--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথমখন মুদ্ৰানীতি সমিতিৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াত ক’ত বেংকসমূহে সুতৰ হাৰৰ সন্মুখত সকাহ পাইছে সেই কথায়ো স্থান পাইছে৷ আৰু আৰ বি আইয়ে ৰেপ’ ৰেট বৃদ্ধি নকৰাকৈ ইয়াৰ পৰিমাণ ৬.৫ শতাংশত ৰাখিছে। ইয়াৰ লগে লগে এতিয়া বেংকে আৰ বি আইৰ পৰা ঋণ লাভ কৰিব কেৱল একে হাৰত। ইয়াৰ বাহিৰেও আজি আৰ বি আইয়ে দেশৰ বৃদ্ধি আৰু ইয়াত মুদ্ৰাস্ফীতিৰ হাৰ সন্দৰ্ভত কিছু ভাল হিচাপ দিছে।

আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাবে দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বা জিডিপি সন্দৰ্ভত এক বিবৃতি দি ইয়াৰ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে ২০২৪ বিত্তীয় বৰ্ষত দেশৰ বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব। ইয়াৰ পূৰ্বে আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাবে ৬.৪ শতাংশ বৃদ্ধিৰ হাৰ অনুমান কৰিছে৷ 

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মতে,
২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৭.৮ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৬.২ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ হ’ব ৬.১ শতাংশ
২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ ৫.৯ শতাংশ হ’ব বুলি স্থাৱৰ কৰা হৈছে৷

আৰ বি আইৰ অধ্যক্ষ শক্তিকান্ত দাসে কয় যে "এইবাৰ মুদ্ৰাস্ফীতিৰ হাৰ সন্দৰ্ভতো আনুমানিক হ্ৰাস কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত আৰ বি আইয়ে এতিয়াও ডাঙৰ ডাঙৰ কাম কৰিব লাগিব আৰু এই বাট দীঘলীয়া। সকলো অসুবিধা আৰু বিশ্বৰ মন্দাৱস্থা আৰু অর্থনৈতিক প্রত্যাহ্বানৰ মাজত ভাৰতক আগুৱাই ৰখাৰ কাম আৰু দায়িত্ব আমাৰ আছে৷"

বিশ্বৰ কঠিন পৰিস্থিতিতো দেশৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ বজাই ৰখা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে আৰ বি আইয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব। আৰ বি আইয়ে ২০২৪ বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫.৩ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক