব। ষ্টাৰ্টআপ আৰু ব্যৱসায়িক উদ্যোগক উৎসাহিত কৰাৰ লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীকো আগুৱাই নিব বুলি ধাৰণা কৰা হৈছে৷

আৰম্ভণিতে এই সেৱা কলকাতাকে ধৰি দেশৰ ১৩খন চহৰত আৰম্ভ কৰা হ’ব। দিল্লী, কলকাতা, আহমেদাবাদ, চেন্নাই, মুম্বাই, পুনেকে ধৰি ১৩খন চহৰত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ পাছত পৰ্যায়ক্ৰমে সমগ্ৰ দেশতে মুকলি কৰা হ’ব। প্ৰথম পৰ্যায়ৰ পাছত সৰু চহৰবোৰতো ৫জি সেৱা আৰম্ভ কৰা হ’ব।

নতুন ৫জি সেৱাৰ লাভালাভবোৰ ঘৰ, উদ্যোগ, স্বাস্থ্যসেৱা, শিক্ষা, জীৱনশৈলীত পোৱা যাব। ৫জিৰ গতি ৪জিতকৈ ২০ গুণ বেছি হ’ব। ৩ ঘণ্টাৰ চিনেমা এখন ২ ছেকেণ্ডত ডাউনলোড কৰিব পৰা যাব৷

যিকোনো ভিডিঅ’ বাফাৰিং অবিহনে চলাব পৰা যাব। এই প্ৰযুক্তিয়ে অসুবিধামুক্ত সংযোগ প্ৰদান কৰিব। ৫জিয়ে কোটি কোটি ডিভাইচক প্ৰকৃত সময়ত ডাটা ভাগবটোৱাৰা কৰাবলৈ সক্ষম কৰিব। পৰিসংখ্যা অনুসৰি, দেশৰ সৰ্ববৃহৎ টেলিকম স্পেকট্ৰাম নিলামত ১.৫ লাখ কোটি টকাৰ অভিলেখ মূল্য পোৱা গৈছে। ইয়াত উদ্যোগপতি মুকেশ আম্বানীৰ জিঅ’ই ৮৭,৯৪৬.৯৩ কোটি টকাৰ নিবিদাত সকলো স্পেকট্ৰামৰ প্ৰায় আধা অধিগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু