--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেটিং এপৰ মাধ্যমেৰে কেইবাগৰাকী মহিলাৰ স’তে সম্পৰ্ক গঢ়ি প্ৰৱঞ্চনা কৰি অৱশেষত ৰঙাঘৰত সোমাল এগৰাকী দুধূৰ্ষ প্ৰতাৰক। নাম তেওঁৰ পেট্ৰিক গিবলিন। আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা এই প্ৰতাৰকগৰাকীৰ বয়স ৫৮ বছৰ। প্ৰায় দুই দশক ধৰি প্ৰেমৰ জালত পেলাই অসংখ্য মহিলাৰ পৰা এওঁ আদায় কৰিছিল কোটি কোটি টকা।

ইয়াৰ পূৰ্বেও আৰক্ষীৰ জালত কেইবাবাৰো পৰিছিল পেট্ৰিক। কিন্তু সাৰি যাবলৈ সক্ষম হৈছিল। কিন্তু কি এনে কাম কৰে পেট্ৰিকে, যাৰ ফলত মহিলাসকলে তেওঁৰ প্ৰতি আকৃষ্ট হয়?

পেট্ৰিকে প্ৰথমে ডেটিং এপৰ মাধ্যমেৰে মহিলাৰ স’তে যোগাযোগ কৰে। ধীৰে ধীৰে বন্ধুত্বৰ সম্পৰ্ক গঢ়ে। মহিলাসকলৰ আগত পেট্ৰিকে কয় যে তেওঁ বিপুল সম্পত্তিৰ গৰাকী।

পেট্ৰিকে মূলতঃ নিৰাশাত ভোগা মহিলাসকলকে নিজৰ চিকাৰ হিচাপে বাচি লয়। দুখী মহিলাসকলক সুখৰ স্বৰ্গ দেখুওৱাৰ সপোন যাচে তেওঁ। বন্ধুত্ব আগুৱালেই মহিলাসকলৰ পৰা বিভিন্ন অজুহাত দেখুৱাই টকা ধাৰে খুঁজে তেওঁ।

কিন্তু এবাৰ টকা পোলাৰ পাছত পেট্ৰিকৰ কোনো সন্ধান নাপায় তেওঁৰ বান্ধৱীসকলে। কেতিয়াও ঘূৰাই নাপায় টকা। প্ৰতাৰণাৰ এই অভিযোগত দুবাৰ জেলো খাটিছিল তেওঁ। কিন্তু জেলৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল।

সম্প্ৰতি পুনৰ আৰক্ষীৰ জালত পৰিছে পেট্ৰিক। আদালতে ৬৬ মাহ কাৰাবাস খটাৰ নিৰ্দেশ দিছে পেট্ৰিকক। আৰক্ষীয়ে জনোৱামতে, বৰ্তমানলৈকে কমেও ১০০ গৰাকী মহিলাক প্ৰতাৰণা কৰিছে পেট্ৰিকে। প্ৰায় দুই দশক ধৰি প্ৰেমৰ প্ৰতাৰণাৰে আহৰণ কৰিছে আঢ়ৈ লাখ ডলাৰ। ভাৰতীয় মূল্য অনুযায়ী ইয়াৰ পৰিমাণ হ’ব প্ৰায় ২ কোটি ৬ লাখ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ