--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি চৰ্চা লাভ কৰিছে মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি–ৱেডিং কাৰ্যসূচী। ১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশাল কাৰ্যসূচীৰ। 

প্ৰি–ৱেডিঙৰ পূৰ্বে জামনগৰৰ জোগবড় গাঁৱত ৫১ হাজাৰ লোকক অন্ন সেৱা কৰে আম্বানী পৰিয়ালে। বিবাহৰ পূৰ্বে গাঁওবাসীৰ আশীৰ্বাদ বিচাৰি অন্নসেৱা অনন্ত আম্বানী আৰু ৰাধিকাৰ পৰিয়ালৰ। পৰাম্পৰাগত গুজৰাটী খাদ্যৰে আপ্যায়ণ কৰা হয় গাঁওবাসীক। 

অনন্ত–ৰাধিকাৰ তিনিদিনীয়া প্ৰি–ৱেডিং অনুষ্ঠানত দেশ–বিদেশ সহস্ৰাধিক অতিথিয়ে অংশগ্ৰহণ কৰিব। হাইপ্ৰফাইল অতিথিসকলৰ তালিকাত আছে ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেট্ছ, গুগলৰ CEO সুন্দৰ পিছাই, উদ্যোগপতি গৌতম আদানী, সুনীল মিট্টাল, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বলীউডৰ মেগা ষ্টাৰ অমিতাভ বচ্চন, শ্বাহৰু খান আদি। বিভিন্ন দেশৰ ২৫০০ বিধ খাদ্যৰে অতিথিক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। ব্ৰেক ফ্ৰাষ্টত থাকিব ৭০ বিধ সামগ্ৰী। দুপৰীয়া আৰু নিশাৰ আহাৰত ২৫০তকৈও অধিক খাদ্যৰ লগতে নিশা ১২ বজাৰ পৰা পুৱা ৪ বজালৈ ৮৫ বিধ স্নেক্ছৰ ব্যৱস্থা। 

অনন্ত–ৰাধিকাৰ প্ৰি–ৱেডিঙত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে জামনগৰত উপস্থিত হৈছে বলীউডৰ বহু তাৰকাৰ লগতে হলীউডৰ পপষ্টাৰ ৰিহানা। প্ৰধানমন্ত্ৰী মোদীৰ ৱেড–ইন–ইণ্ডিয়া আহ্বানক সঁহাৰি জনাই আইতাকৰ জন্মভূমি আৰু পিতৃৰ কৰ্মভূমি জামনগৰক প্ৰাধান্য দিছে আম্বানী পৰিয়ালে। উল্লেখযোগ্য যে, ১২ জুলাইত সম্পন্ন হ’ব অনন্ত–ৰাধিকাৰ বহু প্ৰতিক্ষিত বিবাহ অনুষ্ঠান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু