--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ আদিলাবাদ জিলাত আত্মহনন কৰিছে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই।মৃত ছাত্ৰজনে এৰি থৈ যোৱা ছুইচাইড নোটত উল্লেখ কৰিছিল যে ছাত্ৰজন দেৰিকৈ  পৰীক্ষাগৃহত উপস্থিত হোৱাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল৷যাৰ বাবে ছাত্ৰজন বিচলিত হৈ পৰিছিল৷

আজি বিয়লি সতনালা মথাউৰিৰ পৰা টেকুম শিৱ কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহৰ ওচৰত এখন ছুইচাইড নোট পোৱা গৈছিল। নোটখনৰ সৈতে ঘড়ী, মানিবেগ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। মানিবেগত দুখন ফটো আছিল - য’ত তেওঁৰ আৰু দেউতাকৰ ফটো আছিল।

তেলেগু ভাষাৰ টোকাটোত লিখা আছিল, "মই দুঃখিত দেউতা, মোক ক্ষমা কৰিব। মই এই আঘাতৰ সৈতে মোকাবিলা কৰিব পৰা নাই। আপুনি মোৰ বাবে বহুত কাম কৰিলে, কিন্তু মই আপোনাৰ বাবে একো কৰিব পৰা নোৱাৰিলে। মই কেতিয়াও পূৰ্বে এনেকুৱা অনুভৱ কৰা নাই।" 

উল্লেখ্য যে,তেলেংগানা ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীয়ে কালি আৰম্ভ হোৱা ইণ্টাৰমিডিয়েট পৰীক্ষা দি আছে। ৰাজ্যিক ব’ৰ্ডে নিৰ্ধাৰণ কৰা পৰীক্ষাৰ নিয়মসমূহৰ ভিতৰত এটা কঠোৰ বিধান আছে যিটো আদালততো প্ৰত্যাহ্বান জনোৱা হৈছে। এই নিয়মত কোৱা হৈছে যে এজন ছাত্ৰই পৰীক্ষা কেন্দ্ৰত এক মিনিট দেৰি হ’লেও পৰীক্ষা দিবলৈ দিয়া নহ’ব। 

আত্মহনন কৰা শিৱ কুমাৰ অৱশ্যে পৰীক্ষা কেন্দ্ৰত উপস্থিত নহ’ল বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।তেলেংগানা ষ্টেট ব’ৰ্ড অৱ ইণ্টাৰমিডিয়েট পৰীক্ষাৰ উপাধ্যক্ষ বুৰা ভেংকটেশ্বমে কয় যে পৰীক্ষা কেন্দ্ৰৰ চিচিটিভি ফুটেজত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱাৰ পাঁচ মিনিটৰ পাছত ছাত্ৰজনক দেখা পোৱা নাযায়। লগতে শিৱ কুমাৰে কয় যে জিলা শিক্ষা কাৰ্যালয় আৰু আৰক্ষীৰ পৰা পোৱা প্ৰতিবেদনে এই কথা নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু