--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বাঢ়িছে মাছ খোৱাৰ পৰিমাণ। বিত্তীয় গৱেষণা সংস্থা নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ (এনচিএইআৰ)ৰ এক অধ্যয়নত কোৱা হৈছে যে দহ বছৰত দেশত মাছৰ ভক্ষণ দুগুণ বৃদ্ধি পাইছে। এতিয়া এজন ব্যক্তিয়ে বছৰি ১৩ কেজিতকৈ অধিক মাছ খায়।

২০১১-১২ চনত চৰকাৰী সমীক্ষাত দেখা গৈছিল যে বাৰ্ষিক জনমূৰি মাছ খোৱাৰ পৰিমাণ মাত্ৰ ৭ কিলোগ্ৰাম। ২০২২-২৩ চনত এনচিএইআৰৰ জৰীপত ই ১৩ কিলোগ্ৰামৰ ওপৰলৈ বৃদ্ধি পায়। সমীক্ষাত ৫৬ শতাংশ পৰিয়ালে কয় যে বজাৰত বিভিন্ন ধৰণৰ মাছ পালে খোৱাৰ পৰিমাণ বৃদ্ধি পায়। মাত্ৰ ১৯ শতাংশ পৰিয়ালেহে কয় যে যেতিয়া মাছৰ দাম কম হয় তেতিয়া মাছৰ খোৱাৰ পৰিমাণ বৃদ্ধি পায়।

মাছ খোৱাৰ লগে লগে মাছ ক্ৰয়ৰ খৰচো বাঢ়িছে। দহবছৰ আগতে যদি এটা পৰিয়ালে বজাৰত হাজাৰ টকা খৰছ কৰিছিল, তেন্তে মাছত মাত্ৰ ৭৬ টকা খৰচ হ’লহেঁতেন। এতিয়া যদি ১০০০ টকীয়া বজাৰ আছে তেন্তে ১৬৮ টকীয়া মাছত খৰছ কৰা হৈছে। সেই সময়ত এটা পৰিয়ালে মাহে গড়ে ২.৬৬ কেজি মাছ খাইছিল। এতিয়া ইয়াৰ ওজন প্ৰায় ৫ কেজি হৈছেগৈ। সমীক্ষাত ২৮ শতাংশ লোকে কয় যে যোৱা পাঁচ বছৰত তেওঁলোকৰ মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পাইছে। ঘৰতে মাছ ৰন্ধা ধাৰা আৰু মাছৰ জৰিয়তে পুষ্টিকৰ মূল্য নিশ্চিত কৰাৰ হেঁপাহ ইয়াৰ বাবে দায়ী বুলি বিশ্বাস কৰা হয়।

কিন্তু এনচিএইআৰৰ গৱেষকসকলে কয় যে যোৱা দহ বছৰত মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তুলনাত ভাৰতৰ মাছ খোৱাৰ পৰিমাণ এতিয়াও কম। ৰাষ্ট্ৰসংঘৰ সংস্থা FAO (Food and Agriculture Organization) আৰু OECD (Organization for Economic Cooperation and Development)ৰ হিচাপ অনুসৰি বিশ্বত প্ৰতিজন ব্যক্তিয়ে বছৰি ২০.৫ কিলোগ্ৰাম মাছ খায়। ২০৩১ চনত ই ২১.৪ কিলোগ্ৰামলৈ যাব। আৰ্থিক বৃদ্ধি, মানুহৰ আয় বৃদ্ধি হ’লে মাছ খোৱাৰ পৰিমাণো বৃদ্ধি পাব।

কেন্দ্ৰীয় চৰকাৰৰ মীন বিভাগে ২০২২ চনৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশৰ ভিতৰতে সৰ্বাধিক মাছ খায় লক্ষদ্বীপবাসীয়ে। প্ৰতি বছৰে জনমূৰি ১২৫ কিলোগ্ৰাম। ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ মানুহে সৰ্বাধিক মাছ সেৱন কৰে। প্ৰতি বছৰে জনমূৰি ৭৮ কিলোগ্ৰাম। ত্ৰিপুৰা, ওড়িশাৰ মানুহো মাছ খোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
বিহু, ঝুমুইৰৰ পিছত এইবাৰ থিয় নামেৰে বিশ্ব অভিলেখৰ প্ৰয়াস
ভাৰত-আমেৰিকাৰ ডাক সেৱা সাময়িকভাৱে বন্ধ, ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্কবোমাৰ প্ৰতিক্রিয়া
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক