--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথমখন মুদ্ৰানীতি সমিতিৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াত ক’ত বেংকসমূহে সুতৰ হাৰৰ সন্মুখত সকাহ পাইছে সেই কথায়ো স্থান পাইছে৷ আৰু আৰ বি আইয়ে ৰেপ’ ৰেট বৃদ্ধি নকৰাকৈ ইয়াৰ পৰিমাণ ৬.৫ শতাংশত ৰাখিছে। ইয়াৰ লগে লগে এতিয়া বেংকে আৰ বি আইৰ পৰা ঋণ লাভ কৰিব কেৱল একে হাৰত। ইয়াৰ বাহিৰেও আজি আৰ বি আইয়ে দেশৰ বৃদ্ধি আৰু ইয়াত মুদ্ৰাস্ফীতিৰ হাৰ সন্দৰ্ভত কিছু ভাল হিচাপ দিছে।

আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাবে দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বা জিডিপি সন্দৰ্ভত এক বিবৃতি দি ইয়াৰ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে ২০২৪ বিত্তীয় বৰ্ষত দেশৰ বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব। ইয়াৰ পূৰ্বে আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাবে ৬.৪ শতাংশ বৃদ্ধিৰ হাৰ অনুমান কৰিছে৷ 

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মতে,
২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৭.৮ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৬.২ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৬.১ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ ৫.৯ শতাংশ হ’ব বুলি স্থাৱৰ কৰা হৈছে৷

আৰ বি আইৰ অধ্যক্ষ শক্তিকান্ত দাসে কয় যে "এইবাৰ মুদ্ৰাস্ফীতিৰ হাৰ সন্দৰ্ভতো আনুমানিক হ্ৰাস কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত আৰ বি আইয়ে এতিয়াও ডাঙৰ ডাঙৰ কাম কৰিব লাগিব আৰু এই বাট দীঘলীয়া। সকলো অসুবিধা আৰু বিশ্বৰ মন্দাৱস্থা আৰু অর্থনৈতিক প্রত্যাহ্বানৰ মাজত ভাৰতক আগুৱাই ৰখাৰ কাম আৰু দায়িত্ব আমাৰ আছে৷"

বিশ্বৰ কঠিন পৰিস্থিতিতো দেশৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ বজাই ৰখা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে আৰ বি আইয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব। আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫.৩ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু