--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। আনহাতে কেলচিয়ামৰ অভাৱ মহিলাৰ ক্ষেত্ৰত বেছি। কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰ ভাগৰুৱা হোৱাও দেখা যায়। কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, পনিৰ আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। সঠিক পৰিমাণৰ কেলচিয়াম সেৱন কৰিলে পেশীবোৰ শক্তিশালী হয়। বহু সময়ত মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে বহু ধৰণৰ লক্ষণ দেখা দিয়ে যদিও বহুতে সেইবোৰক আওকাণ কৰে। কেলচিয়ামৰ অভাৱৰ বাবে মহিলাৰ শৰীৰত কি কি লক্ষণ দেখা যায়।

১) দুৰ্বল হাড়ঃ শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে। কেলচিয়ামে হাড়বোৰ মজবুত কৰি ৰখাৰ কাম কৰে। যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, তেন্তে আপোনাৰ হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু আপুনি বহিবলৈ আৰু উঠিবলৈ অসুবিধা পায়।যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি ডাক্তৰৰ লগত যোগাযোগ কৰক।

২) নখ দুৰ্বল হয়ঃ মহিলাৰ ক্ষেত্ৰত ৩০ বছৰৰ পাছত কেলচিয়ামৰ অভাৱ আৰম্ভ হয়। যাৰ বাবে তেওঁলোকৰ নখবোৰো দুৰ্বল হৈ পৰিব পাৰে আৰু সোনকালে ভাঙিবও পাৰে। কেৱল এয়াই নহয়, কেলচিয়ামৰ অভাৱত নখৰ ৰঙো সলনি হ’বলৈ আৰম্ভ কৰে।

৩) দাঁতৰ বিষঃ মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে তেওঁলোকৰ দাঁত বিষৰ সমস্যা হ’ব পাৰে। কাৰণ কেলচিয়ামৰ অভাৱতে দাঁত ক্ষয় যাবলৈ আৰম্ভ কৰে, যাৰ বাবে দাঁত বিষাবলৈ আৰম্ভ কৰে। গতিকে দাঁতৰ বিষক আওকাণ নকৰিব। কাৰণ এয়াও কেলচিয়ামৰ অভাৱৰ লক্ষণ।

বিভিন্ন খাদ্য বস্তুত কম বেছি পৰিমাণে কেলছিয়াম পোৱা যায়। ঘেঁহু, বজৰা, চুজী, ৰাগী, আটা, ময়দা আদি শস্যজাতীয় খাদ্য, মগুমাহ, বুটমাহ, ৰাজমাহ, চয়াবিন, মাটিমাহ, মটৰ মাহ, বুটৰ দাইল আদি মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। দুগ্ধজাত খাদ্যৰ ভিতৰত গাখীৰ, পনীৰ, ছানা, দৈ, গুড়ি গাখীৰ আদিতো যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। সেউজীয়া শাক-পাচলি যেনে সৰিয়হ শাক, মেথী শাক, বন্ধাকবি, গাজৰৰ কুমলীয়া পাত, কচু শাক, চজিনাৰ পাত, বীটৰ কুমলীতা পাত, ধনীয়া শাক আদিত যথেষ্ট কেলছিয়াম থাকে। 

অন্যান্য পাচলিৰ ভিতৰত ভেন্দি, বিন, ফুলকবি, বিলাহী, গাজৰ, মূলা, পিয়াজ, মিঠা আলু, কাঠ আলু আদিতো কেলছিয়াম পোৱা যায়। ফল-মূলৰ ভিতৰত তৰমুজ, কমলা, মৌচম্বী, আমলখি আদিত আৰু শুকান ফল-মূল আৰু বাদাম যেনে আখৰোট, খেজুৰ, বাদাম, শুকান নাৰিকল আদিত কেলছিয়াম থাকে। তৈলবীজৰ ভিতৰত তিল, বাদাম আৰু সৰিয়হত যথেষ্ট পৰিমাণত কেলছিয়াম পোৱা যায়। ইয়াৰোপৰি মা-মছলা, মাছ, মাংস, কণী আদিতো কেলছিয়াম পোৱা যায়।






















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক