--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুহূৰ্ততে দেউলীয়া হ’ল উছেইন ব’ল্ট! নিজৰ বেংক একাউণ্ডৰ পৰা প্ৰায় ১০০ কোটি টকা হেৰুৱালে জামাইকান দৌৰবিদ তথা পৃথিৱীৰ দ্ৰুততম ব্যক্কিজনে। ভৱিষ্যতৰ সঞ্চয় হিচাপে ৰখা প্ৰায় সকলো ধন হেৰুৱাইছে তেওঁ। তেওঁৰ আইনী উপদেষ্টা লিন্টন গৰ্ডনে এইদৰে জনাইছে।

গৰ্ডনে কৈছে যে অৱসৰৰ পিছত জামাইকান দৌৰবিদজনে তেওঁৰ সকলো সঞ্চয় বেংক একাউণ্টত ৰাখিছিল। এটা শ্বেয়াৰ বজাৰ কোম্পানী সেই একাউণ্টৰ সৈতে জড়িত আছিল। গৰ্ডনে কয়- "যিকোনো ব্যক্তিয়ে এনে খবৰ পালে তেওঁ ভাঙি পৰিব। ব’ল্টৰ ক্ষেত্ৰতো একেই হৈছে।’’

তেওঁ এই একাউণ্টটো ভৱিষ্যতৰ সঞ্চয় হিচাপে ৰাখিছিল। বোল্টৰ একাউণ্টত ১২  নিযুত ডলাক আছিল। যিটো ভাৰতীয় মুদ্ৰাত ৯৭ কোটি ১৭ লাখ ১৫ হাজাৰ টকা।

জামাইকাৰ বিত্তীয় সেৱা আয়োগে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। বিত্ত মন্ত্ৰী নাইজেল ক্লাৰ্কে কৈছিল: "গোটেই বিষয়টো  লক্ষ্য কৰা হ'ব। সকলো সত্য ওলাই আহিব। একাউণ্টৰ পৰা টকা কেনেকৈ চুৰি হৈছিল সেয়া দেখা যাব। এই চুৰিৰ পৰা কোনে লাভান্বিত হৈছিল সেয়া গম পোৱা যাব। আমি চাব লাগিব কোনে এইটো কৰিছিল।’’

উল্লেখ্য যে ১০ জানুৱাৰীত তেওঁৰ একাউণ্টৰ সৈতে সংযুক্ত শ্বেয়াৰ বজাৰ সংস্থাৰ দ্বাৰা ব’ল্টক সতৰ্ক কৰি দিয়া হৈছিল। ইয়াৰ পিছত দেখা যায় যে ব’ল্টৰ একাউণ্টৰ পৰা ৯৭ কোটি ১৭ লাখ ১৫  হাজাৰ টকা নাই।

উল্লেখ্য যে ৩৬ বছৰীয়া ব’ল্ট এতিয়াও বিশ্বৰ দ্ৰুততম ব্যক্তি। তেওঁ অলিম্পিকত নটা সোণৰ পদক জিকিছে। তেওঁ ১১ বাৰ বিশ্ব চেম্পিয়ন হৈছে। তেওঁক বহুতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দৌৰবিদ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক