--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামনগৰী অযোধ্যালৈ সোঁত বৈছে দেশ-বিদেশৰ ৰামভক্তৰ৷ প্ৰাণ প্ৰতিষ্ঠাৰ ৪৮ ঘণ্টা পাছত অযোধ্যাত দেখা গ’ল ব্যাপক জনসমুদ্ৰ৷ বালক ৰামৰ দৰ্শন পাবলৈ উন্মুখ হৈ পৰিছে লাখ লাখ ৰামভক্ত। মঙলবাৰে ৰামলালাৰ দৰ্শন পাবলৈ ভিৰ কৰিছিল ৫ লাখ দৰ্শনাৰ্থীয়ে। আজিও অপৰিৱৰ্তিত অযোধ্যাৰ পৰিস্থিতি। 

আজি ভক্তৰ বাবে ১৫ ঘণ্টা পৰ্যন্ত মুকলি কৰি দিয়া হ’ল ৰামলালাৰ দৰ্শনস্থলী। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অযোধ্যাত ব্যস্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰশাসনযন্ত্ৰ। সম্প্ৰতি অযোধ্যাতেই কেন্দ্ৰীভূত যোগী আদিত্যনাথৰ প্ৰশাসনযন্ত্ৰ। স্বয়ং মুখ্য সচিব, আইন শৃংখলা বিভাগৰ সঞ্চালকপ্ৰধানে তদাৰক কৰিছে পৰিস্থিতি৷ 

ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মন্দিৰ প্ৰাংগণত নিয়োগ কৰা হৈছে ৮ হাজাৰ নিৰাপত্তাৰক্ষী। ভক্তক ৰামলালা দৰ্শন কৰাবলৈ ব্যস্ত এইসকল নিৰাপত্তাৰক্ষী। মঙলবাৰে দৰ্শনাৰ্থীৰ অভাৱনীয় ভিৰৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছিল অযোধ্যাত। 

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই নিয়ন্ত্ৰণ কৰিছিল পৰিস্থিতি। আজিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুজ লৈছে পৰিস্থিতিৰ। অযোধ্যা দৰ্শনৰ বাবে ইচ্ছুক VVIPলৈ বিশেষ আহ্বান জনাইছে উত্তৰ প্ৰদেশ চৰকাৰে। 

অযোধ্যা ভ্ৰমণৰ কথা এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰক জনাবলৈ আহ্বান জনোৱা হৈছে৷ মন্দিৰলৈ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে৷ 

ইপিনে অযোধ্যাত ভক্তৰ সমানে ভিৰ বাঢ়িছে পকেটমাৰৰ। পকেটমাৰৰ সন্ত্ৰাসত সৰ্বস্বান্ত হৈছে ৰামলালা দৰ্শন কৰিবলৈ যোৱা একাংশ ভক্ত। আগন্তুক সময়ত উত্তৰ প্ৰদেশৰ পৰ্যটনক্ষেত্ৰলৈ অযোধ্যাই কঢ়িয়াই আনিব আমূল পৰিৱৰ্তন। SBIৰ গৱেষণা দলে প্ৰকাশ কৰা অনুসৰি ৰাম মন্দিৰকেন্দ্ৰিক পৰ্যটনে ধনী কৰিব উত্তৰ প্ৰদেশক। পৰ্যটনৰ পৰা আগন্তুক বছৰটোত ৪ লাখ কোটি আয় কৰিব উত্তৰ প্ৰদেশে। স্বাভাৱিকতেই ৰাম মন্দিৰক কেন্দ্ৰ কৰি ভাৰতত বৃদ্ধি পাব ধৰ্মীয় পৰ্যটনৰ পৰিসৰ। এইক্ষেত্ৰত মক্কা আৰু মদিনাকো অযোধ্যাই চেৰ পেলাব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক