--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। আনহাতে কেলচিয়ামৰ অভাৱ মহিলাৰ ক্ষেত্ৰত বেছি। কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰ ভাগৰুৱা হোৱাও দেখা যায়। কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, পনিৰ আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। সঠিক পৰিমাণৰ কেলচিয়াম সেৱন কৰিলে পেশীবোৰ শক্তিশালী হয়। বহু সময়ত মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে বহু ধৰণৰ লক্ষণ দেখা দিয়ে যদিও বহুতে সেইবোৰক আওকাণ কৰে। কেলচিয়ামৰ অভাৱৰ বাবে মহিলাৰ শৰীৰত কি কি লক্ষণ দেখা যায়।

১) দুৰ্বল হাড়ঃ শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে। কেলচিয়ামে হাড়বোৰ মজবুত কৰি ৰখাৰ কাম কৰে। যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, তেন্তে আপোনাৰ হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু আপুনি বহিবলৈ আৰু উঠিবলৈ অসুবিধা পায়।যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি ডাক্তৰৰ লগত যোগাযোগ কৰক।

২) নখ দুৰ্বল হয়ঃ মহিলাৰ ক্ষেত্ৰত ৩০ বছৰৰ পাছত কেলচিয়ামৰ অভাৱ আৰম্ভ হয়। যাৰ বাবে তেওঁলোকৰ নখবোৰো দুৰ্বল হৈ পৰিব পাৰে আৰু সোনকালে ভাঙিবও পাৰে। কেৱল এয়াই নহয়, কেলচিয়ামৰ অভাৱত নখৰ ৰঙো সলনি হ’বলৈ আৰম্ভ কৰে।

৩) দাঁতৰ বিষঃ মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে তেওঁলোকৰ দাঁত বিষৰ সমস্যা হ’ব পাৰে। কাৰণ কেলচিয়ামৰ অভাৱতে দাঁত ক্ষয় যাবলৈ আৰম্ভ কৰে, যাৰ বাবে দাঁত বিষাবলৈ আৰম্ভ কৰে। গতিকে দাঁতৰ বিষক আওকাণ নকৰিব। কাৰণ এয়াও কেলচিয়ামৰ অভাৱৰ লক্ষণ।

বিভিন্ন খাদ্য বস্তুত কম বেছি পৰিমাণে কেলছিয়াম পোৱা যায়। ঘেঁহু, বজৰা, চুজী, ৰাগী, আটা, ময়দা আদি শস্যজাতীয় খাদ্য, মগুমাহ, বুটমাহ, ৰাজমাহ, চয়াবিন, মাটিমাহ, মটৰ মাহ, বুটৰ দাইল আদি মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। দুগ্ধজাত খাদ্যৰ ভিতৰত গাখীৰ, পনীৰ, ছানা, দৈ, গুড়ি গাখীৰ আদিতো যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। সেউজীয়া শাক-পাচলি যেনে সৰিয়হ শাক, মেথী শাক, বন্ধাকবি, গাজৰৰ কুমলীয়া পাত, কচু শাক, চজিনাৰ পাত, বীটৰ কুমলীতা পাত, ধনীয়া শাক আদিত যথেষ্ট কেলছিয়াম থাকে। 

অন্যান্য পাচলিৰ ভিতৰত ভেন্দি, বিন, ফুলকবি, বিলাহী, গাজৰ, মূলা, পিয়াজ, মিঠা আলু, কাঠ আলু আদিতো কেলছিয়াম পোৱা যায়। ফল-মূলৰ ভিতৰত তৰমুজ, কমলা, মৌচম্বী, আমলখি আদিত আৰু শুকান ফল-মূল আৰু বাদাম যেনে আখৰোট, খেজুৰ, বাদাম, শুকান নাৰিকল আদিত কেলছিয়াম থাকে। তৈলবীজৰ ভিতৰত তিল, বাদাম আৰু সৰিয়হত যথেষ্ট পৰিমাণত কেলছিয়াম পোৱা যায়। ইয়াৰোপৰি মা-মছলা, মাছ, মাংস, কণী আদিতো কেলছিয়াম পোৱা যায়।






















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু