--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশত দিনে দিনে বৃদ্ধি পাবলৈ ধৰা কৰ'নাই ক্ৰমাৎ গ্ৰাস কৰিছে বলীউডকো৷ দেওবাৰৰ দিনটোত দেশত লক্ষাধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ইজনৰ পাছত সিজনকৈ বলীউডৰ তাৰকাৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ বলীউড অভিনেতা বিকী কৌশল, ভূমি পেডনেকাৰ, গোবিন্দা, অক্ষয় কুমাৰে ধৰি বহুকেইজন তাৰকা আক্ৰান্ত হৈছে ক'ভিড ১৯ত৷

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

ইতিমধ্যে, অক্ষয় কুমাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে আন আটাইকেজনে চিকিৎসকৰ পৰামৰ্শমতে ঘৰতে আছুতীয়াকৈ থাকি চিকিৎসা গ্ৰহণ কৰি আছে৷ কিছুদিন পূৰ্বে অভিনেত্ৰী আলিয়া ভাটৰ দেহতো ধৰা পৰিছিল ক'ভিডৰ উপস্থিতি৷ উল্লেখ্যে যে, ক’ভিডৰ নতুন ঢৌত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ মুম্বাইত ১১,১৬৩জন নতুনকৈ অৰ্থাৎ বিগত ২৪ ঘণ্টাত ক’ভিড চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব : বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

ইয়াৰ পাছতে মুম্বাইত মুঠ ৰোগীৰ সংখ্যা ৪,৫২,৪৪৫জনলৈ বৃদ্ধি পায়৷ তাতোকৈ উদ্বেগজনক কথাটো হৈছে দেশত এদিনতে ১ লাখৰো অধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰৰ দিনটোত ১,০৩,৫৫৮জন আক্ৰান্ত চিনাক্ত হয়। দেশত এই বছৰ প্ৰথমবাৰৰ বাবে লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ১ কোটি ২৬ লাখলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ