--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি চৰ্চা লাভ কৰিছে মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি–ৱেডিং কাৰ্যসূচী। ১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশাল কাৰ্যসূচীৰ। 

প্ৰি–ৱেডিঙৰ পূৰ্বে জামনগৰৰ জোগবড় গাঁৱত ৫১ হাজাৰ লোকক অন্ন সেৱা কৰে আম্বানী পৰিয়ালে। বিবাহৰ পূৰ্বে গাঁওবাসীৰ আশীৰ্বাদ বিচাৰি অন্নসেৱা অনন্ত আম্বানী আৰু ৰাধিকাৰ পৰিয়ালৰ। পৰাম্পৰাগত গুজৰাটী খাদ্যৰে আপ্যায়ণ কৰা হয় গাঁওবাসীক। 

অনন্ত–ৰাধিকাৰ তিনিদিনীয়া প্ৰি–ৱেডিং অনুষ্ঠানত দেশ–বিদেশ সহস্ৰাধিক অতিথিয়ে অংশগ্ৰহণ কৰিব। হাইপ্ৰফাইল অতিথিসকলৰ তালিকাত আছে ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেট্ছ, গুগলৰ CEO সুন্দৰ পিছাই, উদ্যোগপতি গৌতম আদানী, সুনীল মিট্টাল, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বলীউডৰ মেগা ষ্টাৰ অমিতাভ বচ্চন, শ্বাহৰু খান আদি। বিভিন্ন দেশৰ ২৫০০ বিধ খাদ্যৰে অতিথিক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। ব্ৰেক ফ্ৰাষ্টত থাকিব ৭০ বিধ সামগ্ৰী। দুপৰীয়া আৰু নিশাৰ আহাৰত ২৫০তকৈও অধিক খাদ্যৰ লগতে নিশা ১২ বজাৰ পৰা পুৱা ৪ বজালৈ ৮৫ বিধ স্নেক্ছৰ ব্যৱস্থা। 

অনন্ত–ৰাধিকাৰ প্ৰি–ৱেডিঙত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে জামনগৰত উপস্থিত হৈছে বলীউডৰ বহু তাৰকাৰ লগতে হলীউডৰ পপষ্টাৰ ৰিহানা। প্ৰধানমন্ত্ৰী মোদীৰ ৱেড–ইন–ইণ্ডিয়া আহ্বানক সঁহাৰি জনাই আইতাকৰ জন্মভূমি আৰু পিতৃৰ কৰ্মভূমি জামনগৰক প্ৰাধান্য দিছে আম্বানী পৰিয়ালে। উল্লেখযোগ্য যে, ১২ জুলাইত সম্পন্ন হ’ব অনন্ত–ৰাধিকাৰ বহু প্ৰতিক্ষিত বিবাহ অনুষ্ঠান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী