--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচিকিৎসা বিজ্ঞানৰ দিশত ভাৰতে আজি আগলৈ আৰু এখোজ দিলে৷ স্বাভাৱিকতে অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰোগীৰ দেহত  অস্ত্ৰোপচাৰৰ  দাগ থাকি যায় যদিও  ৰ’ব’টিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত তেনে কোনো দাগ ৰোগীৰ দেহত লক্ষ্য কৰা নাযায়৷    

দেশত প্ৰথমবাৰৰ বাবে কোনো কটা-চিঙা নকৰাকৈয়ে ৰ’ব’টিক অস্ত্ৰোপচাৰে ডিঙিৰ টিউমাৰ আঁতৰালে  চিকিৎসকৰ এটা দলে৷ চিকিৎসকসকলে ৰ’ব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে লেলাৱতি গ্ৰন্থিৰ টিউমাৰ আঁতৰ কৰাত সফল হৈছে। চেন্নাইৰ এপ’লো চিকিৎসালয়ত এগৰাকী ৪৯ বছৰীয়া মহিলাৰ ডিঙিত অতি ক্ষুদ্ৰ ছিদ্ৰ এটা কৰি  এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰা হয়। 

ৰ’ব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীৰ ডিঙিৰ পৰা ৮ চেণ্টিমিটাৰ আকাৰৰ এটা ডাঙৰ টিউমাৰ আঁতৰ কৰা হয়৷ এপ’লো হস্পিটেলে এক বিবৃতিত কৈছে  যে ডিঙিৰ পৰা ইমান ডাঙৰ টিউমাৰ আঁতৰ কৰা এয়াই হৈছে চিকিৎসালয় খনৰ প্ৰথম অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰটো এপ’লো হস্পিটেলৰ ৰ’ব’টিক  বিশেষজ্ঞ তথা  অংক'লজীৰ ক্লিনিকেল মুৰব্বী  ডাঃ ভেংকট কাৰ্তিকেয়ানে সম্পন্ন কৰে৷ তেওঁ এতিয়ালৈকে এনে ধৰণৰ ১২৫  টা অস্ত্ৰোপচাৰ কৰিছে। 

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত  ডাঃ ভেংকট কাৰ্তিকেয়ানে কয়  যে বিজয়লক্ষ্মী নামৰ মহিলাগৰাকীয়ে ডিঙিৰ সোঁফালে এটা ডাঙৰ টিউমাৰ লৈ এপোলো চিকিৎসালয়লৈ আহিছিল।  তেওঁ লগতে কয়  যে মহিলাগৰাকীয়ে তেওঁৰ লেলাৱতি গ্ৰন্থিৰ টিউমাৰ আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰাইছিল। অস্ত্ৰোপচাৰ পিছত তেওঁৰ  ডিঙিত কোনো চিহ্ন ৰৈ যোৱা নাছিল।এই চিকিৎসা পদ্ধতিটো ডিঙিৰ কৰ্কট ৰোগীসকলৰ বাবে এক আশীৰ্বাদ বুলি ক’ব পাৰি । ইয়াৰ জৰিয়তে, থাইৰয়েড, পেৰাথাইৰয়েড গ্ৰন্থি, পেৰাফেৰিঞ্জিয়াল স্পেচ টিউমাৰ, লেলাৱতি গ্ৰন্থি আদিৰ  অস্ত্ৰোপচাৰ সহজে কৰিব পৰা যায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে