--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ বুণ্ডু মহকুমাৰ সোনাহাটু আৰক্ষী থানা এলেকাত আৰক্ষীয়ে তিনিগৰাকী মহিলাক ডাইনী বুলি অভিহিত কৰি হত্যা কৰাৰ গোচৰ পোহৰলৈ আহিছে। হত্যাকাণ্ডত মৃতকৰ স্বামী আৰু পুত্ৰ জড়িত থকাৰ কথা কোৱা হৈছে। 

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই। এতিয়াও ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাই জোঁকাৰি যায় আমাৰ সমাজ ব্যৱস্থাক। এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ ৰাণাদিহ গাঁৱত । ডাইনীৰ অভিযোগত গাঁওবাসীয়ে মাৰপিট কৰি হত্যা কৰে তিনিগৰাকী মহিলাক। আচৰিত যেন লাগিলেও মৃতকৰ পুত্ৰ আৰু স্বামীও এই হত্যাকাণ্ডত জড়িত আছিল। যেতিয়া আৰক্ষীয়ে বিষয়টো জানিব পাৰিছিল, তেতিয়া গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে আৰক্ষীক গাঁওখনত প্ৰৱেশ কৰাত বাধা দিছিল, তাৰ পাছত যেতিয়া দ্বিতীয়বাৰৰ বাবে আৰক্ষী গাঁৱত প্ৰৱেশ কৰিছিল, তেতিয়া গাওঁখনত কোনো পুৰুষ নাছিল আৰু মহিলাসকলে ঘটনাৰ সন্দৰ্ভত যিকোনো কথা ক’বলৈ অস্বীকাৰ কৰিছিল  যাৰ বাবে আৰক্ষীৰ প্ৰত্যাহ্বান বৃদ্ধি পাইছিল, কিন্তু পৰবৰ্তী সময়ত গাঁৱৰ একাংশ লোকক কঠোৰভাৱে জেৰা কৰাৰ পাছত আৰক্ষীয়ে গোচৰটো প্ৰায় পোহৰলৈ আনিলে আৰু হত্যাকাৰী পুত্ৰ আৰু স্বামীকে ধৰি ৫ জন লোকক জেৰা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত কোৱা হৈছে যে কেইদিনমানৰ আগতে একলাব্য বিদ্যালয়ৰ ছাত্ৰ ৰাজকিশোৰ মুণ্ডাক সাপে কামুৰিছিল, তাৰ পাছত ভূত-প্ৰেত নিৰ্বাসকক অৰ্থাৎ বেজ মাতি পূজা কৰে। দুৰ্ভাগ্যবশতঃ ৰাজকিশোৰৰ মৃত্যুৰ পাছতে সেই বেজগৰাকীয়ে গাওঁবাসীক গাঁওখনত ডাইনী ক্ষোভৰ সৃষ্টি হৈছে বুলি জানিব দিয়ে। ইয়াৰ পাছত বৃহস্পতিবাৰে একেখন গাঁৱৰ অভিমন্যু নামৰ লোক এজনৰ পুত্ৰকো সাপে কামুৰিছিল। অৱশ্যে চিকিৎসাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল। কিন্তু গাঁৱৰ ৰাইজে বেজৰ কথাত বিশ্বাস কৰি গাঁওখনৰ তিনিগৰাকী মহিলাক ডাইনী বুলি অভিযোগ কৰি গাঁৱৰ কাষৰ হাবিলৈ নিয়াৰ পাছত হত্যা কৰে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত বুণ্ডুৰ ডি এছ পি অজয় ​​কুমাৰ কে কয় যে বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এছআইটিৰ এটা দল গঠন কৰা হৈছে। ১৫ জনতকৈ অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। একে সময়তে ৪-৫ জন লোকক আটক কৰা হৈছে।

মৃত মহিলাকেইগৰাকী হ'ল ক্ৰমে ৰাইলু দেৱী, ধোলী দেৱী, আৰু‌আলোমানী দেৱী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ