--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবল খেলত হালধীয়া  কাৰ্ড আৰু ৰঙা কাৰ্ডৰ বিষয়ে সকলোৱে জানে। কিন্তু বগা কাৰ্ড? প্ৰথমবাৰৰ বাবে এখনি ফুটবল মেচত ৰেফাৰীয়ে বগা কাৰ্ড দেখুওৱাৰ ঘটনা সংঘটিত হ’ল।

ঘটনাটো পৰ্তুগালৰ দুটা ক্লাব লিছবন বনাম বেনফিকাৰ মাজত হোৱা মহিলাসকলৰ এখন মেচত সংঘটিত হৈছিল। খেলখনৰ বিৰতিৰ অলপ আগতে ৰেফাৰীয়ে হঠাতে বগা কাৰ্ডখন পকেটৰ পৰা উলিয়াই আনিলে। তাৰপাছতে ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ দেশ পৰ্তুগালে এটা নতুন উদাহৰণ স্থাপন কৰিলে।

খেলখনৰ পৰ্তুগীজ মহিলা ৰেফাৰী জ'য়ে বগা কাৰ্ডখন প্ৰদৰ্শন কৰে। কিন্তু কিয় এই বগা কাৰ্ড দেখুওৱা হয়?

প্ৰথমাৰ্ধৰ শেষত বেনফিকাই খেলত ৩-০ গ'লত আগবাঢ়ি আছিল। প্ৰিয় দলটো ডাঙৰ ব্যৱধানত পিছ পৰি ৰৈছিল লিছবনৰ এজন অনুৰাগীয়ে গেলেৰীত অসুস্থ অনুভৱ কৰিছিল । তেওঁৰ কাষত থকা আন দৰ্শকসকলে কথাটো আয়োজকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইটো দেখি দুয়োটা দলৰ চিকিৎসা কৰ্মী লগে লগে ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে যুটীয়াভাৱে সমৰ্থকৰ চিকিৎসা কৰিব ধৰে। সময়ত অনুৰাগীজন সুস্থ হৈ পৰে। দুয়োটা দলৰ চিকিৎসা কৰ্মচাৰীৰ ভূমিকাৰ প্ৰশংসা কৰিবলৈকে ৰেফাৰীয়ে পকেটৰ পৰা বগা কাৰ্ডখন উলিয়ায় আৰু চিকিৎসা কৰ্মচাৰীসকলক প্ৰদৰ্শন কৰিছিল।

সাধাৰণতে শান্তিৰ ৰং হিচাপেই বগা ৰংটোক গণ্য কৰা হয়। খেলপথাৰত উপস্থিত থকা সকলো দৰ্শকে খেলপথাৰৰ যুঁজৰ বাহিৰত পাৰস্পৰিক সৌজন্য, ভাতৃত্ববোধৰ এই ঘটনাক প্ৰসংসা কৰিছে। ৰেফাৰীগৰাকীয়েও সেয়ে শান্তিৰ ৰং বগা কাৰ্ড দেখুৱাই এই মহানুভৱতাক স্বীকাৰ কৰে।

হালধীয়া বা ৰঙা কাৰ্ড ব্যৱহাৰ কৰি ৰেফাৰীসকলে সাধাৰণতে প্ৰশিক্ষক বা দলৰ আনসকলক শাস্তি দিয়ে। কিন্তু বগা কাৰ্ড এখনৰ অৰ্থ সম্পূৰ্ণ বিপৰীত। এই কাৰ্ডখন খেলুৱৈৰ মানসিকতাৰ প্ৰশংসা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ফুটবলৰ ইতিহাসত এইটো প্ৰথম ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক