--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত ধৰা পৰিছে ইনফ্লুৱেঞ্জা এ উপপ্ৰকাৰৰ এইচ3এন2 ভাইৰাছৰ অৱস্থিতি৷ কৰ্ণাটক আৰু হাৰিয়ানাত দুজনকৈ লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত৷ সমগ্ৰ দেশতে এই ভাইৰাছ সংক্ৰমণৰ প্ৰায় ৯০টা ঘটনা পোহৰলৈ আহিছে।

ভাৰতৰ বিভিন্ন ঠাইত প্ৰায় এসপ্তাহ ধৰি জ্বৰ আৰু তীব্ৰ কাহত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজন ব্যক্তি৷ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে বাৰ্তালাপ কৰি দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপোলো চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নিখিল মোদীয়ে কয়, আমি বিকশিত ভাইৰাছৰ সৈতে ক্ৰমান্বয়ে জীয়াই থাকিব লগা হোৱাৰ বাবে কোভিড যুগৰ প্ৰতিৰোধমূলক প্ৰটোকল পুনৰ আৰম্ভ কৰাৰ সময় আহি পৰিছে। অৱশ্যে, তেওঁ লগতে উল্লেখ কৰে এই ভাইৰাছত যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷ অৱশ্যে, যাদৃচ্ছিক ঔষধ গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগিব।

H3N2 ভাইৰাছ কি ? 

ফ্লু বুলি জনাজাত সংক্ৰামক ৰোগ সৃষ্টি কৰা ইনফ্লুৱেঞ্জা ভাইৰাছবোৰ চাৰিটা পৃথক প্ৰকাৰৰ: এ, বি, চি আৰু ডি৷ ইনফ্লুৱেঞ্জা ‘এ’ক আৰু বিভিন্ন উপ-প্ৰকাৰত শ্ৰেণীবদ্ধ কৰা হয় আৰু তাৰে এটা হৈছে H3N2 ভাইৰাছ৷

H3N2ৰ লক্ষণবোৰ কি ?


ইয়াৰ লক্ষণবোৰ আন যিকোনো ফ্লুৰ দৰে একে৷ সেইবোৰৰ ভিতৰত আছে কাহ, জ্বৰ, শৰীৰৰ বিষ, মূৰ আৰু ডিঙিৰ বিষ, নাক ৰঙা পৰা বা নাক ভৰ্তি হোৱা আৰু অত্যধিক ভাগৰ৷ খুব কমসংখ্যকৰ ক্ষেত্ৰতহে ওকালি অহা, বমি আৰু ডায়েৰিয়া দেখা গৈছে৷

কিদৰে প্ৰতিহত কৰিব H3N2ৰ সংক্ৰমণ ? 

H3N2ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে আত্ম-পৰিচ্ছন্নতা হৈছে সৰ্বশ্ৰেষ্ঠ উপায়৷ আপোনাৰ মুখ, নাক খোৱাৰ আগতে ধোৱক৷ হাত ধোৱক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক৷

H3N2ক প্ৰতিহত কৰিবলৈ কি খাদ্য খাব ?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ফল আৰু শাক-পাচলি খোৱাটো জৰুৰী৷ চিকিৎসকে লগতে কয় যে যথেষ্ট পৰিমাণে জুলীয়া খাদ্য আৰু ঘৰত ৰন্ধা, কম মচলা আৰু কম চৰ্বিযুক্ত খাদ্য গ্ৰহণেও এই সংক্ৰমণ প্ৰতিহত কৰিব পাৰে৷

কোন বয়সৰ লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক ?

ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যনৰ তথ্য অনুসৰি ১০ৰ পৰা ৫০ বছৰ বয়সৰ ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে৷ শিশু আৰু হাপানি, ডায়েবেটিছ, হৃদৰোগ, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্নায়ৱিক ৰোগাক্ৰান্ত লোকসকলৰ সম্ভাৱনা অধিক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক