--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিকোনো ভিটামিনৰ অভাৱত স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিব পাৰে। একেদৰে ভিটামিন-বি১২ৰ অভাৱেও বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু বহু লোকে ইয়াক আওকাণ কৰে, যাৰ বাবে তেওঁলোকৰ সমস্যা দুগুণে বৃদ্ধি পায়। ভিটামিন-বি১২ৰ অভাৱৰ ফলত কি হয়? ইয়াৰ লক্ষণ কি আৰু ইয়াক কেনেকৈ এৰাই চলিব পাৰি জানো আহক।

* ভিটামিন-বি১২ৰ অভাৱ হ’লে কি হয়?

১) শৰীৰত ভিটামিন-বি১২ৰ অভাৱৰ বাবে স্মৃতিশক্তি দুৰ্বল হ’ব পাৰে। যিহেতু ভিটামিন-বি১২ জ্ঞানমূলক স্বাস্থ্যৰ সৈতে জড়িত। গতিকে স্মৃতিশক্তি দুৰ্বল হোৱাটো এটা ডাঙৰ সমস্যা হ’ব পাৰে।

২) যদি আপোনাৰ ভৰিত সঘনাই ঝিনঝিননি অনুভৱ কপে, তেন্তে বুজিব যে শৰীৰত ভিটামিন-বি১২ৰ অভাৱ ঘটিছে। ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে খোজকঢ়াতো অসুবিধা হ’ব পাৰে।

৩) ভিটামিন-বি১২ৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতাই পেটৰ সুস্থ কোষক আক্ৰমণ কৰে আৰু পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বহু গৱেষণাৰ মতে ভিটামিন-বি১২ৰ অভাৱত গেষ্ট্ৰিক কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

৪) এই ভিটামিনৰ অভাৱে স্নায়ুৰো ক্ষতি কৰিব পাৰে। ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় চকুৰ স্নায়ু। যাৰ ফলত চকুৰ দৃষ্টিশক্তিও হ্ৰাস পাৰে। ইয়াৰ বাবে পৰিত্ৰাণৰ বাবে নিয়মীতভাৱে চকুৰ পৰীক্ষাৰ প্ৰয়োজন।

৫) ভিটামিন-বি১২ৰ অভাৱত স্পাইনা বিফিডা আৰু এনাস্থেলিৰ সম্ভাৱনা বৃদ্ধি পায়। এইবোৰ জন্মগত বিসংগতি। অৱশ্যে ইয়াৰ আঁৰত জিন দায়ী। ভিটামিন-বি১২ ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰে।

* ভিটামিন-বি১২ৰ অভাৱৰ লক্ষণ-

১) ভিটামিন-বি১২ৰ অভাৱৰ ফলত শৰীৰত অক্সিজেন পৰিবহণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা নাথাকে, যাৰ বাবে দুৰ্বলতা আৰু ক্লান্তি আৰম্ভ হয়।

২) এই ভিটামিনৰ অভাৱৰ বাবে ছালখন অনুজ্জ্বল হৈ পৰিবলৈ আৰম্ভ কৰে।

৩) ভিটামিন-বি১২ অভাৱৰ ফলত সঘনাই মূৰৰ বিষৰ সমস্যা হ’ব পাৰে। ইয়াৰ বাবে তেজৰ পৰীক্ষা প্ৰয়োজন।

৪) পেটৰ লগত জড়িত সমস্যা যেনে-ডায়েৰিয়া, কোষ্ঠকাঠিন্য, পেটফুলা কেৱল ভিটামিন বি১২ৰ অভাৱৰ বাবেই হয়।

৫) যদি শৰীৰত ভিটামিন-বি১২ৰ অভাৱ হয়, তেন্তে কোনো কাৰণ নোহোৱাকৈয়ে মানসিক সমস্যাত ভোগা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু