--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কি অদ্ভুত ঘটনা! বৃহস্পতিবাৰে পঞ্জাবৰ মোগা জিলাত সম্পন্ন হ’ল এজন ৰোগীৰ অস্ত্ৰোপচাৰ। আপুনি জানি আচৰিত হ’ব যে ৰোগীজনৰ পেটত পোৱা হৈছে ইয়েৰফোন, লকেট, স্ক্ৰু আৰু আনকি ৰাখী৷ ৰোগীজনৰ মোগাৰ মেডিচিটি হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছিল। এই ৰোগীজন তীব্ৰ জ্বৰ আৰু পেটৰ বিষত ভুগি চিকিৎসালয়লৈ আহিছিল।

তাৰ পাছত ৰোগীজনৰ এক্স-ৰে দেখি চিকিৎসকসকল হতবাক হৈ পৰিছিল৷ যেতিয়া তেওঁৰ পেটৰ বিষ হ্ৰাস হোৱা নাছিল, চিকিৎসকে এক্স-ৰে স্কেন কৰিছিল। এক্স-ৰে স্কেন দেখি চিকিৎসকসকলো আচৰিত হৈ পৰিছিল। স্কেনত ৰোগীজনৰ পেটৰ পৰা বহুতো ধাতৱ সামগ্ৰীৰ অৱস্থিতি পোৱা গৈছিল। ইয়েৰফোন, ৱাছাৰ, নাট, বোল্ট, তাঁৰ, ৰাখী, লকেট, বুটাম, ৰেপাৰ আৰু চেফটি পিন আদিৰ দৰে বহুতো ঘৰুৱা সামগ্ৰী পোৱা গৈছিল৷

ৰোগীজনৰ অৱস্থা এতিয়া সংকটজনক!

তিনিঘণ্টাৰ অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকসকলে এই সকলো সামগ্ৰী আঁতৰাই দিছিল। চিকিৎসালয়খনৰ সঞ্চালক ডাঃ আজমেৰ কালৰাই কৈছিল যে তেওঁ মেডিকেল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা দেখিছে। ৰোগীজনে প্ৰায় দুবছৰ ধৰি পেটৰ বিষৰ অভিযোগ কৰি আহিছিল। অস্ত্ৰোপচাৰৰ দ্বাৰা সকলো আঁতৰ কৰা হৈছিল, কিন্তু ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক।

ইয়েৰফোন, স্ক্ৰু, নাট-বোল্টৰ দৰে সামগ্ৰী কিয় খাই এনে মানুহে?

এইটো প্ৰথম ঘটনা নহয় যে ৰোগী এজনে অদ্ভুত বস্তু খাইছে। এনে ধৰণৰ ঘটনা পূৰ্বতেও হৈছে। পঞ্জাবৰ ৰোগীজনৰ অভিভাৱকে কৈছিল যে যোৱা ২-৩দিন ধৰি তেওঁৰ স্বাস্থ্য অতি বেয়া হৈ পৰিছিল কিন্তু তেওঁ এই বিষয়ে একো কোৱা নাছিল। যেতিয়া তেওঁৰ টোপনি যোৱাত সমস্যা হ’বলৈ আৰম্ভ কৰিছিল, তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল। পৰিয়ালৰ সদস্যসকলে নাজানিছিল যে ৰোগীয়ে এই সকলোবোৰ বস্তু খাই আহিছে। 

প্ৰশ্নটো হ’ল কিছুমান মানুহে কিয় খোৱাৰ অনুপযুক্ত খাদ্য খায়?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই ৰোগটোক ‘পিকা’ (PICA) বুলি কোৱা হয়।

পিকা ৰোগ কি?
‘পিকা’ খোৱাৰ বিকাৰ থকা এজন ব্যক্তিয়ে খোৱাৰ অনুপযোগী বা কোনো পুষ্টি নোহোৱা বস্তু খায়। 

এই বিকাৰত ভুগি থকা ব্যক্তি এজন জীৱনৰ বিপদত পৰিব পাৰে কিয়নো তেওঁ জীৱনৰ বাবে বিপজ্জনক বস্তুও খাব পাৰে। এই ৰোগত আক্ৰান্ত লোকসকলে নিজকে বাধা দিব নোৱাৰে। নিয়ন্ত্ৰণহীন হৈ পৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ