--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবল খেলত হালধীয়া  কাৰ্ড আৰু ৰঙা কাৰ্ডৰ বিষয়ে সকলোৱে জানে। কিন্তু বগা কাৰ্ড? প্ৰথমবাৰৰ বাবে এখনি ফুটবল মেচত ৰেফাৰীয়ে বগা কাৰ্ড দেখুওৱাৰ ঘটনা সংঘটিত হ’ল।

ঘটনাটো পৰ্তুগালৰ দুটা ক্লাব লিছবন বনাম বেনফিকাৰ মাজত হোৱা মহিলাসকলৰ এখন মেচত সংঘটিত হৈছিল। খেলখনৰ বিৰতিৰ অলপ আগতে ৰেফাৰীয়ে হঠাতে বগা কাৰ্ডখন পকেটৰ পৰা উলিয়াই আনিলে। তাৰপাছতে ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ দেশ পৰ্তুগালে এটা নতুন উদাহৰণ স্থাপন কৰিলে।

খেলখনৰ পৰ্তুগীজ মহিলা ৰেফাৰী জ'য়ে বগা কাৰ্ডখন প্ৰদৰ্শন কৰে। কিন্তু কিয় এই বগা কাৰ্ড দেখুওৱা হয়?

প্ৰথমাৰ্ধৰ শেষত বেনফিকাই খেলত ৩-০ গ'লত আগবাঢ়ি আছিল। প্ৰিয় দলটো ডাঙৰ ব্যৱধানত পিছ পৰি ৰৈছিল লিছবনৰ এজন অনুৰাগীয়ে গেলেৰীত অসুস্থ অনুভৱ কৰিছিল । তেওঁৰ কাষত থকা আন দৰ্শকসকলে কথাটো আয়োজকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইটো দেখি দুয়োটা দলৰ চিকিৎসা কৰ্মী লগে লগে ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে যুটীয়াভাৱে সমৰ্থকৰ চিকিৎসা কৰিব ধৰে। সময়ত অনুৰাগীজন সুস্থ হৈ পৰে। দুয়োটা দলৰ চিকিৎসা কৰ্মচাৰীৰ ভূমিকাৰ প্ৰশংসা কৰিবলৈকে ৰেফাৰীয়ে পকেটৰ পৰা বগা কাৰ্ডখন উলিয়ায় আৰু চিকিৎসা কৰ্মচাৰীসকলক প্ৰদৰ্শন কৰিছিল।

সাধাৰণতে শান্তিৰ ৰং হিচাপেই বগা ৰংটোক গণ্য কৰা হয়। খেলপথাৰত উপস্থিত থকা সকলো দৰ্শকে খেলপথাৰৰ যুঁজৰ বাহিৰত পাৰস্পৰিক সৌজন্য, ভাতৃত্ববোধৰ এই ঘটনাক প্ৰসংসা কৰিছে। ৰেফাৰীগৰাকীয়েও সেয়ে শান্তিৰ ৰং বগা কাৰ্ড দেখুৱাই এই মহানুভৱতাক স্বীকাৰ কৰে।

হালধীয়া বা ৰঙা কাৰ্ড ব্যৱহাৰ কৰি ৰেফাৰীসকলে সাধাৰণতে প্ৰশিক্ষক বা দলৰ আনসকলক শাস্তি দিয়ে। কিন্তু বগা কাৰ্ড এখনৰ অৰ্থ সম্পূৰ্ণ বিপৰীত। এই কাৰ্ডখন খেলুৱৈৰ মানসিকতাৰ প্ৰশংসা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ফুটবলৰ ইতিহাসত এইটো প্ৰথম ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু