--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ আদিলাবাদ জিলাত আত্মহনন কৰিছে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই।মৃত ছাত্ৰজনে এৰি থৈ যোৱা ছুইচাইড নোটত উল্লেখ কৰিছিল যে ছাত্ৰজন দেৰিকৈ  পৰীক্ষাগৃহত উপস্থিত হোৱাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল৷যাৰ বাবে ছাত্ৰজন বিচলিত হৈ পৰিছিল৷

আজি বিয়লি সতনালা মথাউৰিৰ পৰা টেকুম শিৱ কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহৰ ওচৰত এখন ছুইচাইড নোট পোৱা গৈছিল। নোটখনৰ সৈতে ঘড়ী, মানিবেগ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। মানিবেগত দুখন ফটো আছিল - য’ত তেওঁৰ আৰু দেউতাকৰ ফটো আছিল।

তেলেগু ভাষাৰ টোকাটোত লিখা আছিল, "মই দুঃখিত দেউতা, মোক ক্ষমা কৰিব। মই এই আঘাতৰ সৈতে মোকাবিলা কৰিব পৰা নাই। আপুনি মোৰ বাবে বহুত কাম কৰিলে, কিন্তু মই আপোনাৰ বাবে একো কৰিব পৰা নোৱাৰিলে। মই কেতিয়াও পূৰ্বে এনেকুৱা অনুভৱ কৰা নাই।" 

উল্লেখ্য যে,তেলেংগানা ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীয়ে কালি আৰম্ভ হোৱা ইণ্টাৰমিডিয়েট পৰীক্ষা দি আছে। ৰাজ্যিক ব’ৰ্ডে নিৰ্ধাৰণ কৰা পৰীক্ষাৰ নিয়মসমূহৰ ভিতৰত এটা কঠোৰ বিধান আছে যিটো আদালততো প্ৰত্যাহ্বান জনোৱা হৈছে। এই নিয়মত কোৱা হৈছে যে এজন ছাত্ৰই পৰীক্ষা কেন্দ্ৰত এক মিনিট দেৰি হ’লেও পৰীক্ষা দিবলৈ দিয়া নহ’ব। 

আত্মহনন কৰা শিৱ কুমাৰ অৱশ্যে পৰীক্ষা কেন্দ্ৰত উপস্থিত নহ’ল বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।তেলেংগানা ষ্টেট ব’ৰ্ড অৱ ইণ্টাৰমিডিয়েট পৰীক্ষাৰ উপাধ্যক্ষ বুৰা ভেংকটেশ্বমে কয় যে পৰীক্ষা কেন্দ্ৰৰ চিচিটিভি ফুটেজত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱাৰ পাঁচ মিনিটৰ পাছত ছাত্ৰজনক দেখা পোৱা নাযায়। লগতে শিৱ কুমাৰে কয় যে জিলা শিক্ষা কাৰ্যালয় আৰু আৰক্ষীৰ পৰা পোৱা প্ৰতিবেদনে এই কথা নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী