--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ তাজগঞ্জৰ এটা মোগলযুগীয় মছজিদৰ ওপৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ অভিযোগত এঘাৰজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান সম্পূৰ্ণ কৰাৰ পাছতে সোঁপন্থী কৰ্মীসকলে উলিওৱা এটা শোভাযাত্ৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল৷ যাৰ ফলত স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছিল উত্তেজনাৰ৷

তাজগঞ্জ ষ্টেচন হাউচ অফিচাৰ জছবীৰ সিঙে কয়, মঙলবাৰে ১১জন লোকক ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ৫০৫ (বি), ৫০৫ (চি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আমি তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু গোচৰটোৰ তদন্ত চলি আছে৷

উল্লেখযোগ্য যে অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনৰ সোমবাৰে সন্ধিয়া উলিওৱা এক শোভাযাত্ৰাৰ অংশ হৈ থকা অভিযুক্তজনে শ্বাহি মছজিদত উঠি গেৰুৱা পতাকা উত্তোলন কৰি আৰু ধৰ্মীয় শ্ল’গান দিয়ে। ঘটনাটোৰ ঠিক পাছতে মুছলমান সম্প্ৰদায়ৰ স্থানীয় যুৱক-যুৱতীসকলে ঘটনাস্থলীত একত্ৰিত হৈছিল আৰু অঞ্চলটোত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা কাৰ্যত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁলোকৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়ে যে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। আৰু পৰৱৰ্তী সময়ত মছজিদৰ তত্ত্বাৱধায়কৰ অভিযোগৰ ভিত্তিত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু