--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেটিং এপৰ মাধ্যমেৰে কেইবাগৰাকী মহিলাৰ স’তে সম্পৰ্ক গঢ়ি প্ৰৱঞ্চনা কৰি অৱশেষত ৰঙাঘৰত সোমাল এগৰাকী দুধূৰ্ষ প্ৰতাৰক। নাম তেওঁৰ পেট্ৰিক গিবলিন। আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা এই প্ৰতাৰকগৰাকীৰ বয়স ৫৮ বছৰ। প্ৰায় দুই দশক ধৰি প্ৰেমৰ জালত পেলাই অসংখ্য মহিলাৰ পৰা এওঁ আদায় কৰিছিল কোটি কোটি টকা।

ইয়াৰ পূৰ্বেও আৰক্ষীৰ জালত কেইবাবাৰো পৰিছিল পেট্ৰিক। কিন্তু সাৰি যাবলৈ সক্ষম হৈছিল। কিন্তু কি এনে কাম কৰে পেট্ৰিকে, যাৰ ফলত মহিলাসকলে তেওঁৰ প্ৰতি আকৃষ্ট হয়?

পেট্ৰিকে প্ৰথমে ডেটিং এপৰ মাধ্যমেৰে মহিলাৰ স’তে যোগাযোগ কৰে। ধীৰে ধীৰে বন্ধুত্বৰ সম্পৰ্ক গঢ়ে। মহিলাসকলৰ আগত পেট্ৰিকে কয় যে তেওঁ বিপুল সম্পত্তিৰ গৰাকী।

পেট্ৰিকে মূলতঃ নিৰাশাত ভোগা মহিলাসকলকে নিজৰ চিকাৰ হিচাপে বাচি লয়। দুখী মহিলাসকলক সুখৰ স্বৰ্গ দেখুওৱাৰ সপোন যাচে তেওঁ। বন্ধুত্ব আগুৱালেই মহিলাসকলৰ পৰা বিভিন্ন অজুহাত দেখুৱাই টকা ধাৰে খুঁজে তেওঁ।

কিন্তু এবাৰ টকা পোলাৰ পাছত পেট্ৰিকৰ কোনো সন্ধান নাপায় তেওঁৰ বান্ধৱীসকলে। কেতিয়াও ঘূৰাই নাপায় টকা। প্ৰতাৰণাৰ এই অভিযোগত দুবাৰ জেলো খাটিছিল তেওঁ। কিন্তু জেলৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল।

সম্প্ৰতি পুনৰ আৰক্ষীৰ জালত পৰিছে পেট্ৰিক। আদালতে ৬৬ মাহ কাৰাবাস খটাৰ নিৰ্দেশ দিছে পেট্ৰিকক। আৰক্ষীয়ে জনোৱামতে, বৰ্তমানলৈকে কমেও ১০০ গৰাকী মহিলাক প্ৰতাৰণা কৰিছে পেট্ৰিকে। প্ৰায় দুই দশক ধৰি প্ৰেমৰ প্ৰতাৰণাৰে আহৰণ কৰিছে আঢ়ৈ লাখ ডলাৰ। ভাৰতীয় মূল্য অনুযায়ী ইয়াৰ পৰিমাণ হ’ব প্ৰায় ২ কোটি ৬ লাখ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
আইন ভংগ কৰি ৰন্ধন গেছৰ ব্যৱহাৰ
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ