--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ফৰ্বছে দেশ আৰু বিশ্বৰ কোটিপতিৰ তালিকা প্ৰকাশ কৰিছে । শেহতীয়া ফৰ্বছ বিলিয়নাৰ তালিকাত এক ডজনৰো অধিক ভাৰতীয় মহিলাক স্থান দিলে। এই তালিকা অনুসৰি অ’ পি জিন্দল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দল ভাৰতৰ আটাইতকৈ ধনী মহিলা। জানো আহক শীৰ্ষ ৫ ভাৰতীয় মহিলাসকলৰ বিষয়ে, যিসকল আটাইতকৈ ধনী।

১) সাবিত্ৰী জিন্দাল (১৭ বিলিয়ন ডলাৰ)-
ফৰ্বছৰ তথ্য অনুসৰি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল ভাৰতৰ আটাইতকৈ ধনী মহিলা। দেশৰ ধনী লোকৰ তালিকাত ষষ্ঠ স্থানত আছে ৭৩ বছৰীয়া সাবিত্ৰী জিন্দাল। একে সময়তে বিশ্বৰ ধনী লোকৰ তালিকাত তেওঁৰ ৯৪ নম্বৰ স্থান। তেওঁৰ সম্পত্তি ১৭ বিলিয়ন ডলাৰ (১৩,৯১,৩১,৮২,৫০,০০০ টকা)।

২) ৰোহিকা চাইৰাছ মিষ্ট্ৰী (৭ বিলিয়ন ডলাৰ)
ৰোহিকা চাইৰাছ মিষ্ট্ৰী প্ৰয়াত চাইৰাছ মিষ্ট্ৰীৰ পত্নী। ৰোহিকাই নিজেই কৰ্পৰেট আইকন হিচাপে কাম কৰি আহিছে আৰু কিছুমান ব্যক্তিগত আৰু ৰাজহুৱা সীমিত কোম্পানীত পৰিচালক হিচাপে কাম কৰি আহিছে। ৫৫ বছৰীয়া ৰোহিকা চাইৰাছ মিষ্ট্ৰীৰ সম্পত্তিৰ পৰিমাণ ৭ বিলিয়ন ডলাৰ। 

৩) ৰেখা ঝুনঝুনৱালা (৫.১ বিলিয়ন ডলাৰ)
বিগ বুল নামেৰে পৰিচিত বিনিয়োগকাৰী প্ৰয়াত ৰাকেশ ঝুনঝুনৱালাৰ পত্নী ৰেখা ঝুনঝুনৱালা দেশৰ ধনী মহিলাসকলৰ ভিতৰত অন্যতম। ৫৯ বছৰীয়া ৰেখা ঝুনঝুনৱালাৰ সম্পত্তিৰ পৰিমাণ ৫.১ বিলিয়ন ডলাৰ। তাৎপৰ্যপূৰ্ণভাৱে ঝুনঝানৱালাৰ পৰ্টফলিঅ’ত টাইটান, ষ্টাৰ হেল্থ এণ্ড এলাইড ইনশ্বুৰেন্স আৰু মেট্ৰ’ ব্ৰেণ্ডছ অন্তৰ্ভুক্ত।

৪) বিনোদ ৰায় গুপ্তা (৪ বিলিয়ন ডলাৰ)
ভাৰতৰ ধনী মহিলাৰ তালিকাত নাম অহা হেভেলছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনিল গুপ্তাৰ মাতৃ বিনোদ ৰায় গুপ্তা। মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে তেওঁ ৪ বিলিয়ন ডলাৰৰ মালিক। হেভেলছ ইণ্ডিয়াই ইলেক্ট্ৰনিক সম্পৰ্কীয় কামৰ বিভিন্ন সামগ্ৰী যেনে ফেন, ফ্ৰীজ, চুইচ আদি প্ৰস্তুত কৰে।

৫) সৰোজ ৰাণী গুপ্তা (১.২ বিলিয়ন ডলাৰ)
সৰোজ ৰাণী গুপ্তা মহালক্ষ্মী ইছ’বিল্ড প্ৰাইভেট লিমিটেডৰ সঞ্চালক। তেওঁ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ত পঞ্জীয়নভুক্ত। ৭২ বছৰীয়া সৰোজ ৰাণী গুপ্তাৰ মুঠ সম্পত্তি ১.২ বিলিয়ন ডলাৰ। এপিএল এপ’ল’ টিউবছৰ সহ-প্ৰতিষ্ঠাপক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক