--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিকোনো ভিটামিনৰ অভাৱত স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিব পাৰে। একেদৰে ভিটামিন-বি১২ৰ অভাৱেও বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু বহু লোকে ইয়াক আওকাণ কৰে, যাৰ বাবে তেওঁলোকৰ সমস্যা দুগুণে বৃদ্ধি পায়। ভিটামিন-বি১২ৰ অভাৱৰ ফলত কি হয়? ইয়াৰ লক্ষণ কি আৰু ইয়াক কেনেকৈ এৰাই চলিব পাৰি জানো আহক।

* ভিটামিন-বি১২ৰ অভাৱ হ’লে কি হয়?

১) শৰীৰত ভিটামিন-বি১২ৰ অভাৱৰ বাবে স্মৃতিশক্তি দুৰ্বল হ’ব পাৰে। যিহেতু ভিটামিন-বি১২ জ্ঞানমূলক স্বাস্থ্যৰ সৈতে জড়িত গতিকে স্মৃতিশক্তি দুৰ্বল হোৱাটো এটা ডাঙৰ সমস্যা হ’ব পাৰে।

২) যদি আপোনাৰ ভৰিত সঘনাই ঝিনঝিননি অনুভৱ কপে, তেন্তে বুজিব যে শৰীৰত ভিটামিন-বি১২ৰ অভাৱ ঘটিছে। ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে খোজকঢ়াতো অসুবিধা হ’ব পাৰে।

৩) ভিটামিন-বি১২ৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতাই পেটৰ সুস্থ কোষক আক্ৰমণ কৰে আৰু পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বহু গৱেষণাৰ মতে ভিটামিন-বি১২ৰ অভাৱত গেষ্ট্ৰিক কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

৪) এই ভিটামিনৰ অভাৱে স্নায়ুৰো ক্ষতি কৰিব পাৰে। ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় চকুৰ স্নায়ু। যাৰ ফলত চকুৰ দৃষ্টিশক্তিও হ্ৰাস পাৰে। ইয়াৰ বাবে পৰিত্ৰাণৰ বাবে নিয়মীতভাৱে চকুৰ পৰীক্ষাৰ প্ৰয়োজন।

৫) ভিটামিন-বি১২ৰ অভাৱত স্পাইনা বিফিডা আৰু এনাস্থেলিৰ সম্ভাৱনা বৃদ্ধি পায়। এইবোৰ জন্মগত বিসংগতি। অৱশ্যে ইয়াৰ আঁৰত জিন দায়ী। ভিটামিন-বি১২ ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰে।

* ভিটামিন-বি১২ৰ অভাৱৰ লক্ষণ-

১) ভিটামিন-বি১২ৰ অভাৱৰ ফলত শৰীৰত অক্সিজেন পৰিবহণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা নাথাকে, যাৰ বাবে দুৰ্বলতা আৰু ক্লান্তি আৰম্ভ হয়।

২) এই ভিটামিনৰ অভাৱৰ বাবে ছালখন অনুজ্জ্বল হৈ পৰিবলৈ আৰম্ভ কৰে।

) ভিটামিন-বি১২ অভাৱৰ ফলত সঘনাই মূৰৰ বিষৰ সমস্যা হ’ব পাৰে। ইয়াৰ বাবে তেজৰ পৰীক্ষা প্ৰয়োজন।

৪) পেটৰ লগত জড়িত সমস্যা যেনে-ডায়েৰিয়া, কোষ্ঠকাঠিন্য, পেটফুলা কেৱল ভিটামিন বি১২ৰ অভাৱৰ বাবেই হয়।

৫) যদি শৰীৰত ভিটামিন-বি১২ৰ অভাৱ হয়, তেন্তে কোনো কাৰণ নোহোৱাকৈয়ে মানসিক সমস্যাত ভোগা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে