--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কি অদ্ভুত ঘটনা! বৃহস্পতিবাৰে পঞ্জাবৰ মোগা জিলাত সম্পন্ন হ’ল এজন ৰোগীৰ অস্ত্ৰোপচাৰ। আপুনি জানি আচৰিত হ’ব যে ৰোগীজনৰ পেটত পোৱা হৈছে ইয়েৰফোন, লকেট, স্ক্ৰু আৰু আনকি ৰাখী৷ ৰোগীজনৰ মোগাৰ মেডিচিটি হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছিল। এই ৰোগীজন তীব্ৰ জ্বৰ আৰু পেটৰ বিষত ভুগি চিকিৎসালয়লৈ আহিছিল।

তাৰ পাছত ৰোগীজনৰ এক্স-ৰে দেখি চিকিৎসকসকল হতবাক হৈ পৰিছিল৷ যেতিয়া তেওঁৰ পেটৰ বিষ হ্ৰাস হোৱা নাছিল, চিকিৎসকে এক্স-ৰে স্কেন কৰিছিল। এক্স-ৰে স্কেন দেখি চিকিৎসকসকলো আচৰিত হৈ পৰিছিল। স্কেনত ৰোগীজনৰ পেটৰ পৰা বহুতো ধাতৱ সামগ্ৰীৰ অৱস্থিতি পোৱা গৈছিল। ইয়েৰফোন, ৱাছাৰ, নাট, বোল্ট, তাঁৰ, ৰাখী, লকেট, বুটাম, ৰেপাৰ আৰু চেফটি পিন আদিৰ দৰে বহুতো ঘৰুৱা সামগ্ৰী পোৱা গৈছিল৷

ৰোগীজনৰ অৱস্থা এতিয়া সংকটজনক!

তিনিঘণ্টাৰ অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকসকলে এই সকলো সামগ্ৰী আঁতৰাই দিছিল। চিকিৎসালয়খনৰ সঞ্চালক ডাঃ আজমেৰ কালৰাই কৈছিল যে তেওঁ মেডিকেল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা দেখিছে। ৰোগীজনে প্ৰায় দুবছৰ ধৰি পেটৰ বিষৰ অভিযোগ কৰি আহিছিল। অস্ত্ৰোপচাৰৰ দ্বাৰা সকলো আঁতৰ কৰা হৈছিল, কিন্তু ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক।

ইয়েৰফোন, স্ক্ৰু, নাট-বোল্টৰ দৰে সামগ্ৰী কিয় খাই এনে মানুহে?

এইটো প্ৰথম ঘটনা নহয় যে ৰোগী এজনে অদ্ভুত বস্তু খাইছে। এনে ধৰণৰ ঘটনা পূৰ্বতেও হৈছে। পঞ্জাবৰ ৰোগীজনৰ অভিভাৱকে কৈছিল যে যোৱা ২-৩দিন ধৰি তেওঁৰ স্বাস্থ্য অতি বেয়া হৈ পৰিছিল কিন্তু তেওঁ এই বিষয়ে একো কোৱা নাছিল। যেতিয়া তেওঁৰ টোপনি যোৱাত সমস্যা হ’বলৈ আৰম্ভ কৰিছিল, তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল। পৰিয়ালৰ সদস্যসকলে নাজানিছিল যে ৰোগীয়ে এই সকলোবোৰ বস্তু খাই আহিছে। 

প্ৰশ্নটো হ’ল কিছুমান মানুহে কিয় খোৱাৰ অনুপযুক্ত খাদ্য খায়?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই ৰোগটোক ‘পিকা’ (PICA) বুলি কোৱা হয়।

পিকা ৰোগ কি?
‘পিকা’ খোৱাৰ বিকাৰ থকা এজন ব্যক্তিয়ে খোৱাৰ অনুপযোগী বা কোনো পুষ্টি নোহোৱা বস্তু খায়। 

এই বিকাৰত ভুগি থকা ব্যক্তি এজন জীৱনৰ বিপদত পৰিব পাৰে কিয়নো তেওঁ জীৱনৰ বাবে বিপজ্জনক বস্তুও খাব পাৰে। এই ৰোগত আক্ৰান্ত লোকসকলে নিজকে বাধা দিব নোৱাৰে। নিয়ন্ত্ৰণহীন হৈ পৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু