--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশত দিনে দিনে বৃদ্ধি পাবলৈ ধৰা কৰ'নাই ক্ৰমাৎ গ্ৰাস কৰিছে বলীউডকো৷ দেওবাৰৰ দিনটোত দেশত লক্ষাধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ইজনৰ পাছত সিজনকৈ বলীউডৰ তাৰকাৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ বলীউড অভিনেতা বিকী কৌশল, ভূমি পেডনেকাৰ, গোবিন্দা, অক্ষয় কুমাৰে ধৰি বহুকেইজন তাৰকা আক্ৰান্ত হৈছে ক'ভিড ১৯ত৷

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

ইতিমধ্যে, অক্ষয় কুমাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে আন আটাইকেজনে চিকিৎসকৰ পৰামৰ্শমতে ঘৰতে আছুতীয়াকৈ থাকি চিকিৎসা গ্ৰহণ কৰি আছে৷ কিছুদিন পূৰ্বে অভিনেত্ৰী আলিয়া ভাটৰ দেহতো ধৰা পৰিছিল ক'ভিডৰ উপস্থিতি৷ উল্লেখ্যে যে, ক’ভিডৰ নতুন ঢৌত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ মুম্বাইত ১১,১৬৩জন নতুনকৈ অৰ্থাৎ বিগত ২৪ ঘণ্টাত ক’ভিড চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব : বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

ইয়াৰ পাছতে মুম্বাইত মুঠ ৰোগীৰ সংখ্যা ৪,৫২,৪৪৫জনলৈ বৃদ্ধি পায়৷ তাতোকৈ উদ্বেগজনক কথাটো হৈছে দেশত এদিনতে ১ লাখৰো অধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰৰ দিনটোত ১,০৩,৫৫৮জন আক্ৰান্ত চিনাক্ত হয়। দেশত এই বছৰ প্ৰথমবাৰৰ বাবে লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ১ কোটি ২৬ লাখলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’