--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বাঢ়িছে মাছ খোৱাৰ পৰিমাণ। বিত্তীয় গৱেষণা সংস্থা নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ (এনচিএইআৰ)ৰ এক অধ্যয়নত কোৱা হৈছে যে দহ বছৰত দেশত মাছৰ ভক্ষণ দুগুণ বৃদ্ধি পাইছে। এতিয়া এজন ব্যক্তিয়ে বছৰি ১৩ কেজিতকৈ অধিক মাছ খায়।

২০১১-১২ চনত চৰকাৰী সমীক্ষাত দেখা গৈছিল যে বাৰ্ষিক জনমূৰি মাছ খোৱাৰ পৰিমাণ মাত্ৰ ৭ কিলোগ্ৰাম। ২০২২-২৩ চনত এনচিএইআৰৰ জৰীপত ই ১৩ কিলোগ্ৰামৰ ওপৰলৈ বৃদ্ধি পায়। সমীক্ষাত ৫৬ শতাংশ পৰিয়ালে কয় যে বজাৰত বিভিন্ন ধৰণৰ মাছ পালে খোৱাৰ পৰিমাণ বৃদ্ধি পায়। মাত্ৰ ১৯ শতাংশ পৰিয়ালেহে কয় যে যেতিয়া মাছৰ দাম কম হয় তেতিয়া মাছৰ খোৱাৰ পৰিমাণ বৃদ্ধি পায়।

মাছ খোৱাৰ লগে লগে মাছ ক্ৰয়ৰ খৰচো বাঢ়িছে। দহবছৰ আগতে যদি এটা পৰিয়ালে বজাৰত হাজাৰ টকা খৰছ কৰিছিল, তেন্তে মাছত মাত্ৰ ৭৬ টকা খৰচ হ’লহেঁতেন। এতিয়া যদি ১০০০ টকীয়া বজাৰ আছে তেন্তে ১৬৮ টকীয়া মাছত খৰছ কৰা হৈছে। সেই সময়ত এটা পৰিয়ালে মাহে গড়ে ২.৬৬ কেজি মাছ খাইছিল। এতিয়া ইয়াৰ ওজন প্ৰায় ৫ কেজি হৈছেগৈ। সমীক্ষাত ২৮ শতাংশ লোকে কয় যে যোৱা পাঁচ বছৰত তেওঁলোকৰ মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পাইছে। ঘৰতে মাছ ৰন্ধা ধাৰা আৰু মাছৰ জৰিয়তে পুষ্টিকৰ মূল্য নিশ্চিত কৰাৰ হেঁপাহ ইয়াৰ বাবে দায়ী বুলি বিশ্বাস কৰা হয়।

কিন্তু এনচিএইআৰৰ গৱেষকসকলে কয় যে যোৱা দহ বছৰত মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তুলনাত ভাৰতৰ মাছ খোৱাৰ পৰিমাণ এতিয়াও কম। ৰাষ্ট্ৰসংঘৰ সংস্থা FAO (Food and Agriculture Organization) আৰু OECD (Organization for Economic Cooperation and Development)ৰ হিচাপ অনুসৰি বিশ্বত প্ৰতিজন ব্যক্তিয়ে বছৰি ২০.৫ কিলোগ্ৰাম মাছ খায়। ২০৩১ চনত ই ২১.৪ কিলোগ্ৰামলৈ যাব। আৰ্থিক বৃদ্ধি, মানুহৰ আয় বৃদ্ধি হ’লে মাছ খোৱাৰ পৰিমাণো বৃদ্ধি পাব।

কেন্দ্ৰীয় চৰকাৰৰ মীন বিভাগে ২০২২ চনৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশৰ ভিতৰতে সৰ্বাধিক মাছ খায় লক্ষদ্বীপবাসীয়ে। প্ৰতি বছৰে জনমূৰি ১২৫ কিলোগ্ৰাম। ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ মানুহে সৰ্বাধিক মাছ সেৱন কৰে। প্ৰতি বছৰে জনমূৰি ৭৮ কিলোগ্ৰাম। ত্ৰিপুৰা, ওড়িশাৰ মানুহো মাছ খোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ