--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ বুণ্ডু মহকুমাৰ সোনাহাটু আৰক্ষী থানা এলেকাত আৰক্ষীয়ে তিনিগৰাকী মহিলাক ডাইনী বুলি অভিহিত কৰি হত্যা কৰাৰ গোচৰ পোহৰলৈ আহিছে। হত্যাকাণ্ডত মৃতকৰ স্বামী আৰু পুত্ৰ জড়িত থকাৰ কথা কোৱা হৈছে। 

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই। এতিয়াও ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাই জোঁকাৰি যায় আমাৰ সমাজ ব্যৱস্থাক। এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ ৰাণাদিহ গাঁৱত । ডাইনীৰ অভিযোগত গাঁওবাসীয়ে মাৰপিট কৰি হত্যা কৰে তিনিগৰাকী মহিলাক। আচৰিত যেন লাগিলেও মৃতকৰ পুত্ৰ আৰু স্বামীও এই হত্যাকাণ্ডত জড়িত আছিল। যেতিয়া আৰক্ষীয়ে বিষয়টো জানিব পাৰিছিল, তেতিয়া গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে আৰক্ষীক গাঁওখনত প্ৰৱেশ কৰাত বাধা দিছিল, তাৰ পাছত যেতিয়া দ্বিতীয়বাৰৰ বাবে আৰক্ষী গাঁৱত প্ৰৱেশ কৰিছিল, তেতিয়া গাওঁখনত কোনো পুৰুষ নাছিল আৰু মহিলাসকলে ঘটনাৰ সন্দৰ্ভত যিকোনো কথা ক’বলৈ অস্বীকাৰ কৰিছিল  যাৰ বাবে আৰক্ষীৰ প্ৰত্যাহ্বান বৃদ্ধি পাইছিল, কিন্তু পৰবৰ্তী সময়ত গাঁৱৰ একাংশ লোকক কঠোৰভাৱে জেৰা কৰাৰ পাছত আৰক্ষীয়ে গোচৰটো প্ৰায় পোহৰলৈ আনিলে আৰু হত্যাকাৰী পুত্ৰ আৰু স্বামীকে ধৰি ৫ জন লোকক জেৰা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত কোৱা হৈছে যে কেইদিনমানৰ আগতে একলাব্য বিদ্যালয়ৰ ছাত্ৰ ৰাজকিশোৰ মুণ্ডাক সাপে কামুৰিছিল, তাৰ পাছত ভূত-প্ৰেত নিৰ্বাসকক অৰ্থাৎ বেজ মাতি পূজা কৰে। দুৰ্ভাগ্যবশতঃ ৰাজকিশোৰৰ মৃত্যুৰ পাছতে সেই বেজগৰাকীয়ে গাওঁবাসীক গাঁওখনত ডাইনী ক্ষোভৰ সৃষ্টি হৈছে বুলি জানিব দিয়ে। ইয়াৰ পাছত বৃহস্পতিবাৰে একেখন গাঁৱৰ অভিমন্যু নামৰ লোক এজনৰ পুত্ৰকো সাপে কামুৰিছিল। অৱশ্যে চিকিৎসাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল। কিন্তু গাঁৱৰ ৰাইজে বেজৰ কথাত বিশ্বাস কৰি গাঁওখনৰ তিনিগৰাকী মহিলাক ডাইনী বুলি অভিযোগ কৰি গাঁৱৰ কাষৰ হাবিলৈ নিয়াৰ পাছত হত্যা কৰে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত বুণ্ডুৰ ডি এছ পি অজয় ​​কুমাৰ কে কয় যে বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এছআইটিৰ এটা দল গঠন কৰা হৈছে। ১৫ জনতকৈ অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। একে সময়তে ৪-৫ জন লোকক আটক কৰা হৈছে।

মৃত মহিলাকেইগৰাকী হ'ল ক্ৰমে ৰাইলু দেৱী, ধোলী দেৱী, আৰু‌আলোমানী দেৱী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু