--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচিকিৎসা বিজ্ঞানৰ দিশত ভাৰতে আজি আগলৈ আৰু এখোজ দিলে৷ স্বাভাৱিকতে অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰোগীৰ দেহত  অস্ত্ৰোপচাৰৰ  দাগ থাকি যায় যদিও  ৰ’ব’টিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত তেনে কোনো দাগ ৰোগীৰ দেহত লক্ষ্য কৰা নাযায়৷    

দেশত প্ৰথমবাৰৰ বাবে কোনো কটা-চিঙা নকৰাকৈয়ে ৰ’ব’টিক অস্ত্ৰোপচাৰে ডিঙিৰ টিউমাৰ আঁতৰালে  চিকিৎসকৰ এটা দলে৷ চিকিৎসকসকলে ৰ’ব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে লেলাৱতি গ্ৰন্থিৰ টিউমাৰ আঁতৰ কৰাত সফল হৈছে। চেন্নাইৰ এপ’লো চিকিৎসালয়ত এগৰাকী ৪৯ বছৰীয়া মহিলাৰ ডিঙিত অতি ক্ষুদ্ৰ ছিদ্ৰ এটা কৰি  এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰা হয়। 

ৰ’ব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীৰ ডিঙিৰ পৰা ৮ চেণ্টিমিটাৰ আকাৰৰ এটা ডাঙৰ টিউমাৰ আঁতৰ কৰা হয়৷ এপ’লো হস্পিটেলে এক বিবৃতিত কৈছে  যে ডিঙিৰ পৰা ইমান ডাঙৰ টিউমাৰ আঁতৰ কৰা এয়াই হৈছে চিকিৎসালয় খনৰ প্ৰথম অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰটো এপ’লো হস্পিটেলৰ ৰ’ব’টিক  বিশেষজ্ঞ তথা  অংক'লজীৰ ক্লিনিকেল মুৰব্বী  ডাঃ ভেংকট কাৰ্তিকেয়ানে সম্পন্ন কৰে৷ তেওঁ এতিয়ালৈকে এনে ধৰণৰ ১২৫  টা অস্ত্ৰোপচাৰ কৰিছে। 

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত  ডাঃ ভেংকট কাৰ্তিকেয়ানে কয়  যে বিজয়লক্ষ্মী নামৰ মহিলাগৰাকীয়ে ডিঙিৰ সোঁফালে এটা ডাঙৰ টিউমাৰ লৈ এপোলো চিকিৎসালয়লৈ আহিছিল।  তেওঁ লগতে কয়  যে মহিলাগৰাকীয়ে তেওঁৰ লেলাৱতি গ্ৰন্থিৰ টিউমাৰ আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰাইছিল। অস্ত্ৰোপচাৰ পিছত তেওঁৰ  ডিঙিত কোনো চিহ্ন ৰৈ যোৱা নাছিল।এই চিকিৎসা পদ্ধতিটো ডিঙিৰ কৰ্কট ৰোগীসকলৰ বাবে এক আশীৰ্বাদ বুলি ক’ব পাৰি । ইয়াৰ জৰিয়তে, থাইৰয়েড, পেৰাথাইৰয়েড গ্ৰন্থি, পেৰাফেৰিঞ্জিয়াল স্পেচ টিউমাৰ, লেলাৱতি গ্ৰন্থি আদিৰ  অস্ত্ৰোপচাৰ সহজে কৰিব পৰা যায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু