--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা দেশত আৰম্ভ হ’ল ৫জি সেৱা৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তিৰ এই নতুন দুৱাৰ মুকলি কৰে৷ নতুন দিল্লীৰ প্ৰগতি ময়দানত ৫জি দূৰসংযোগ সেৱা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নতুন 5G সেৱাই ভাৰতীয় অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

অন্ততঃ বিশেষজ্ঞসকলে সেয়াই ভাবে। তেওঁলোকৰ মতে, ২০২৩ৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতে ৫জি সেৱাৰ সহায়ত ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৬.৪ ট্ৰিলিয়ন টকা বা ৩৬.৪ লাখ কোটি টকা লাভ কৰিবলৈ গৈ আছে। গোলকীয় উদ্যোগ সংস্থাৰ শেহতীয়া জৰীপে এই তথ্য প্ৰকাশ কৰিছে।

৫জি প্ৰযুক্তিৰ বাবে, ভাৰতে অনাগত দিনবোৰত দ্ৰুত তথ্য যোগান ধৰিবলৈ সক্ষম হ’ব। টেলিকম কোম্পানীবোৰেও বাধা-মুক্ত ভিডিঅ’ৰ বাবে সাজু হৈ আছে। এই সেৱাবোৰ সুলভ হৈ পৰাৰ পাছত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে স্মাৰ্ট এম্বুলেন্সৰ পৰা ক্লাউড গেমিংলৈকে সকলো পাব। আনকি গ্ৰাহকসকলেও অনলাইন বজাৰ কৰোঁতে সম্পূৰ্ণ নতুন অভিজ্ঞতা লাভ কৰিব। সামগ্ৰিকভাৱে বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ’ব।

চৰকাৰে এক বিবৃতিত কয়, ৫জি সেৱাই ভাৰতলৈ নতুন বিত্তীয় সুযোগ আনিব আৰু সমাজক লাভান্বিত কৰিব। ৫জি ভাৰতত এক পৰিৱৰ্তনশীল শক্তি হোৱাৰ সম্ভাৱনা আছে। এই সেৱাই দেশখনক উন্নয়নৰ পৰম্পৰাগত বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰিব। ষ্টাৰ্টআপ আৰু ব্যৱসায়িক উদ্যোগক উৎসাহিত কৰাৰ লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীকো আগুৱাই নিব বুলি ধাৰণা কৰা হৈছে৷

আৰম্ভণিতে এই সেৱা কলকাতাকে ধৰি দেশৰ ১৩খন চহৰত আৰম্ভ কৰা হ’ব। দিল্লী, কলকাতা, আহমেদাবাদ, চেন্নাই, মুম্বাই, পুনেকে ধৰি ১৩খন চহৰত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ পাছত পৰ্যায়ক্ৰমে সমগ্ৰ দেশতে মুকলি কৰা হ’ব। প্ৰথম পৰ্যায়ৰ পাছত সৰু চহৰবোৰতো ৫জি সেৱা আৰম্ভ কৰা হ’ব।

নতুন ৫জি সেৱাৰ লাভালাভবোৰ ঘৰ, উদ্যোগ, স্বাস্থ্যসেৱা, শিক্ষা, জীৱনশৈলীত পোৱা যাব। ৫জিৰ গতি ৪জিতকৈ ২০ গুণ বেছি হ’ব। ৩ ঘণ্টাৰ চিনেমা এখন ২ ছেকেণ্ডত ডাউনলোড কৰিব পৰা যাব৷

যিকোনো ভিডিঅ’ বাফাৰিং অবিহনে চলাব পৰা যাব। এই প্ৰযুক্তিয়ে অসুবিধামুক্ত সংযোগ প্ৰদান কৰিব। ৫জিয়ে কোটি কোটি ডিভাইচক প্ৰকৃত সময়ত ডাটা ভাগবটোৱাৰা কৰাবলৈ সক্ষম কৰিব। পৰিসংখ্যা অনুসৰি, দেশৰ সৰ্ববৃহৎ টেলিকম স্পেকট্ৰাম নিলামত ১.৫ লাখ কোটি টকাৰ অভিলেখ মূল্য পোৱা গৈছে। ইয়াত উদ্যোগপতি মুকেশ আম্বানীৰ জিঅ’ই ৮৭,৯৪৬.৯৩ কোটি টকাৰ নিবিদাত সকলো স্পেকট্ৰামৰ প্ৰায় আধা অধিগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ