--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুহূৰ্ততে দেউলীয়া হ’ল উছেইন ব’ল্ট! নিজৰ বেংক একাউণ্ডৰ পৰা প্ৰায় ১০০ কোটি টকা হেৰুৱালে জামাইকান দৌৰবিদ তথা পৃথিৱীৰ দ্ৰুততম ব্যক্কিজনে। ভৱিষ্যতৰ সঞ্চয় হিচাপে ৰখা প্ৰায় সকলো ধন হেৰুৱাইছে তেওঁ। তেওঁৰ আইনী উপদেষ্টা লিন্টন গৰ্ডনে এইদৰে জনাইছে।

গৰ্ডনে কৈছে যে অৱসৰৰ পিছত জামাইকান দৌৰবিদজনে তেওঁৰ সকলো সঞ্চয় বেংক একাউণ্টত ৰাখিছিল। এটা শ্বেয়াৰ বজাৰ কোম্পানী সেই একাউণ্টৰ সৈতে জড়িত আছিল। গৰ্ডনে কয়- "যিকোনো ব্যক্তিয়ে এনে খবৰ পালে তেওঁ ভাঙি পৰিব। ব’ল্টৰ ক্ষেত্ৰতো একেই হৈছে।’’

তেওঁ এই একাউণ্টটো ভৱিষ্যতৰ সঞ্চয় হিচাপে ৰাখিছিল। বোল্টৰ একাউণ্টত ১২  নিযুত ডলাক আছিল। যিটো ভাৰতীয় মুদ্ৰাত ৯৭ কোটি ১৭ লাখ ১৫ হাজাৰ টকা।

জামাইকাৰ বিত্তীয় সেৱা আয়োগে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। বিত্ত মন্ত্ৰী নাইজেল ক্লাৰ্কে কৈছিল: "গোটেই বিষয়টো  লক্ষ্য কৰা হ'ব। সকলো সত্য ওলাই আহিব। একাউণ্টৰ পৰা টকা কেনেকৈ চুৰি হৈছিল সেয়া দেখা যাব। এই চুৰিৰ পৰা কোনে লাভান্বিত হৈছিল সেয়া গম পোৱা যাব। আমি চাব লাগিব কোনে এইটো কৰিছিল।’’

উল্লেখ্য যে ১০ জানুৱাৰীত তেওঁৰ একাউণ্টৰ সৈতে সংযুক্ত শ্বেয়াৰ বজাৰ সংস্থাৰ দ্বাৰা ব’ল্টক সতৰ্ক কৰি দিয়া হৈছিল। ইয়াৰ পিছত দেখা যায় যে ব’ল্টৰ একাউণ্টৰ পৰা ৯৭ কোটি ১৭ লাখ ১৫  হাজাৰ টকা নাই।

উল্লেখ্য যে ৩৬ বছৰীয়া ব’ল্ট এতিয়াও বিশ্বৰ দ্ৰুততম ব্যক্তি। তেওঁ অলিম্পিকত নটা সোণৰ পদক জিকিছে। তেওঁ ১১ বাৰ বিশ্ব চেম্পিয়ন হৈছে। তেওঁক বহুতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দৌৰবিদ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু