--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামনগৰী অযোধ্যালৈ সোঁত বৈছে দেশ-বিদেশৰ ৰামভক্তৰ৷ প্ৰাণ প্ৰতিষ্ঠাৰ ৪৮ ঘণ্টা পাছত অযোধ্যাত দেখা গ’ল ব্যাপক জনসমুদ্ৰ৷ বালক ৰামৰ দৰ্শন পাবলৈ উন্মুখ হৈ পৰিছে লাখ লাখ ৰামভক্ত। মঙলবাৰে ৰামলালাৰ দৰ্শন পাবলৈ ভিৰ কৰিছিল ৫ লাখ দৰ্শনাৰ্থীয়ে। আজিও অপৰিৱৰ্তিত অযোধ্যাৰ পৰিস্থিতি। 

আজি ভক্তৰ বাবে ১৫ ঘণ্টা পৰ্যন্ত মুকলি কৰি দিয়া হ’ল ৰামলালাৰ দৰ্শনস্থলী। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অযোধ্যাত ব্যস্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰশাসনযন্ত্ৰ। সম্প্ৰতি অযোধ্যাতেই কেন্দ্ৰীভূত যোগী আদিত্যনাথৰ প্ৰশাসনযন্ত্ৰ। স্বয়ং মুখ্য সচিব, আইন শৃংখলা বিভাগৰ সঞ্চালকপ্ৰধানে তদাৰক কৰিছে পৰিস্থিতি৷ 

ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মন্দিৰ প্ৰাংগণত নিয়োগ কৰা হৈছে ৮ হাজাৰ নিৰাপত্তাৰক্ষী। ভক্তক ৰামলালা দৰ্শন কৰাবলৈ ব্যস্ত এইসকল নিৰাপত্তাৰক্ষী। মঙলবাৰে দৰ্শনাৰ্থীৰ অভাৱনীয় ভিৰৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছিল অযোধ্যাত। 

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই নিয়ন্ত্ৰণ কৰিছিল পৰিস্থিতি। আজিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুজ লৈছে পৰিস্থিতিৰ। অযোধ্যা দৰ্শনৰ বাবে ইচ্ছুক VVIPলৈ বিশেষ আহ্বান জনাইছে উত্তৰ প্ৰদেশ চৰকাৰে। 

অযোধ্যা ভ্ৰমণৰ কথা এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰক জনাবলৈ আহ্বান জনোৱা হৈছে৷ মন্দিৰলৈ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে৷ 

ইপিনে অযোধ্যাত ভক্তৰ সমানে ভিৰ বাঢ়িছে পকেটমাৰৰ। পকেটমাৰৰ সন্ত্ৰাসত সৰ্বস্বান্ত হৈছে ৰামলালা দৰ্শন কৰিবলৈ যোৱা একাংশ ভক্ত। আগন্তুক সময়ত উত্তৰ প্ৰদেশৰ পৰ্যটনক্ষেত্ৰলৈ অযোধ্যাই কঢ়িয়াই আনিব আমূল পৰিৱৰ্তন। SBIৰ গৱেষণা দলে প্ৰকাশ কৰা অনুসৰি ৰাম মন্দিৰকেন্দ্ৰিক পৰ্যটনে ধনী কৰিব উত্তৰ প্ৰদেশক। পৰ্যটনৰ পৰা আগন্তুক বছৰটোত ৪ লাখ কোটি আয় কৰিব উত্তৰ প্ৰদেশে। স্বাভাৱিকতেই ৰাম মন্দিৰক কেন্দ্ৰ কৰি ভাৰতত বৃদ্ধি পাব ধৰ্মীয় পৰ্যটনৰ পৰিসৰ। এইক্ষেত্ৰত মক্কা আৰু মদিনাকো অযোধ্যাই চেৰ পেলাব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু