--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ তাজগঞ্জৰ এটা মোগলযুগীয় মছজিদৰ ওপৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ অভিযোগত এঘাৰজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান সম্পূৰ্ণ কৰাৰ পাছতে সোঁপন্থী কৰ্মীসকলে উলিওৱা এটা শোভাযাত্ৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল৷ যাৰ ফলত স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছিল উত্তেজনাৰ৷

তাজগঞ্জ ষ্টেচন হাউচ অফিচাৰ জছবীৰ সিঙে কয়, মঙলবাৰে ১১জন লোকক ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ৫০৫ (বি), ৫০৫ (চি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আমি তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু গোচৰটোৰ তদন্ত চলি আছে৷

উল্লেখযোগ্য যে অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনৰ সোমবাৰে সন্ধিয়া উলিওৱা এক শোভাযাত্ৰাৰ অংশ হৈ থকা অভিযুক্তজনে শ্বাহি মছজিদত উঠি গেৰুৱা পতাকা উত্তোলন কৰি আৰু ধৰ্মীয় শ্ল’গান দিয়ে। ঘটনাটোৰ ঠিক পাছতে মুছলমান সম্প্ৰদায়ৰ স্থানীয় যুৱক-যুৱতীসকলে ঘটনাস্থলীত একত্ৰিত হৈছিল আৰু অঞ্চলটোত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা কাৰ্যত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁলোকৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়ে যে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। আৰু পৰৱৰ্তী সময়ত মছজিদৰ তত্ত্বাৱধায়কৰ অভিযোগৰ ভিত্তিত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক